হায়দৰাবাদ: মহিলা প্ৰিমিয়াৰ লীগ (WPL)ৰ দুটা সফল ছিজনৰ পিছত তৃতীয় সংস্কৰণৰ বাবে সাজু হৈছে । WPL 2025 ৰ নিলাম প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে । নিলামৰ পিছতে বি চি চি আইয়েও প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে দুখন চহৰ চৰ্টলিষ্ট কৰিছে । শেহতীয়া প্ৰতিবেদন অনুসৰি এই প্ৰতিযোগিতাখন ৬ বা ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব পাৰে । এই অনুসৰি এইবাৰ বৰোদা আৰু লক্ষ্ণৌত খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে বি চি চি আইয়ে এতিয়াও তাৰিখ আৰু স্থান সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই ।
বৰোদাত ফাইনেল অনুষ্ঠিত হ’ব পাৰে:
ক্ৰিকবাজৰ প্ৰতিবেদন অনুসৰি বি চি চি আইয়ে ডব্লিউ পি এলৰ তৃতীয় ছিজনৰ বাবে বৰোদা আৰু লক্ষ্ণৌক চৰ্টলিষ্ট কৰিছে । প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে উত্তৰ প্ৰদেশ ক্ৰিকেট সন্থা আৰু বৰোদা ক্ৰিকেট সন্থাৰ সৈতে আলোচনা আৰম্ভ কৰিছে । বি চি চি আইয়ে হয়তো অতি সোনকালে এই দুখন চহৰক খেলৰ ভেন্যু হিচাপে ঘোষণা কৰিব পাৰে । প্ৰতিবেদন অনুসৰি বৰোদাত দ্বিতীয় পৰ্যায়ৰ WPLৰ পৰিকল্পনা কৰা হৈছে ।
WPL ৰ চূড়ান্ত খেলখন ৮ মাৰ্চ অথবা ৯ মাৰ্চত অনুষ্ঠিত হ’ব আৰু বৰোদাত এই খেলখন অনুষ্ঠিত হোৱাৰ সম্ভৱনা আছে । শেহতীয়াকৈ বৰোডাৰ কোটাম্বি ষ্টেডিয়ামত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সুবিধা উপলব্ধ কৰা হৈছিল । ইয়াৰ পিছত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলে এই খেলপথাৰত ৩ খন এদিনীয়া খেলত অৱৰ্তীণ হৈছিল । ইয়াৰ উপৰিও এই খেলপথাৰত ছিনিয়ৰ মহিলা টি-২০ প্ৰতিযোগিতাৰ বহু মেচো অনুষ্ঠিত হৈছে । কিছু ৰঞ্জী ট্ৰফীৰ খেলো ইয়াত খেলা হৈছে ।