অসম

assam

ETV Bharat / sports

অথলে গ'ল ৰিচা ঘোষৰ সংগ্ৰাম, প্লে অফত স্থান লাভ দিল্লী কেপিটেলছৰ - DC beat RCB

DC beat RCB : দিল্লী কেপিটেলছে ৰয়েল চেলেঞ্জাৰ বেংগালুৰুক ১ ৰাণত পৰাস্ত কৰে । প্লে অফত স্থান নিশ্চিত কৰে দিল্লীয়ে । আৰচিবিক জয়ী হ'বলৈ অন্তিম বলত ২ ৰাণৰ প্ৰয়োজন আছিল । ৰিচা ঘোষৰ কঠোৰ পৰিশ্ৰমৰ পিচতো আৰচিবি খেলখন জয়ী হ'ব নোৱাৰিলে ।

DC beat RCB
প্লে অফত স্থান লাভ দিল্লী কেপিটেলছৰ

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 7:50 AM IST

স্পৰ্টছ ডেস্ক, ১১ মাৰ্চ :সম্প্ৰতি উইমেন প্ৰিমিয়াৰ লীগ (ডব্লিউপিএল) চলি আছে । আইপিএলৰ সমান্তৰালকৈ ডব্লিউপিএলৰো প্ৰতিখন খেলে অতি ৰোমাঞ্চকৰ দেখা গৈছে । দেওবাৰৰ দিনটোতো এখন শ্বাসৰুদ্ধকৰ মেচ উপভোগ কৰে ক্ৰিকেটপ্ৰেমীয়ে ।

ৰয়েল চেলেঞ্জাৰ বেংগালুৰু আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ খেলখন । য'ত মাত্ৰ ১ ৰাণত দিল্লী কেপিটেলছ জয়ী হৈ প্লে অফত স্থান লাভ কৰে । খেলখনত জয়ী হ'বলৈ ৰয়েল চেলেঞ্জাৰ বেংগালুৰুক অন্তিম বলটোত ২ ৰাণৰ প্ৰয়োজন আছিল । বেংগালুৰুৰ ৰিচা ঘোষে ৫১ ৰাণৰ এক সংগ্ৰামমূলক ইনিংছ খেলাৰ পিচত অন্তিম বলটোত ৰাণ আউট হয় । লগে লগে দিল্লী কেপিটেলছ এক ৰাণত জয়ী হয় আৰু প্লে অফত স্থান নিশ্চিত কৰে ।

দিল্লী কেপিটেলছে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল । দিল্লীৰ হৈ জেমিমা ৰড্ৰিগছে ৩৬ টা বলত ৫৮ ৰাণ আৰু এলিচ কেপচিয়ে ৩২ টা বলত ৪৮ ৰাণ সংগ্ৰহ কৰে । তেওঁলোকৰ ইনিংছৰ বাবে দিল্লীয়ে ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৮১ ৰাণ সংগ্ৰহ কৰে ।

ইফালে আৰচিবি বেটিং কৰিবলৈ আহি ১২ অভাৰলৈ ৯৩ ৰাণ সংগ্ৰহ কৰে । এলিজ পেৰীয়ে অৰ্ধশতক অৰ্জন কৰাৰ সুযোগ হেৰুৱাই আৰু ৪৯ ৰাণত আউট হয় । আৰচিবিৰ ছফি ডেভাইনেও ১৬ টা বলত ২৬ ৰাণ সংগ্ৰহ কৰাৰ পিচত আউট হয় । ৰিচা ঘোষে আৰচিবিৰ হৈ সংগ্ৰাম কৰে আৰু দলটোক বিজয়ৰ ওচৰলৈ লৈ যায় ।

অন্তিম অভাৰত এটা ডট-বলৰ পিচত দিশা দ্বিতীয় ৰাণ লোৱাৰ বাবে আৰু ৰিচা ঘোষক ষ্ট্ৰাইক দিবলৈ চেষ্টা কৰাৰ সময়তে ৰাণ আউট হয় । ঘোষে চতুৰ্থ বলটোত দুই ৰাণ সংগ্ৰহ কৰে আৰু তাৰ পিচত পৰৱৰ্তী বলত এটা ছিক্সাৰ কোবাই অৰ্ধশতক সম্পূৰ্ণ কৰে ।

আৰচিবিক অন্তিম বলত জয়ী হ'বলৈ দুই ৰাণৰ প্ৰয়োজন আছিল, কিন্তু ৰিচাই সেয়া কৰিব নোৱাৰিলে । অধিনায়ক স্মৃতি মান্ধানাই আৰচিবিৰ হৈ মাত্ৰ ৫ ৰাণ সংগ্ৰহ কৰে । তেওঁক কেপচিয়ে দ্বাৰা এলবিডব্লিউ আউট কৰে । জেমিমা ৰড্ৰিগছে ৮ টা চাৰিৰ সহায়ত ২৬ টা বলত অৰ্ধশতক অৰ্জন কৰে । আৰচিবিৰ হৈ শ্ৰেয়াংকা পাটিলে ২৬ ৰাণত ৪ টা উইকেট দখল কৰে ।

লগতে পঢ়ক :২২ মাৰ্চৰ পৰা আৰম্ভ ক্ৰিকেটৰ মহাৰণ আই পি এল; উদ্বোধনী মেচত CSK বনাম RCB

ABOUT THE AUTHOR

...view details