অসম

assam

ETV Bharat / sports

জাইডেন চিলেছৰ দুটাকৈ অভিলেখ স্বত্বেও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 40 ৰাণত পৰাস্ত ৱেষ্ট ইণ্ডিজ - WI VS SA 2ND TEST - WI VS SA 2ND TEST

South Africa and West Indies: গায়ানা টেষ্টত পৰাজয়ৰ সন্মুখীন ৱেষ্ট ইণ্ডিজ ৷ অথলে গ’ল দুটাকৈ বৃহৎ অভিলেখৰে কৰা জাইডেন চিলেছেৰ দুৰ্দান্ত বলিং ৷ দুখন মেচৰ শৃংখলাটোত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 1-0 ব্যৱধানত পৰাজিত হয় ৱেষ্ট ইণ্ডিজ । পঢ়ক সম্পূৰ্ণ খবৰটো...

WI VS SA 2ND TEST
ৱেষ্ট ইণ্ডিজ বনাম দক্ষিণ আফ্ৰিকা (ANI PHOTOS)

By ETV Bharat Sports Team

Published : Aug 18, 2024, 2:01 PM IST

Updated : Aug 18, 2024, 4:00 PM IST

স্প’ৰ্টছ ডেস্ক, 18 আগষ্ট: ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গায়ানাত অনুষ্ঠিত দ্বিতীয়খন টেষ্ট মেচত 40 ৰাণত জয় লাভ কৰে দক্ষিণ আফ্ৰিকাই ৷ দুখন মেচৰ শৃংখলাটোত দক্ষিণ আফ্ৰিকাই জয় লাভ কৰে 1-0 ব্যৱধানত ৷ কিয়নো শৃংখলাৰ প্ৰথমখন মেচ অমীমাংসিতভাৱে সামৰণি পৰিছিল ৷

গায়ানাত অনুষ্ঠিত ৰোমাঞ্চকৰ দ্বিতীয় টেষ্ট মেচ তৃতীয় দিনা অন্ত পৰে ৷ এই মেচত বেটছমেনৰ সলনি বলাৰসকলেহে আধিপত্য বিস্তাৰ কৰা পৰিলক্ষিত হয় ৷ মেচৰ প্ৰথমদিনাটোতে মুঠ 17 টাকৈ উইকেটৰ পতন ঘটিছিল ৷ ক্ৰমাগতভাৱে দ্বিতীয়দিনা পতন ঘটে 8 টা উইকেটৰ আৰু তৃতীয়দিনাও পতন ঘটে 12 টা উইকেটৰ ৷ যাৰ ফলত মেচখন সম্পূৰ্ণৰূপে দক্ষিণ আফ্ৰিকাৰ অধীনলৈ আহে ৷

দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত ৱেষ্ট ইণ্ডিজ

এই মেচখনত দক্ষিণ আফ্ৰিকাই টছত জয়ী হৈ বেটিং কৰি প্ৰথম ইনিংছত সংগ্ৰহ কৰে 160 ৰাণ । ৱেষ্ট ইণ্ডিজে তেওঁলোকৰ ইনিংছত 144 ৰাণ সংগ্ৰহ কৰে আৰু দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছৰ ভিত্তিত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 16 ৰাণৰ অগ্ৰগতি লাভ কৰে । আফ্ৰিকাৰ দলটোৱে দ্বিতীয় ইনিংছত 246 ৰাণ সংগ্ৰহ কৰে আৰু ৱেষ্ট ইণ্ডিজক জয়ৰ বাবে 263 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷ এই লক্ষ্য পূৰাবলৈ গৈ ৱেষ্ট ইণ্ডিজৰ দলটোৱে মুঠ 222 ৰাণত আটাইকেইটা উইকেট হেৰুৱায় ৷ যাৰ ফলত দক্ষিণ আফ্ৰিকাই মেচখনত 40 ৰাণত বিজয়ী সাব্যস্ত হয় ৷ অৱশ্যে মেচখনত ৱেষ্ট ইণ্ডিজৰ বলাৰ জাইডেন চিলেছে দুটাকৈ অভিলেখ সৃষ্টি কৰে ।

জাইডেন চিলেছৰ অভিলেখ সৃষ্টি

জাইডেন চিলেছে এই খেলখনত দুৰ্দান্ত বলিং কৰি দলটোক বিজয় প্ৰদান কৰাত চেষ্টা অব্যাহত ৰাখিছিল যদিও ব্যৰ্থ হয় ৷ বলাৰগৰাকীৰ হাতত দ্বিতীয় ইনিংছত মুঠ 6 গৰাকী আৰু প্ৰথম ইনিংছত 3 গৰাকীকৈ বেটছমেন ধৰাশায়ী হয় ৷ তেওঁ প্ৰথম ইনিংছত 14 অভাৰত 45 ৰাণ ব্যয় কৰি 3 টা আৰু দ্বিতীয় ইনিংছত 18.4 অভাৰত 61 ৰাণৰ বিনিময়ত দখল কৰে 6 টা উইকেট ৷

এই দুৰ্দান্ত প্ৰদৰ্শনৰ সৈতে জাইডেন চিলেছ গায়ানা নেশ্যনেল ষ্টেডিয়ামত সৰ্বশ্ৰেষ্ঠ টেষ্ট বলিং কৰা প্ৰথমগৰাকী বলাৰত পৰিণত হয় ৷ এই ষ্টেডিয়ামৰ 18 বছৰীয়া ইতিহাসত পূৰ্বে আন কোনো বলাৰে টেষ্টৰ ইনিংছত এনেধৰণৰ দৰ্শনীয় অভিলেখ অৰ্জন কৰিব পৰা নাছিল ৷

ইয়াৰ লগতে জাইডেন চিলেছে ঘৰুৱা খেলপথাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজৰ বলাৰ হিচাপে যুটীয়াভাৱে দ্বিতীয় শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে । পূৰ্বে কাৰ্টলি এমব্ৰোছে 34 ৰাণ ব্যয় কৰি 6 টা উইকেট আৰু কৰ্টনি ৱালছে 61 ৰাণত 6 টা উইকেট দখল কৰে ।

দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ইনিংছত এডেন মাৰ্ক্ৰামে সংগ্ৰহ কৰে 51 ৰাণ ৷ তদুপৰি কাইল ভেৰাইনে 59 ৰাণ সংগ্ৰহ কৰি ক্ৰীজত অপৰাজিত হৈ ৰয় । ৱেষ্ট ইণ্ডিজৰ হৈ দ্বিতীয় ইনিংছত গুড়াকেশ মতিয়ে সৰ্বাধিক 45 ৰাণৰ অৱদান আগবঢ়ায় ।

লগতে পঢ়ক:ৱেষ্ট ইণ্ডিজ বনাম দক্ষিণ আফ্ৰিকা: দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনটোতে পতন 17 টাকৈ উইকেট - WI VS SA 2ND TEST

Last Updated : Aug 18, 2024, 4:00 PM IST

ABOUT THE AUTHOR

...view details