অসম

assam

ETV Bharat / state

১,৭৬৬ টা শিক্ষক পদ সৃষ্টি গণিতৰ স্নাতকৰ বাবে : কেবিনেটত লোৱা হ’ল আৰু কি কি সিদ্ধান্ত ? - Assam govt recruitment - ASSAM GOVT RECRUITMENT

Maths teacher appointment Assam : অসমৰ চৰকাৰী বিদ্যালয়ত নিযুক্তি দিয়া হ’ব ১,৭৬৬ গৰাকী গণিত বিভাগত স্নাতক শিক্ষক-শিক্ষয়িত্ৰীক ৷ পলিটেকনি আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়তো ২২১ টা নতুন পদ সৃষ্টি ৷ পৰিসৰ বৃদ্ধি পাব বি টি আৰৰ ৷

Maths teacher appointment Assam
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 9:49 PM IST

গুৱাহাটী, ৯ আগষ্ট : শুকুৰবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেবাটাও দিশত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । সংবাদমেলত মন্ত্ৰী ডাঃ ৰণোজ পেগু, অশোক সিংহল, জয়ন্ত মল্লবৰুৱা, বিমল বড়া আৰু পীযুষ হাজৰীকা উপস্থিত আছিল ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তসমূহ :

গণিতৰ স্নাতক শিক্ষক ১,৭৬৬ টা পদ সৃষ্টি :

কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ বিদ্যালয়সমূহত গণিতৰ স্নাতক শিক্ষক নিযুক্তি দিয়াৰ বাবে ১,৭৬৬ টা পদ সৃষ্টি কৰা হয় । গণিত বিষয়ৰ শিক্ষাৰ বাবে চৰকাৰে ১,৭৭৬ গৰাকী গণিতৰ স্নাতকক নিযুক্তি দিব । আজিৰ কেবিনেটে ইয়াৰ অনুমোদন জনায় । আগতে বিজ্ঞানৰ স্নাতক শিক্ষকে গণিত পঢ়ুৱাইছিল ।

পলিটেকনিক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ত ২২১ টা নতুন পদ :

ৰাজ্যৰ পলিটেকনিক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়কেইখনত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ২২১টা পদত নতুন নিযুক্তি দিয়াৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায় । গৱৰ্নিং বডিসমূহক এই নিযুক্তিৰ বাবে অনুমতি দিয়া হৈছে আজিৰ কেবিনেটত । এইসকলৰ দৰমহা চৰকাৰে বাজেটৰ পৰা দিব ।

বি টি আৰত নতুনকৈ অন্তৰ্ভুক্ত ১৬খন গাঁও :

বড়ো চুক্তি অনুসৰি শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ৬০খন গাঁও বি টি আৰত অন্তৰ্ভুক্ত হ’ব । ইতিমধ্যে ৪১ খন গাঁও বি টি আৰত অন্তৰ্ভুক্ত হৈছে । বাকী থকা ১৯ খন গাঁৱৰ ভিতৰত আজিৰ কেবিনেটে ১৬খন গাঁও অন্তৰ্ভুক্ত কৰাৰ বাবে অনুমোদন জনায় । বাকী থকা তিনিখন গাঁৱৰ বড়ো লোকৰ জনসংখ্যা চাই সিদ্ধান্ত লোৱাৰ বাবে আজিৰ কেবিনেটে মুখ্যমন্ত্ৰীক দায়িত্ব দিয়ে ।

জি এছ টিৰ ক্ষেত্ৰত ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে বিশেষ সিদ্ধান্ত :

ক্ষুদ্ৰ ব্যৱসায়ক লৈ আজিৰ কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বিশেষকৈ জি এছ টি জাননী প্ৰেৰণক লৈ কেবিনেটত সিদ্ধান্ত লোৱা হৈছে । কোনোধৰণৰ সীমা নথকাৰ বাবে ৰাজ্যৰ ১,১১,১৪৮ গৰ‍াকী ব্যৱসায়ীলৈ জি এছ টি টেক্স ৰিয়েলাইজেচন নটিচ জাৰি কৰা হৈছিল । যাক লৈ ৰাজ্যজুৰি প্ৰতিবাদো হৈছে । যাৰ পৰিপ্ৰেক্ষিতত কেবিনেটে গঠন কৰি দিছিল মন্ত্ৰী পৰ্যায়ৰ সমিতি । সমিতিখনে সকলো পৰ্যালোচনা কৰি দিয়া পৰামৰ্শৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । আজিৰ কেবিনেটে ৫ লাখৰ তলৰ টেক্স ভেল্যুৰ ক্ষেত্ৰত ক্ষুদ্ৰ ব্যৱসায়ীসকলক জি এছ টি টেক্স ৰিয়েলাইজেচন নটিচৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ ফলত নটিচ লাভ কৰা ৯০ হাজাৰ ব্যৱসায়ী উপকৃত হ'ব । জি এছ টিৰ ধাৰা ১৬১ অনুসৰি অসম চৰকাৰে নিজৰ অধিকাৰত এই সিদ্ধান্ত গ্ৰহণ কৰে । ৫ লাখৰ ওপৰৰ ক্ষেত্ৰত এই ৰেহাই দিয়া হোৱা নাই ।

মাতৃভাষা মাধ্যমৰ গুণগত বেচৰকাৰী বিদ্যালয়ক লৈ কেবিনেটৰ সিদ্ধান্ত :

স্থানীয় মাধ্যমৰ ব্যক্তিগত বিদ্যালয়ক লৈ আজিৰ কেবিনেটত বিশেষ চিন্তা-চৰ্চা কৰা হয় । ৰাজ্যৰ নীতি-নিয়মত হোৱা উচ্চ মানবিশিষ্ট মাতৃভাষা মাধ্যমৰ প্ৰাইভেট বিদ্যালয়ৰ ২৫ শতাংশ আসন চৰকাৰে লোৱাৰ চিন্তা-চৰ্চা কৰিছে । এই ২৫ শতাংশ আসনৰ মাচুল ৰাজ্য চৰকাৰে বহন কৰিব । এই আসনত দৰিদ্ৰ শিক্ষাৰ্থীক গুণগত শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে । এই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ বাবে আজিৰ কেবিনেটে শিক্ষা বিভাগক নিৰ্দেশ দিয়ে । কেৱল মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰতহে এয়া প্ৰযোজ্য হ'ব । ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব ।

মৰাণ-মটক স্বায়ত্তশাসিত পৰিষদৰ সদস্য বৃদ্ধি :

আজিৰ কেবিনেটে মৰাণ আৰু মটক স্বায়ত্তশাসিত পৰিষদৰ সদস্য বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি পৰিষদৰ বৰ্তমানৰ সদস্য সংখ্য ২২ৰ পৰা ২৭লৈ বৃদ্ধি কৰা হয় ।

লগতে পঢ়ক :আৰোহণৰ অধীনত বৰপেটাত ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় : জিলা আয়ুক্ত-আৰক্ষী অধীক্ষকৰ অংশগ্ৰহণ

ABOUT THE AUTHOR

...view details