অসম

assam

ETV Bharat / sports

ঐতিহাসিক লৰ্ডছৰ খেলপথাৰত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল - WORLD TEST CHAMPIONSHIP FINAL MATCH

WTC final match date: আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে ঘোষণা কৰিছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ(2023-25)ৰ সকলো কাৰ্যসূচী ৷ সেই অনুসৰি, লৰ্ডছত প্ৰথমবাৰৰ বাবে ডব্লিউ টি চি ফাইনেল আয়োজন ৷ পঢ়ক বিতং খবৰ...

By ETV Bharat Sports Team

Published : Sep 3, 2024, 5:15 PM IST

WORLD TEST CHAMPIONSHIP FINAL MATCH
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ট্ৰফী (ANI OP)

স্প’ৰ্টছ ডেস্ক, 3 ছেপ্টেম্বৰ: আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে 2023-25 বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ তাৰিখ ঘোষণা কৰিছে । আই চি চিয়ে ফাইনেলৰ তাৰিখ ঘোষণা কৰি কৈছে যে তৃতীয় সংস্কৰণৰ ফাইনেল মেচখন ঐতিহাসিক লৰ্ডছত 11 জুনত অনুষ্ঠিত হ’ব ৷ এই হাই প্ৰফাইল মেচসমূহ 11 জুনৰ পৰা 15 জুনৰ ভিতৰত অনুষ্ঠিত হ’ব ৷ ফাইনেল মেচখনৰ বাবে 16 জুনত এটা সংৰক্ষিত দিনো ৰখা হৈছে ।

লৰ্ডছত প্ৰথমবাৰৰ বাবে ডব্লিউ টি চি ফাইনেল আয়োজন কৰা হৈছে । পূৰ্বে কেনিংটন অভেলে 2021 আৰু 2023 চনত ডব্লিউ টি চি সংস্কৰণৰ ফাইনেল আয়োজন কৰিছিল ৷ এই মেচ দুখনত ক্ৰমে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে জয় লাভ কৰিছিল । ফাইনেল মেচখন পইণ্ট তালিকাৰ শীৰ্ষ দুটা দলৰ মাজত অনুষ্ঠিত হ’ব ৷ সম্প্ৰতি ভাৰত এই তালিকাৰ শীৰ্ষস্থানত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়া আছে দ্বিতীয় স্থানত ৷

আই চি চিৰ মুখ্য কাৰ্যবাহী বিষয়া জিঅ’ফ এলাৰ্ডিচে মন্তব্য কৰিছে যে, বহু প্ৰত্যাশিত এই শৃংখলাৰ বাবে সমৰ্থকৰ ব্যাপক সমৰ্থন আশা কৰা হৈছে । এলাৰ্ডিচে কয়, "আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেল ক্ৰিকেট কেলেণ্ডাৰৰ আটাইতকৈ প্ৰত্যাশিত ইভেণ্টসমূহৰ ভিতৰত এটা হৈ পৰিছে ৷ আমি 2025 সংস্কৰণৰ দিন ঘোষণা কৰি আনন্দিত হৈছো" ।

"ই টেষ্ট ক্ৰিকেটৰ স্থায়ী আবেদনৰ প্ৰমাণ, যি সমগ্ৰ বিশ্বৰ অনুৰাগীসকলক আকৰ্ষিত কৰে । টিকটৰ যথেষ্ট চাহিদা থাকিব, সেয়েহে মই অনুৰাগীসকলক তেওঁলোকৰ আগ্ৰহ এই মুহূৰ্তত ব্যক্ত কৰিবলৈ উৎসাহিত কৰিম, যাতে তেওঁলোকে অহা বছৰ চূড়ান্ত মেচসমূহ উপভোগ কৰিবলৈ সুযোগ লাভ কৰে" বুলি এলাৰ্ডিচে লগতে কয় ৷

যদিও ভাৰত আৰু অষ্ট্ৰেলিয়াৰ স্থান পইণ্ট তালিকাৰ শীৰ্ষত আছে, তথাপিও দলবোৰৰ মাজত পইণ্টৰ বেছি ব্যৱধান নাই ৷ এই তালিকাত তৃতীয় স্থানত নিউজিলেণ্ড থকাৰ বিপৰীতে চতুৰ্থ স্থানত আছে বাংলাদেশ । ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা ক্ৰমে তালিকাৰ পঞ্চম আৰু ষষ্ঠ স্থানত আছে ।

লগতে পঢ়ক:পত্নী মিছেছ ইণ্ডিয়া, স্বামী আই এ এছ বিষয়া: ব্যস্ততাৰ মাজতো পেৰিছ পেৰালিম্পিকত ৰূপৰ পদক অৰ্জন - PARIS PARALYMPIC 2024

ABOUT THE AUTHOR

...view details