স্প’ৰ্টছ ডেস্ক:সকলো লোকৰ অতিকৈ প্ৰিয় এবিধ খাদ্য হৈছে মাংস ৷ সৰুৰ পৰা ডাঙৰলৈকে মাংস বেয়া পোৱা লোক হয়তো খুব কমেই ওলাব অথবা নোলাবই ৷ পিছে কেতিয়াবা খাদ্য় তালিকাৰ পৰা মাংস বাদ দিয়াৰ কথা ভাবি চাইছেনে ? হয়তো এয়া আপোনাৰ পক্ষে সম্ভৱ নহ’ব ৷
টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক তথা সোঁহতীয়া তাৰকা বেটছমেন বিৰাট কোহলী ডাঙৰ-দীঘল হৈছিল দিল্লীৰ এটা পাঞ্জাৱী পৰিয়ালত ৷ যি পৰিয়ালত দিনে-নিশাই চলিছিল ৰাজ পৰিয়ালৰ দৰে আতিথ্য ৷ বিশেষকৈ আমিষ ভোজনে অধিক স্থান লাভ কৰিছিল পৰিয়ালটোৰ খাদ্য তালিকাত ৷
আনকি 2013 চনত ফিটনেছৰ ওপৰত অধিক গুৰুত্ব দিয়া বিৰাট কোহলীয়ে গ্ৰিল কৰা মাছৰ দৰে আমিষ খাদ্য গ্ৰহণ কৰিছিল । কিন্তু 2018 ত সংঘটিত এটি ঘটনাই কোহলীৰ খাদ্যাভ্যাস সদায়ৰ বাবে সলনি কৰিবলৈ বাধ্য কৰিছিল ।
বিৰাট কোহলীয়ে কিহৰ বাবে মাংস খাবলৈ এৰি দিছিল ?
2018 চনত দক্ষিণ আফ্ৰিকাত এখন টেষ্ট মেচৰ সময়ত বিৰাট কোহলীয়ে সাংঘাতিক পিঠিৰ বিষত ভুগিছিল । ক্ৰিকেটাৰগৰাকীৰ ৰাজহাঁড়ৰ গ্ৰীৱাৰ ডিস্কটো সামান্য লৰচৰ হৈছিল, যাৰ ফলত স্নায়ুৰ ওপৰত চাপ অনুভৱ হৈছিল ৷
ইয়াৰ ফলত খেলুৱৈগৰাকীৰ সোঁহাতৰ কেঞা আঙুলিত যথেষ্ট বিষ আৰু জিনজিননিৰ সমস্যাই দেখা দিছিল ৷ হাতত হোৱা বিষৰ বাবে কোহলীয়ে ভালদৰে শুব পৰা নাছিল আৰু চিকিৎসকৰ কাষ চাপিবলৈ বাধ্য় হৈছিল ৷
চিকিৎসকে কোহলীৰ শৰীৰত অত্যাধিক ইউৰিক এচিডৰ উপস্থিতি ধৰা পেলায় ৷ যাৰ বাবে ক্ৰিকেটাৰগৰাকীৰ শৰীৰত অভাৱ ঘটিছিল কেলছিয়ামৰ । কেলছিয়ামৰ অভাৱে ক্ৰিকেটাৰগৰাকীৰ হাড়বোৰ দুৰ্বল কৰি পেলাইছিল ।
খেলপথাৰত বিৰাট কোহলী (Getty Images) এই ঘটনাৰ পিছতে বিৰাট কোহলীয়ে নিজৰ খাদ্যাভ্যাস সলনি কৰিছিল ৷ তেতিয়াৰে পৰা তেওঁ সম্পূৰ্ণৰূপে আমিষ আহাৰ বাদ দি নিৰামিষ আহাৰক নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি লয় ৷
6 বছৰ পূৰ্বে হৈ পৰিছিল নিৰামিষ ভোজনকাৰী
কেভিন পিটাৰছনৰ সৈতে এক ইনষ্টাগ্ৰাম লাইভৰ সাক্ষাৎকাৰত কোহলীয়ে কৈছিল যে, তেওঁ 2018 চনত ইংলেণ্ড ভ্ৰমণৰ ঠিক পূৰ্বে নিৰামিষ ভোজনকাৰীলৈ ৰূপান্তৰিত হৈছিল ।
বিৰাটৰ ফিটনেছ (virat instagram) ক্ৰিকেটাৰগৰাকীয়ে মাংস খোৱা বন্ধ কৰিছিল, কিয়নো ইয়াৰ দ্বাৰা তেওঁ শাৰিৰীক সমস্যাসমূহ নাইকীয়া কৰি শাৰিৰীক অৱস্থা উন্নত কৰিব বিচাৰিছিল । কোহলীয়ে এই সিদ্ধান্তক জীৱনৰ সৰ্বশ্ৰেষ্ঠ বিকল্প হিচাপেও বৰ্ণনা কৰিছে ।
নিৰামিষ ভোজন গ্ৰহণ কৰাৰ পিছত বিৰাটে কেনেকৈ বজাই ৰাখিছিল ফিটনেছ ?
নিৰামিষ আহাৰ গ্ৰহণৰ সিদ্ধান্তৰ পিছত কোহলীৰ ফিটনেছৰ ওপৰত কোনো প্ৰভাৱ পৰা নাছিল । বিপৰীতে ক্ৰিকেটাৰগৰাকী খাদ্যগ্ৰহণ সম্পৰ্কত অধিক সচেতন হৈ পৰিছিল ৷ কোহলীৰ খাদ্য তালিকাত যাতে পুষ্টি সমৃদ্ধ থাকে, সেই বিষয়ত তেওঁ অধিক গুৰুত্ব প্ৰদান কৰিছিল ।
পত্নীৰ সৈতে শেহতীয়া কৰৱাচৌথৰ ব্ৰতৰ সময়ত বিৰাট (IANS Photo) ভিটামিন আৰু শস্য আধাৰিত প্ৰ'টিনৰ উৎস ব্যৱহাৰ কৰি কোহলীয়ে খেলপথাৰত তেওঁৰ শক্তি আৰু ফিটনেছ বজাই ৰাখিবলৈ অতি কঠোৰভাৱে খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰে ।
নিৰামিষ আহাৰে বিৰাটৰ খেলত প্ৰভাৱ পেলাইছে নেকি ?
বিৰাটৰ সমগ্ৰ ক্ৰিকেট কেৰিয়াৰত যিমান সম্ভৱ ফিট হৈ থকাৰ সংকল্প তেওঁৰ নিৰামিষ খাদ্যাভ্যাস গ্ৰহণ কৰাৰ পছন্দৰ দ্বাৰাও প্ৰদৰ্শিত হয় । এক সন্তুলিত সুষম আহাৰে উচ্চস্তৰৰ এথলেটিক প্ৰদৰ্শনত সহায় কৰে ৷ বিৰাট কোহলীয়ে সমগ্ৰ বিশ্বৰ খেলুৱৈ আৰু ফিটনেছ উৎসাহীসকলক অনুপ্ৰাণিত কৰি আহিছে ।
আজি কোহলী বিশ্বৰ আটাইতকৈ উপযুক্ত খেলুৱৈসকলৰ মাজৰ এজন ৷ তেওঁৰ নিৰামিষ আহাৰ গ্ৰহণে এই সফলতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । শেহতীয়া বছৰবোৰত এক কঠিন সময় পাৰ কৰি অহা খেলুৱৈগৰাকীৰ বাবে 2024 চনটো ৰাণ সংগ্ৰহৰ ক্ষেত্ৰত বৰ বিশেষ সফল হোৱা পৰিলক্ষিত নহ’ল ৷
লগতে পঢ়ক:1 ৰাণত 8 টাকৈ উইকেট; ক্ৰিকেট ইতিহাসত পূৰ্বে নোহোৱা-নোপোজা ঘটনা