অসম

assam

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 8:54 PM IST

ETV Bharat / state

অসাৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি, পূৰণ নহ’ল ব্ৰহ্মপুত্র বোৰ্ডৰ খালী পদ - Brahmaputra Board

Brahmaputra Board: ব্ৰহ্মপুত্ৰ বোৰ্ডত দীৰ্ঘদিন ধৰি খালী হৈ আছে অনুমোদিত ৪১৫ টা পদৰ বিপৰীতে ২৫০ টা পদ । অসমৰ ভয়াৱহ বান-খহনীয়া সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নাই কেন্দ্ৰৰ । ব্ৰহ্মপুত্র বোৰ্ডৰ খালী পদসমূহ পূৰণৰ ক্ষেত্ৰত উদ্যোগ নাই কেন্দ্ৰীয় চৰকাৰ । কেন্দ্ৰৰ প্ৰতিখন চৰকাৰে ব্ৰহ্মপুত্র বোৰ্ডক গতিশীল কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাত বৰ্তমান সময়ত অস্তিত্বহীন হৈ পৰিছে ব্ৰহ্মপুত্র বোৰ্ড ।

250 posts are lying vacant in Brahmaputra Board against the sanctioned 415 posts
বান-খহনীয়া নিয়ন্ত্ৰণৰ বাবে গঠন কৰা ব্ৰক্ষ্মপুত্র বোৰ্ড (ETV Bharat Assam)

গুৱাহাটী,২১ জুলাই: ৰাজ্যখনৰ ভয়াৱহ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে গঠন কৰা বিয়াগোম ব্ৰহ্মপুত্র বোৰ্ড এতিয়া নামতহে আছে । কাৰ্যক্ষেত্রত অস্তিত্বহীন স্বৰূপ হৈ পৰিছে । বৰভূমিকম্পৰ পাচত অসমত সৃষ্টি হোৱা ভয়াৱহ বান-খহনীয়াৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ পৰা ৰাজ্যখনক সুৰক্ষিত কৰিবলৈকে ১৯৮২ চনত কেন্দ্ৰীয় চৰকাৰে ব্ৰহ্মপুত্র বোৰ্ড গঠন কৰিছিল । কিন্তু দুর্ভাগ্যজনকভাৱে ব্ৰহ্মপুত্র বোৰ্ডে বান-খহনীয়া প্ৰতিৰোধৰ নামত বুজন পৰিমাণৰ পুঁজি অপব্যয় কৰাৰ বাদে একো কৰিব পৰা নাই ।

বছৰৰ পাচত বছৰ ধৰি ৰাজ্যবাসীয়ে বান-খহনীয়াৰ ভয়াৱহ পৰিস্থিতিৰে যুঁজ দি আহিছে । এই সমস্যাৰ কোনো সমাধান সূত্র ওলোৱা নাই । বৰং দিনক দিনে অসমৰ বান-খহনীয়াৰ সমস্যাটো আৰু অধিক জটিল হৈ পৰিছে । আনহাতে কেন্দ্ৰীয় চৰকাৰেও কোনো ধৰণৰ বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । বৰ্তমান জলশক্তি বিভাগৰ অধীনত থকা বোৰ্ডখনক লৈ চৰকাৰ অথবা বোৰ্ড কর্তৃপক্ষ কিমান দায়বদ্ধ সেয়া মহানগৰীৰ বশিষ্ঠস্থিত বৃহৎ কাৰ্যালয়টোৰ পৰিৱেশে ব্যক্ত কৰে ।

বিয়াগোম ব্ৰহ্মপুত্র বোৰ্ডৰ বৃহৎ মুখ্য কাৰ্যালয়টোত এতিয়া কাম কৰিবলৈ মানুহৰ অভাৱ । বিভাগীয় তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অনুমোদিত পদৰ সংখ্যা ৪১৫ টা । তাৰে ২৫০ টা পদেই বর্তমান খালী হৈ আছে । দীৰ্ঘদিনৰ পৰা এই বৃহৎ সংখ্যক পদ খালী হৈ আছে । কিন্তু এই পদসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালতে ব্ৰহ্মপুত্র বোৰ্ডৰ খালী পদসমূহ পূৰণ কৰা হ'ব বুলি কোৱা হৈছিল যদিও বাস্তৱ হৈ নুঠিল ।

ব্ৰহ্মপুত্র বোৰ্ডৰ তথ্য অনুসৰি ‘গ্রুপ এ’ৰ ৮০ টা পদৰ বিপৰীতে ৪০ টা পদেই খালী হৈ আছে । সেইদৰে 'গ্রুপ বি’ৰ ১৪৮ টা পদৰ বিপৰীতে ৭২ টা পদ দীৰ্ঘদিনৰ পৰা খালী হৈ আছে । তেনেদৰে ‘গ্ৰুপ চি’ৰ ১৮৭ টা পদৰ বিপৰীতে বহু পদ খালী হৈ আছে । তথ্য অনুসৰি অনুমোদিত ২৮১ পদত প্রত্যক্ষ নিযুক্তি হয় । আনহাতে ১৩৪ টা পদত ডেপুটেছনত নিযুক্তি হয় । বৰ্তমান প্ৰত্যক্ষ নিযুক্তিৰ পদবোৰৰ সমানে ডেপুটেছনৰ পদবোৰো খালী হৈ আছে ।

খালী থকা পদবোৰৰ ভিতৰত উপ-মুখ্য অভিযন্তাৰ বাবে আছে তিনিটা পদ । সেইদৰে অধীক্ষক অভিযন্তাৰ পাঁচটা পদ খালী হৈ আছে । কাৰ্যবাহী অভিযন্তাৰো ১৫ টা পদ খালী হৈ আছে । একেদৰে জ্যেষ্ঠ গাণনিক বিষয়াৰ এটা, গাণনিক বিষয়াৰ এটা আৰু মাগুলিক গাণনিকৰ পাঁচটা দীৰ্ঘদিনৰ পৰা খালী হৈ আছে । আনহাতে খালী হৈ থকা আন কেইটামান গুৰুত্বপূৰ্ণ পদৰ ভিতৰত আছে মিনিষ্টাৰিয়েল সহায়কৰ ১১ টা, আপাৰ ডিভিজনৰ ১৭ টা আৰু ছেকচন অফিচাৰৰ দুটা পদ ।

নাম প্ৰকাশত অনিচ্ছুক ব্ৰহ্মপুত্র বোৰ্ডৰ এগৰাকী বিষয়াই সদৰী কৰা অনুসৰি প্ৰথম অৱস্থাত ব্ৰহ্মপুত্র বোৰ্ডত অভাৱনীয় কেলেংকাৰী সংঘটিত হৈছিল । যাৰ ফলত যি লক্ষ্য আৰু উদ্দেশ্যৰে ব্ৰহ্মপুত্ৰ বোৰ্ড গঠন কৰা হৈছিল তাত বাধা পৰিছিল । আনহাতে একাংশ শীর্ষ বিষয়াৰ অবহেলা আৰু অমনোযোগিতাৰ বাবে ব্ৰহ্মপুত্র বোৰ্ডে উদ্দেশ্য পূৰণত ব্যৰ্থ হয়। ইফালে কেন্দ্ৰৰ প্ৰতিখন চৰকাৰে ব্ৰহ্মপুত্র বোৰ্ডক গতিশীল কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত বৰ্তমান সময়ত বোৰ্ডখন অস্তিত্বহীন হৈ পৰিছে ।

লক্ষ্যণীয় বিষয় যে ডেপুটেছনত নিযুক্তিৰ বাবে থকা পদ সমূহত বিষয়া আহিব নিবিচাৰে । ইয়াৰ ফলত খালী থকা পদৰ সংখ্যা বৃদ্ধি পাইছে আৰু কাৰ্যতঃ বৰ্তমান বোৰ্ডখন নামতেহে আছে । উল্লেখ্য যে ব্ৰহ্মপুত্ৰ বোৰ্ড হৈছে এক স্বায়ত্তশাসিত সংস্থা ।

যি ব্ৰহ্মপুত্ৰ উপত্যকাত বান ব্যৱস্থাপনা, খহনীয়া নিয়ন্ত্ৰণ, নিষ্কাশন ব্যৱস্থাপনা আৰু জল সম্পদ বিকাশ সম্পৰ্কীয় পৰিকল্পনা প্ৰস্তুত আৰু ৰূপায়ণৰ বাবে দায়বদ্ধ । ব্ৰহ্মপুত্ৰ ব'ৰ্ড আইন ১৯৮০ অনুসৰি জলসিঞ্চন মন্ত্ৰালয়ৰ (পিছত জল সম্পদ মন্ত্ৰালয় হিচাপে পুনৰ নামকৰণ কৰা হয়) অধীনত এই পৰিষদখন স্থাপন কৰা হৈছিল । ১৯৮২ চনৰ ১১ জানুৱাৰীৰ পৰা এই বোৰ্ডখনে কাম আৰম্ভ কৰে । গুৱাহাটীৰ বশিষ্ঠত ইয়াৰ মুখ্য কাৰ্যালয় ।

লগতে পঢ়ক:নদী ব্যৱস্থাপনাত যুগান্তকাৰী উদ্ভাৱন গুৱাহাটী আইআইটিৰ গৱেষকৰ

ABOUT THE AUTHOR

...view details