বৰপেটা:বৰপেটাত শনিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে দ্বিতীয় বাৰ্ষিক ভাওনা সমাৰোহ । বৰপেটা শংকৰী সাংস্কৃতিক ভাওনা দলৰ উদ্যোগত আয়োজিত ভাওনা সমাৰোহত শনিবাৰে দুখন ভাওনা পৰিৱেশন কৰা হয় । মথুৰাদাস বুঢ়া আতা ৰংগক্ষেত্ৰত শনিবাৰৰ প্ৰথম দিনৰ প্ৰথমখন ভাওনা ‘‘পত্নী প্ৰসাদ’’ পৰিৱেশন কৰে শংকৰ-মাধৱ নাম সমিতি দহাটী বৰপেটাই আৰু দ্বিতীয়খন ভাওনা ‘‘নাগৰাজ বাসুকী’’ পৰিৱেশন কৰে জামুগুৰিহাটৰ মূঢ়াদল সাংস্কৃতিক গোষ্ঠীয়ে ।
উল্লেখ্য যে, এই সমাৰোহত মুঠ ছখন ভাওনা পৰিৱেশিত হ'ব । দেওবাৰে দ্বিতীয় দিনৰ প্ৰথমখন ভাওনা ‘‘পাৰিজাত হৰণ’’ পৰিৱেশন কৰিব শংকৰী সাংস্কৃতিক ভাওনা দলে আৰু দ্বিতীয়খন ‘‘বৰাহৰ পৃথিৱী উদ্ধাৰ’’ ভাওনা পৰিৱেশন কৰিব মাজুলীৰ গড়মূৰৰ জয়ধ্বনি শিল্পী সমাজে ।
২০ জানুৱাৰীত অৰ্থাৎ সোমবাৰে সমাৰোহৰ অন্তিম দিনা পৰিৱেশিত হ'বলগীয়া প্ৰথমখন ভাওনা হ'ল বৰপেটা সত্ৰৰ ‘‘কোটোৰা খেলা’’ আৰু দ্বিতীয়খন হ'ল কলিয়াবৰ সত্ৰ মহাসভাৰ ‘‘কংস বধ’’ । এই সমাৰোহত শনিবাৰে সন্ধিয়া উদ্বোধক হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱী ।
ইপিনে ভাওনা চাবলৈ কালি সন্ধিয়াৰ পৰা নিশালৈকে যথেষ্ট লোকৰ সমাগম হয় । এই সমাৰোহত উপস্থিত থকা সংগীত নাটক একাডেমী বটা প্ৰাপক শিল্পী গুণীন্দ্ৰ নাথ ওজাই কয়, "বৰপেটাত ভাওনাৰ চৰ্চাই নতুন উদ্যম লাভ কৰিছে । কণ কণ ল'ৰা-ছোৱালী ভাওনাৰ ক্ষেত্ৰখনত জড়িত হৈ পৰিছে । এয়া অতি শুভ লক্ষণ । ভাওনাৰ প্ৰসাৰ আৰু প্ৰচাৰ অধিক বিস্তাৰিত হ'ব লাগে ।"