তিনিচুকীয়া :তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ বিজুলীবনত ধাৰাবাহিকভাৱে পথাচাৰীক আক্ৰমণ কৰি আহিছে বাঘে । বৃহস্পতিবাৰে নিশাৰ আন্ধাৰত ইগৰাকীৰ পিছত সিগৰাকীকৈ লোকক বাঘে ধাৰাবাহিকভাৱে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে ।
প্ৰথমে তৰাণীৰ পৰা ফিল'বাৰী অভিমুখে গৈ থকা শ্ৰীমন্ত গোঁহাই নামৰ এজন লোকক বাঘে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে । তেওঁ কোনো মতে নিজৰ জীৱন ৰক্ষা কৰি পলায়ন কৰে । উক্ত লোকজনক বাঘে আক্ৰমণ কৰাৰ কিছুসময়ৰ পিছতেই পুনৰ ফিল'বাৰীৰ পৰা তৰাণীলৈ গৈ থকাৰ অৱস্থাত ৰহিণ মৰাণ নামৰ আন এজন যুৱকক আক্ৰমণ চলায় একেটা বাঘে ।
তিনিচুকীয়াৰ ফিল'বাৰীত অব্যাহত বাঘৰ আক্ৰমণৰ ঘটনা (ETV Bharat Assam) পৰৱৰ্তী সময়ত দুয়োজন লোকক স্থানীয় চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰি থকাৰ সময়তেই পূৰ্ণিমা মৰাণ নামৰ এগৰাকী মহিলাকো বাঘে পুনৰ আক্ৰমণ কৰে । বাঘৰ আক্ৰমণত আহত লোকসকলক ফিল’বাৰী প্ৰাথমিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় ।
তিনিচুকীয়া জিলাৰ ফিল'বাৰীৰ বিজুলীবন মধ্য ইংৰাজী বিদ্যালয়ৰ সমীপত থকা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যালয়ৰ নিচেই কাষৰ পথত বাঘে ধাৰাবাহিকভাৱে পথাচাৰীক এই আক্ৰমণ কৰে । ইফালে বাঘৰ ধাৰাবাহিক আক্ৰমণত এতিয়া চিন্তিত হৈছে স্থানীয় লোকসকল । আঘাতপ্ৰাপ্ত লোকসকলৰ লগতে স্থানীয় ৰাইজে বন বিভাগক উক্ত ঘটনাৰ গুৰুত্ব প্ৰদান কৰি বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ আহ্বান জনাইছে ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে কলিয়াবৰৰ বনাঞ্চলত এগৰাকী ব্যক্তিৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হৈছিল । ব্যক্তিজনক বাঘে আক্ৰমণ কৰি ভক্ষণ কৰাৰ সন্দেহ কৰা হয় । আনহাতে, এই ঘটনাৰ কেইদিনমান পিছত কলিয়াবৰৰ চাহ বাগিচাত পুনৰ এগৰাকী মহিলাক বাঘে আক্ৰমণ কৰে যদিও কথমপি তেওঁৰ জীৱন ৰক্ষা পৰে ।
বাগিচাত খৰি সংগ্ৰহ কৰি থকা অৱস্থাত যমুনা গ'ড় নামৰ মহিলাগৰাকীক বাঘে আক্ৰমণ কৰে । কিন্তু ওচৰত থকা স্বামী দিলীপ গ'ড়ে সাহসিকতাৰে বাঘৰ সৈতে যুঁজি পত্নীক বাঘৰ মুখৰ পৰা ৰক্ষা কৰে । বৰ্তমান তেওঁ স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।