অসম

assam

ETV Bharat / sports

বিশ্বকাপৰ ছেমি ফাইনেলৰ দিশে ভাৰত; শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ জয়

IND W vs SL W Result: বুধবাৰে অনুষ্ঠিত মহিলা বিশ্বকাপৰ এখন মেচত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ জয় ৷

By ETV Bharat Sports Team

Published : 6 hours ago

ICC WOMENS T20 WORLD CUP 2024
ভাৰতৰ মহিলা ক্ৰিকেট দলটোৰ একাংশ খেলুৱৈ (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 10 অক্টোবৰ:আই চি চি মহিলা টি 20 বিশ্বকাপ 2024 ৰ তৃতীয়খন মেচত টীম ইণ্ডিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে জয় লাভ কৰে ৷ 82 ৰাণৰ ব্যৱধানত শ্ৰীলংকাক পৰাস্ত কৰি ভাৰতে ছেমি ফাইনেলত উপনীত হোৱাৰ আশা সজীৱ কৰি ৰাখিছে ৷

প্ৰথমে বেটিং কৰিবলৈ অহা ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 3 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 172 ৰাণ ৷ প্ৰত্যুত্তৰত শ্ৰীলংকাই মাত্ৰ 90 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

চলিচ বিশ্বকাপত ভাৰতৰ এয়া দ্বিতীয়টো জয় । ইয়াৰ পূৰ্বে টীম ইণ্ডিয়াই পাকিস্তানক পৰাস্ত কৰিছিল যদিও প্ৰথমখন মেচত দলটো নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছিল । যাৰ বাবে ছেমি ফাইনেলত উপনীত হোৱাটো টীম ইণ্ডিয়াৰ বাবে কিছু প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰে ৷

ভাৰতৰ স্মৃতি মন্ধানা আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰৰ অৰ্ধশতকৰ সহায়তে দলটোৱে সংগ্ৰহ কৰে 172 ৰাণ ৷ মন্ধানাই 4 টা চাৰি আৰু এটা ছয়ৰ সহায়ত 38 টা বলত সংগ্ৰহ কৰিছিল 50 ৰাণ ৷ আনহাতে, হৰমনপ্ৰীতে এটা ছয় আৰু 8 টা চাৰিৰ সহায়ত 27 টা বলত 52 ৰাণ সংগ্ৰহ কৰে । দলৰ আন সদস্যসকল ক্ৰমে শ্বেফালী বাৰ্মাই 43, জেমিমা ৰড্ৰিগছে 16 আৰু ৰিচা ঘোষে 6 ৰাণ সংগ্ৰহ কৰে ।

ভাৰতৰ বলিং শক্তিৰ তৰফৰ পৰা অৰুন্ধতী ৰেড্ডী আৰু আশা শোভানাৰ প্ৰত্যেকেই দখল কৰে 3 টাকৈ উইকেট ৷ তদুপৰি ৰেণুকা সিঙে দুটা আৰু শ্ৰেয়ংকা পাটিল আৰু দীপ্তি শৰ্মাই ক্ৰমে এটাকৈ উইকেট দখল কৰে । ভাৰতীয় বলিং বিক্ৰমৰ সন্মুখত অসহায় হৈ পৰিছিল শ্ৰীলংকাৰ বেটছমেনসকল ৷

ভাৰতীয় দলটোৱে তেওঁলোকৰ অন্তিম গ্ৰুপ পৰ্যায়ৰ খেলখনত মুখামুখি হ'ব অষ্ট্ৰেলিয়াৰ ৷ এই মেচখন টীম ইণ্ডিয়াৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো যিকোনো পৰিস্থিতিতে মেচখনত জয় লাভ কৰিলেহে ছেমি ফাইনেলত প্ৰৱেশ কৰিব পাৰিব ভাৰতে ৷ বিপৰীতে যদি ভাৰতে এই মেচত পৰাজয়বৰণ কৰে, তেন্তে বিশ্বকাপ দখলৰ দৌৰত ভাৰতৰ যাত্ৰাৰ অন্ত পৰিব ৷

লগতে পঢ়ক:টি-20 বিশ্বকাপ 2024: আই চি চিৰ আচৰণ বিধি ভংগ কৰাৰ বাবে ভাৰতীয় পেচাৰক ধমক

ABOUT THE AUTHOR

...view details