স্প’ৰ্টছ ডেস্ক: আকৌ এটা বছৰে সময়ৰ পৃষ্ঠা সলাবলৈ গতি কৰিছে । এই বছৰটো ভাৰতৰ বাবে বিভিন্ন ক্ষেত্ৰত সফলতা-বিফলতাৰে পৰিপূৰ্ণ আছিল । ক্ৰীড়া ক্ষেত্ৰতো ভাৰতে এই বৰ্ষত বিভিন্ন ঘটনা-পৰিঘটনাৰ সাক্ষী হৈছে । 2024 চনত বহুকেইখন মেচত অংশগ্ৰহণ কৰিছে টীম ইণ্ডিয়াই ৷ দলটোৱে এই সময়ত সাক্ষী হৈ ৰৈছে বহু উত্থান-পতনৰো ৷ যাৰ ভিতৰত অন্যতম হৈছে ভাৰতৰ টি-20 বিশ্বকাপ জয় ।
অৱশ্যে টীম ইণ্ডিয়াই নিউজীলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত হোৱাইট ৱাশ্বৰ সন্মুখীন হ'বলগা হয়, যিটো আছিল মেন ইন ব্লুৰ বাবে বছৰটোৰ সবাতোকৈ অনাকাংক্ষিত ঘটনা । আনহাতে, এই বছৰটোতে কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰে নিজৰ কেৰিয়াৰৰ সামৰণি মৰাৰ লগতে 12.5 নিযুতৰো অধিক জনসংখ্যাৰ দেশখনে বিশ্বকাপ জয়ৰ আনন্দত মতলীয়া হয় ৷
এনেধৰণৰ বহু উল্লেখযোগ্য ঘটনাৰে ভৰি আছে 2024 বৰ্ষৰ ভাৰতীয় ক্ৰিকেট জগত ৷ বছৰটোৰ বিভিন্ন উল্লেখনীয় পৰিঘটনা সামৰি এক বিশেষ প্ৰতিবেদন ।
দ্বিতীয়বাৰৰ বাবে টি-20 বিশ্বকাপৰ খিতাপ
প্ৰাপ্তিৰ আনন্দ সদায়ে সুখকৰ । তাতে যদি সেই প্ৰাপ্তি সুদীৰ্ঘ সময়ৰ কঠোৰ পৰিশ্ৰমৰ পিছত আহে, ই অতি বিশেষ হৈ পৰে । ভাৰতীয় ক্ৰিকেট দলে ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত টি-20 বিশ্বকাপ, 2024-ত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ সময়তে অপেক্ষা কৰি আছিল বিশ্বকাপ ট্ৰফী জয়ৰ 10 বছৰীয়া অপেক্ষাৰ অন্ত পেলাবলৈ ।
অৱশেষত সেই সফলতা অৰ্জন কৰে টীম ইণ্ডিয়াই । টি-২০ বিশ্বকাপৰ ট্ৰফীত দ্বিতীয়বাৰৰ বাবে সাফল্যৰ চুম্বন অংকন কৰে ভাৰতীয় ক্ৰিকেট দলে । মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বাবে এয়া আছিল এক ডাঙৰ কৃতিত্ব । কিয়নো এই ভূমিতে এবাৰ বিফল হোৱা দ্ৰাবিড়ে এইবাৰ ভাৰতীয় দলক বিশ্বকাপ জয়ত অৰিহণা আগবঢ়ায় ৷
উল্লেখ্য যে ৰাহুল দ্ৰাবিড়ৰ অধিনায়কত্বত ভাৰতীয় ক্ৰিকেট দলটো 2007 চনৰ এদিনীয়া বিশ্বকাপ জয়ৰ দৌৰৰ পৰা বাহিৰ ওলাইছিল । তাৰ পিছত তেওঁৰ আন এক নেতৃত্বত এই সফলতা নিশ্চিতভাৱে দ্ৰাবিড়ৰ বাবে এক বিশেষ সন্মান । প্ৰতিযোগিতাখনত ৰোহিত শৰ্মা দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় ৷ আনহাতে, অৰ্শদীপ সিং আৰু যশপ্ৰীত বুমৰাহে ভাৰতীয় দলৰ হৈ সৰ্বাধিক উইকেট দখল কৰে ৷
2024 বৰ্ষৰ আই পি এল খিতাপ কে কে আৰলৈ; ঋষভ পণ্ট নিলামৰ বহুমূলীয়া খেলুৱৈ
আই পি এল, 2024-ৰ খিতাপ জয়েৰে কলকাতা নাইট ৰাইডাৰ্ছে তৃতীয়বাৰৰ বাবে প্ৰতিযোগিতাখনৰ চেম্পিয়ন হয় ৷ শ্ৰেয়ছ আয়াৰৰ অধিনায়কত্বত আৰু গৌতম গম্ভীৰৰ নিৰ্দেশনাত দলটোৱে ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰে ৷ সুনীল নাৰিন দলটোৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে বৰুণ চক্ৰৱৰ্তীয়ে দখল কৰে সৰ্বাধিক উইকেট ৷ আনহাতে, আই পি এল, 2025-ৰ পূৰ্বে অনুষ্ঠিত মেগা নিলামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে (এল এছ জি) 27 কোটি টকা মূল্যত ক্ৰয় কৰে ঋষভ পণ্টক । ইয়াৰ লগে লগে পণ্টে আই পি এল ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে অভিলেখ ৰচে ৷
টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বভাৰ গৌতম গম্ভীৰৰ কান্ধত
টি-২০ বিশ্বকাপ, ২০২৪-ৰ পিছতে এসময়ত 'দ্য ৱাল' নামেৰে পৰিচিত ৰাহুল দ্ৰাবিড়ৰ মুখ্য প্ৰশিক্ষকৰ কাৰ্যকাল সমাপ্ত হয় । ইয়াৰ পিছত এই গুৰু দায়িত্ব প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰক অৰ্পণ কৰা হয় । গম্ভীৰৰ তত্ত্বাৱধানতে কে কে আৰে আই পি এল, ২০২৪ খিতাপ জয় কৰাত মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰাত প্ৰাক্তন ভাৰতীয় অপেনাৰগৰাকী আনসকলৰ তুলনাত এই দৌৰত আগবাঢ়ি যায় ।