হায়দৰাবাদ : ভাৰতীয় ক্ৰিকেট দলৰ শেহতীয়া অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়তে চৰ্চালৈ আহিছে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ সম্ভাৱ্য অৱসৰৰ কথা । যদি সেয়া সঁচাকৈয়ে হয়, তেন্তে ভাৰতীয় ক্ৰিকেটত বিশেষকৈ টেষ্ট ক্ৰিকেটত ভাৰতীয় ক্ৰিকেটৰ বাবে এক টাৰ্ণিং পইণ্ট হ'ব । কিয়নো দুয়োগৰাকী খেলুৱৈয়ে বিগত এটা দশকত ভাৰতৰ আধিপত্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । কিন্তু তেওঁলোকৰ শেহতীয়া সময়ছোৱাৰ সংগ্ৰামে উদ্বেগো বৃদ্ধি কৰিছে । ৰোহিতে 24.76 গড়ে 26 টা ইনিংছত মাত্ৰ 619 ৰাণ সংগ্ৰহ কৰিছে । আনহাতে, কোহলীয়ে 19 টা ইনিংছত 24.62 গড়ে 417 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । তেওঁলোকৰ ক্ৰমান্বয়ে অৱনতি হোৱা ফৰ্ম ভাৰতৰ সংগ্ৰামৰ অন্যতম কাৰণ । যাৰ ভিতৰত আছে নিউজীলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা ম্চত হোৱাইটৱাশ্ব আৰু যশপ্ৰীত বুমৰাহৰ অধিনায়কত্বত পাৰ্থত জয়লাভ কৰাৰ পিছত চলিত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত এডিলেইড, ব্ৰিছবেন আৰু মেলবোৰ্ণত হতাশাজনক পৰাজয় ।
এনে ক্ষেত্ৰত যদিও তেওঁলোকৰ অৱসৰ আসন্ন যেন লাগিব পাৰে, কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল যে ভাৰতে ক্ৰিকেটৰ এই দুগৰাকী কিংবদন্তিৰ খালী ঠাই পূৰণ কৰিবলৈ প্ৰস্তুতনে । এই নিবন্ধত ভাৰতৰ বৰ্তমানৰ যুৱ ব্ৰিগেডৰ ওপৰত এক বিহংগম দৃষ্টি দিয়া হৈছে । লগতে গুৰুত্বপূৰ্ণ দুৰ্বলতা আৰু বিদেশৰ পৰিস্থিতিৰ অভিজ্ঞতাৰ অভাৱৰ ওপৰতো আলোকপাত কৰা হৈছে ।
বিদেশৰ ভূমিত অনভিজ্ঞতা
যশস্বী জয়ছোৱালে ২০২৩ চনৰ জুলাইত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা ভাৰতৰ বাবে এক অবিচ্ছেদ্য অংগ হৈ আছে । তেওঁ ৱেষ্ট ইণ্ডিজত শতক অৰ্জন কৰাৰ লগতে ঘৰুৱা খেলত ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্টত ৭১২ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ ভিতৰত আছে ২টা শতক আৰু ৩ টা অৰ্ধশতক । বৰ্তমান তেওঁ ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতৰ শীৰ্ষ ৰাণ সংগ্ৰহকাৰী (359) । কিন্তু দক্ষিণ আফ্ৰিকাত তেওঁৰ প্ৰদৰ্শনে গতিশীল আৰু বাউন্স পিটছত নিজক চম্ভালি লোৱাৰ ক্ষেত্ৰত দুৰ্বলতা প্ৰকাশ কৰে । তেওঁ 4 টা ইনিংছত 12.50 গড়ে মাত্ৰ 50 ৰাণ সংগ্ৰহ কৰে । অষ্ট্ৰেলিয়াত মিচ্চেল ষ্টাৰ্কৰ ছুইং, বাওঁহাতৰ পেচ ডেলিভাৰীৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম অতি প্ৰকট হৈ পৰিছিল । আনহাতে, তেওঁক এতিয়াও ইংলেণ্ড আৰু নিউজীলেণ্ডৰ দৰে ছুইং-সম্পন্ন পৰিস্থিতিত পৰীক্ষা কৰা হোৱা নাই ।
একেদৰে দীৰ্ঘদিন ধৰি ভাৰতৰ টেষ্ট দলৰ অংশ হৈ থকা শুভমন গিলে ২০২১ চনত ঐতিহাসিক গাব্বা টেষ্টত ৯১ ৰাণৰ ইনিংছৰ পিছত এছিয়াৰ বাহিৰত সংগ্ৰাম কৰি আহিছে । ঘৰুৱা আৰু বাংলাদেশত উৎকৃষ্ট প্ৰদৰ্শন কৰা সত্ত্বেও তেতিয়াৰ পৰা তেওঁ বিদেশৰ ভূমিত টেষ্ট মেচত এবাৰো 40ৰ ওপৰত ৰাণ সংগ্ৰহ কৰা নাই । প্ৰত্যাহ্বানজনক পৰিস্থিতিত তেওঁৰ বেটিঙৰ বিপৰ্যয়ো এক চিন্তাৰ বিষয় হৈ আছে । লগতে তেওঁৰ বেটিঙত এক কাৰিকৰী ত্ৰুটি আছে, যাৰ ফলত তেওঁ ইনছুইংগাৰত ব'ল্ড হয় । ইয়াক তেওঁ সমাধান কৰিব লাগিব ।
কে এল ৰাহুলে প্ৰায় প্ৰতিটো বিদেশ ভ্ৰমণতে এক গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হৈ আহিছে । তেওঁ ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াত শতক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় অপেনাৰ । তথাপিও ইউৰোপিয়ান দেশবোৰত তেওঁৰ গড় সিমান এটা প্ৰভাৱশালী নহয়: দক্ষিণ আফ্ৰিকাত 28.38, ইংলেণ্ডত 34.11 আৰু অষ্ট্ৰেলিয়াত 27.87 । ইয়াৰ আঁৰৰ এটা মুখ্য কাৰণ হ'ব পাৰে তেওঁৰ বেটিং ক্ৰমত নিৰন্তৰ পৰিৱৰ্তন । কেতিয়াবা যদি অপেনাৰৰ ভূমিকাত কেতিয়াবা আকৌ মিডল-অৰ্ডাৰৰ পৰা নিম্নক্ৰমলৈ । যিয়ে নিজকে এক ধাৰাবাহিক প্ৰদৰ্শনকাৰী হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষমতাত বাধা প্ৰদান কৰিছে । সেয়েহে ভৱিষ্যতে তেওঁ কোনটো স্থানত বেটিং কৰিব সেয়া লক্ষণীয় হ'ব ।
মিডল-অৰ্ডাৰত এতিয়াও বিবুধিত ভাৰতীয় দল
কোহলীৰ অৱসৰে গুৰুত্বপূৰ্ণ চাৰি নম্বৰ স্থানত এক শূন্যতা সৃষ্টি কৰিব, যিটো স্থানৰ দলৰ স্থিৰতাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । ভাৰতে এতিয়াও এই গুৰুত্বপূৰ্ণ স্থানৰ বাবে উত্তৰাধিকাৰী বিচাৰি পোৱা নাই । নীতিশ ৰেড্ডীয়ে চলিত ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিছে, কিন্তু তেওঁৰ বাবে ইয়াৰ প্ৰমাণ অষ্ট্ৰেলিয়াৰ বাহিৰত পৰীক্ষা নকৰাকৈয়ে আছে ।
ঘৰুৱা খেলত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত চৰফৰাজ খানে সুন্দৰ প্ৰদৰ্শন কৰিছিল । কিন্তু নিউজীলেণ্ডৰ বিৰুদ্ধে শৃংখলাত তেওঁৰ প্ৰদৰ্শন মিশ্ৰিত আছিল । তেওঁ ইংলেণ্ডৰ বিৰুদ্ধে একেৰাহে 3 টা অৰ্ধশতক অৰ্জন কৰে আৰু ছয়টা ইনিংছত 171 ৰাণ সংগ্ৰহ কৰে । যাৰ ভিতৰত আছিল এটা 150 ৰাণৰ ইনিংছ । বাকী ৫ টা ইনিংছত তেওঁ কেইবাবাৰো শূন্যতে আউট হোৱাৰ উপৰি মাত্ৰ ২১ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । ডাঙৰ খেলপথাৰত শ্বৰ্ট-পিটছ বল চম্ভালি লোৱাৰ ক্ষেত্ৰত তেওঁৰ সামৰ্থ্য সন্দৰ্ভত গুৰুত্বপূৰ্ণ উদ্বেগ আছে । যদিও তেওঁ ভাৰতৰ সৰু খেলপথাৰত বলৰ গতিক মূলধন কৰিবলৈ সক্ষম হৈছিল, কিন্তু ইউৰোপিয়ান দেশবোৰত সেয়া নহ'বও পাৰে । ইয়াৰ উপৰি তেওঁৰ অফ-ছাইডৰ খেল সীমিত; তেওঁ লেগ ছাইডত বেছিভাগ বল খেলাৰ প্ৰৱণতা আছে, যিয়ে তেওঁৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে ।
অলৰাউণ্ডাৰ বিভাগ
ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ অৱসৰে আন এটা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব । অশ্বিনে ইতিমধ্যে অৱসৰ লৈছে আৰু জাদেজাও তেওঁৰ কেৰিয়াৰৰ সন্ধিক্ষণত আছে । দুয়োজনে কেৱল বলৰ সৈতেও অমূল্য নাছিল, তেওঁলোকে বেটেৰেও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে । তেওঁলোকৰ সম্ভাৱ্য পৰিৱৰ্তন ৱাশ্বিংটন সুন্দৰ আৰু অক্ষৰ পেটেলে এতিয়াও এছিয়াৰ বাহিৰত নিজকে প্ৰমাণ কৰিবলৈ বাকী আছে ।
ৱাশ্বিংটনে তেওঁৰ সৰ্বাংগীণ সামৰ্থ্যৰ আভাস দেখুৱাইছে, কিন্তু বিদেশী পৰিস্থিতিত বলিং সফলতাৰ যথেষ্ট অভাৱ আছে । ঘৰুৱা খেলত ব্যতিক্ৰমী হৈ থকা অৱস্থাত অক্ষৰে ইউৰোপিয়ান দেশবোৰত এখনো টেষ্ট মেচ খেলা নাই । যাৰ ফলত ছিমিং বা বাউন্সী ট্ৰেকত জাদেজাৰ প্ৰভাৱ দেখুৱাব পৰা তেওঁৰ সামৰ্থ্যৰ বিষয়ত সন্দেহ আছে ।
ঋষভ পণ্ট
অনিশ্চয়তাৰ মাজতো ঋষভ পণ্টে বেটিং লাইনআপত এক ধাৰাবাহিক প্ৰদৰ্শক হিচাপে আত্মপ্ৰকাশ কৰে । অৱশ্যে মিডল অৰ্ডাৰ স্থিৰ কৰিবলৈ কেৱল পণ্টৰ ওপৰত নিৰ্ভৰ কৰাটো এক বিপজ্জনক ৰণনীতি, বিশেষকৈ তেওঁৰ লগত থকা খেলুৱৈসকলৰ অনভিজ্ঞতাৰ কথা বিবেচনা কৰি । ভাৰত, ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাত তেওঁৰ শতক আছে আৰু শেহতীয়াকৈ বিদেশ ভ্ৰমণত ভাৰতৰ সফলতাত তেওঁ এক গুৰুত্বপূৰ্ণ বিষয় হৈ আছে । তেওঁৰ আক্ৰমণাত্মক বেটিং আৰু বেটিং কৰাৰ সামৰ্থ্যই দলটোক অতিৰিক্ত বলাৰৰ সৈতে খেলিবলৈ অনুমতি দিয়ে ।
ৰোহিত আৰু কোহলী অৱসৰৰ পথত থকাৰ সময়ত সেই ভাৰসাম্য বিপদাশংকাত আছে । বেটছমেন, পৰীক্ষা নকৰা স্পিনাৰ আৰু অমীমাংসিত মিডল-অৰ্ডাৰৰ সমস্যাবোৰৰ মাজত বিদেশৰ ভূমিৰ অভিজ্ঞতাৰ অভাৱে প্ৰত্যাহ্বানৰে ভৰা এক পৰিৱৰ্তন পৰ্যায়লৈ আঙুলিয়াই দিয়ে ।
যিযেই নহওক আগন্তুক বছৰবোৰে এইটো পৰীক্ষা কৰিব যে ভাৰতে ক্ৰিকেটৰ দীৰ্ঘতম ফৰ্মেটত নিজৰ আধিপত্য বজাই ৰাখিব পাৰিব নে এই দুই কিংম্বদন্তিৰ অৱসৰে এতিয়াও সমাধান কৰিব নোৱৰা দুৰ্বলতাবোৰ উন্মোচন কৰিব । কিন্তু বৰ্তমান ভাৰতে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক বিদায় জনোৱাৰ বাবে সাজু হোৱা দেখা গৈছে ।