স্প’ৰ্টছ ডেস্ক, 3 অক্টোবৰ:ক্ৰিকেটাৰসকলৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি সামাজিক মাধ্যমত অনুপযুক্ত শব্দ ব্যৱহাৰ কৰাটো সাধাৰণ কথা । পিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ বাবে এতিয়াৰে পৰা এয়া সহজ নহ’ব । কিয়নো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে মুকলি কৰিছে সামাজিক মাধ্যম মডাৰেচন টুল(AI), যিয়ে ক্ৰিকেটাৰসকলক নেতিবাচক মন্তব্যৰ পৰা আঁতৰি থকাত সহায় কৰিব ।
কেৱল এয়াই নহয়, আজিৰ পৰা আৰম্ভ হোৱা 2024 চনৰ মহিলা টি-20 বিশ্বকাপত সামঞ্জস্যবিহীন তথা অনুপযুক্ত বিষয়বস্তুৰ পৰাও ক্ৰিকেট জগতক ৰক্ষা কৰিব এই নতুন অত্যাধুনিক কৌশলে । ক্ৰিকেট বিশ্বকাপৰ সময়ত খেলুৱৈ আৰু অনুৰাগীৰ বাবে এক নিৰাপদ আৰু সৰ্বাংগীন অনলাইন পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত উপকাৰী হিচাপে বিবেচিত হ’ব এই সঁজুলি ৷
এই AI-চালিত সঁজুলিটোৱে GoBubble ৰ সহযোগত অফিচিয়েল আৰু খেলুৱৈসকলৰ সামাজিক মাধ্যমৰ চেনেলত ঘৃণা বিয়পোৱাৰ দৰে মন্তব্য়ক নিৰীক্ষণ কৰে ৷ যাৰ লক্ষ্য হৈছে মানসিক স্বাস্থ্য সুৰক্ষিত কৰাৰ লগতে ইতিবাচক পৰিৱেশৰ প্ৰসাৰ কৰা ।