স্পৰ্টছ ডেস্ক, ১৬ মাৰ্চ :২০২৪ বৰ্ষৰ মহিলা প্ৰিমিয়াৰ লীগৰ চূড়ান্ত মেচখন অহা দেওবাৰে অনুষ্ঠিত হ'ব। এই মেচখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আৰু দিল্লী কেপিটেলছে। শুকুৰবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অনুষ্ঠিত এলিমিনেটৰ্ছৰ প্ৰতিদ্বন্দ্বিতাত আৰচিবিয়ে ৫ ৰাণত জয়লাভ কৰে । প্ৰথমে বেটিং কৰি থকা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৩৫ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছ ২০ অভাৰত মাত্ৰ ১৩০ ৰাণতে থমকি ৰয় আৰু দ্বিতীয়বাৰৰ বাবে ডব্লিউপিএলৰ ফাইনেলত প্ৰৱেশৰ আশা মষিমূৰ হয় । আনহাতে, মেচখনত ৫ ৰাণত জয়ী হৈ আৰচিবিয়ে ডব্লিউপিএলৰ দ্বিতীয় সংস্কৰণৰ ফাইনেলত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰে ।
আৰচিবিৰ হৈ এলিচ পেৰীয়ে পুনৰবাৰ উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰে । তেওঁ ৫০ টা বলত ৮ টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৬০ ৰাণ সংগ্ৰহ কৰে । আনহাতে, এলিচ পেৰীৰ বাহিৰে বাংগালোৰৰ কোনো বেটছমেনে ক্ৰীজত দৃঢ়তা প্ৰদৰ্শন কৰিব নোৱাৰিলে । অধিনায়ক স্মৃতি মান্ধানায়ো বিফল হয় । তেওঁৰ বেটৰ পৰা আহে ১০ ৰাণ । ইয়াৰ উপৰি ছফিয়ে ১০ আৰু ৰিচা ঘোষে ১৪ ৰাণ সংগ্ৰহ কৰে ।
আনহাতে, বাংগালোৰৰ ১৩৬ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰি মুম্বাই ইণ্ডিয়ানছে প্ৰথম ৩ অভাৰত উইকেট হেৰুৱাই ২২ ৰাণ সংগ্ৰহ কৰে । মুম্বাইৰ হৈ অধিনায়ক হৰমনপ্ৰীত কৌৰে সৰ্বাধিক ৩৩ ৰাণ সংগ্ৰহ কৰে । এটা সময়ত এমআয়ে অনায়াসে মেচখনত জয়লাভ কৰিব বুলি আশা কৰা হৈছিল যদিও 18 নম্বৰ অভাৰত তেওঁ আউট হোৱাৰ পিছত গোটেই মেচখনৰ ধাৰা সলনি হয় আৰু বাংগালোৰৰ দিশে গতি কৰে । অন্তিম অভাৰত মুম্বাইক জয়ৰ বাবে ৬ টা বলত ১২ ৰাণৰ প্ৰয়োজন হৈছিল। সেই সময়ত ক্ৰীজত আছিল পূজা বস্ত্ৰকৰ আৰু এমেলিয়া কাৰ । কিন্তু চতুৰ্থটো বলত বস্ত্ৰকৰ আউট হয় । অন্তিম বলটোত জয়ৰ বাবে 7 ৰাণৰ প্ৰয়োজন আছিল । কিন্তু মুম্বাইয়ে মাত্ৰ 2 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।