স্প’ৰ্টছ ডেস্ক:বুধবাৰৰ পৰা আৰম্ভ হ’ব জিম্বাব’ৱে আৰু আফগানিস্তানৰ মাজৰ তিনিখন মেচৰ টি-20 শৃংখলা ৷ যাৰ বাবে আফগানিস্তানৰ ক্ৰিকেট দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে ৰছিদ খানক ৷ বিপৰীতে একে দায়িত্ব অৰ্পণ কৰা হৈছে জিম্বাব’ৱেৰ ছিকন্দৰ ৰাজাক ।
এই ভ্ৰমণৰ সময়ত আফগানিস্তানে 3 খন টি-20, তিনিখন এদিনীয়া আৰু দুখন টেষ্ট মেচত অংশগ্ৰহণ কৰিব ৷
এই শৃংখলাটো আলহী দলটোৰ বাবে গুৰুত্বপূৰ্ণ হ’ব, কিয়নো তেওঁলোকে আগন্তুক আই চি চি চেম্পিয়নছ ট্ৰফী 2025 ৰ বাবে নিজকে প্ৰস্তুত কৰি আছে । শেহতীয়াকৈ পাকিস্তানক আতিথ্য দিয়াৰ পিছত বৰ্তমানে জিম্বাব’ৱেই আফগান ক্ৰিকেট দলক আতিথ্য প্ৰদান কৰিছে ।
জিম্বাব’ৱে বনাম আফগানিস্তান মুখামুখি
জিম্বাব’ৱে আৰু আফগানিস্তানে টি-20 ত এতিয়ালৈকে 15 খন মেচত মুখামুখি হৈছে । ইয়াৰে মাত্ৰ এখন মেচত জিম্বাব’ৱে জয়লাভ কৰাৰ বিপৰীতে আফগানিস্তানে 14 বাৰ জয়ৰ সোৱাদ লাভ কৰিছে ৷ পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত শেহতীয়া শৃংখলাত জিম্বাব’ৱে 2-1 ব্যৱধানত পৰাজয়ৰ সন্মুখীন হৈছিল যদিও এইবাৰ আফগানিস্তানৰ বিৰুদ্ধে ভাল ফলাফল লাভ কৰাৰ আশা প্ৰকাশ কৰিছে ৷
জিম্বাব’ৱে বনাম আফগানিস্তানৰ টি-20 শৃংখলা
হাৰাৰে স্প’ৰ্টছ ক্লাবত বুধবাৰৰে পৰা অনুষ্ঠিত হ’ব জিম্বাব’ৱে আৰু আফগানিস্তানৰ মাজত এদিনীয়া আৰু টি-20 শৃংখলা । 11, 13 আৰু 14 ডিচেম্বৰত তিনিখন টি-20 মেচৰে আৰম্ভ হ’ব এই শৃংখলা ৷ তাৰপিছত ক্ৰমে 17, 19 আৰু 21 ডিচেম্বৰত শৃংখলাৰ তিনিখন এদিনীয়া মেচ অনুষ্ঠিত হ’ব ।
জিম্বাব’ৱে বনাম আফগানিস্তানৰ মাজত প্ৰথমখন টি-20 মেচ কেতিয়াৰ পৰা আৰম্ভ হ’ব ?