স্প’ৰ্টছ ডেস্ক, 7 ছেপ্টেম্বৰ:পেৰিছ পেৰালিম্পিকত যিসকল খেলুৱৈয়ে পদক অৰ্জন কৰিছে, প্ৰতিগৰাকীকে প্ৰদান কৰা হৈছে একোটা ৰঙা ৰঙৰ বিশেষ টুপী ৷ পদকৰ লগতে আগবঢ়োৱা এই টুপীবিধক নামাংকিত কৰা হৈছে ফ্ৰিজ নামেৰে ৷ ঐতিহাসিক গুৰুত্বৰে সমৃদ্ধ এই পৰম্পৰাই অনুষ্ঠানবোৰক প্ৰদান কৰে এক অৰ্থ ৷ ৰঙা টুপী আৰু ইয়াৰ গুৰুত্বৰ আঁৰত আছে অন্য এক কাহিনী ৷
স্বাধীনতাৰ প্ৰতীক
ফ্ৰিজিয়ান টুপী নামেৰে জনাজাত ৰঙা টুপীটোৰ ফ্ৰান্সৰ সৈতে আছে বিশেষ সম্পৰ্ক ৷ ফৰাচী বিপ্লৱৰ সময়ত ৰঙা ৰঙৰ এই ফ্ৰিজিয়ান টুপীটো হৈ পৰিছিল স্বাধীনতাৰ প্ৰতীক । স্বাধীনতা আৰু গণতান্ত্ৰিক আদৰ্শৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ চিহ্ন হিচাপে ফৰাচী বিপ্লৱীসকলে ইয়াক পৰিধান কৰিছিল ৷
ফ্ৰিজিয়া: দ্য পেৰালিম্পিক মাস্কট
এই ঐতিহাসিক প্ৰতীকটোক সন্মান জনোৱাৰ অৰ্থে পেৰালিম্পিক খেলুৱৈসকলক পদকৰ সৈতে প্ৰদান কৰা হৈছে ফ্ৰিজ নামৰ এটা শুভংকৰ ৷ ফ্ৰান্সৰ লা গুয়েৰ্চে-ডি-ব্ৰেটাগ্নেৰ ডুডৌ এণ্ড কোম্পানীৰ দ্বাৰা ডিজাইন কৰা হৈছে এই ফ্ৰিজিয়ান টুপীৰ । প্ৰতিটো শুভংকৰৰ কেন্দ্ৰত পদকৰ চিহ্ন আৰু খেলুৱৈজনৰ কৃতিত্বৰ সৈতে সম্পৰ্কিত ৰঙেৰে সজ্জিত কৰা হৈছে । ফ্ৰিজৰ পিছফালে ব্ৰেইলত উল্লেখিত "ব্ৰাভো" ই প্ৰদৰ্শন কৰে অন্তৰ্ভুক্তি আৰু স্বীকৃতিৰ উদযাপন ৷