ETV Bharat / sports

মেলবৰ্ণত আত্মসমৰ্পণ ! বক্সিং ডে টেষ্টত শোচনীয় পৰাজয় টীম ইণ্ডিয়াৰ - IND VS AUS 4TH TEST

মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ হাতত বিধ্বস্ত ৰোহিত বাহিনী । লগে লগে জটিল হৈ পৰিল টীম ইণ্ডিয়াৰ ডব্লিউ টি চিৰ ফাইনেলত উপনীত হোৱাৰ পথ ।

IND vs AUS 4th Test Match
মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ হাতত বিধ্বস্ত ৰোহিত বাহিনী (AP)
author img

By ETV Bharat Assamese Team

Published : Dec 30, 2024, 2:07 PM IST

Updated : Dec 30, 2024, 2:43 PM IST

মেলবৰ্ণ: মেলবৰ্ণত অনুষ্ঠিত বক্সিং ডে টেষ্টত শোচনীয় পৰাজয় ৰোহিত বাহিনীৰ । এই পৰাজয়ৰ লগে লগে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱা পথো কঠিন হৈ পৰিল । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ হাতত ভাৰতীয় ক্ৰিকেট দলটোৱে ১৮৪ ৰাণত পৰাজিত হয় । মেলবৰ্ণত এই পৰাজয়ৰে ভাৰতীয় দলটো শৃংখলাটোত 2-1 ত পিছ পৰি আছে । এতিয়া টীম ইণ্ডিয়া ডব্লিউ টি চিৰ ফাইনেলত উপনীত হোৱাৰ অংক জটিল হৈ পৰিল ।

অষ্ট্ৰেলিয়াই টছত জয়ী হৈ এই খেলখনত প্ৰথমে বেটিং কৰি প্ৰথম ইনিংছত ৪৭৪ ৰাণ সংগ্ৰহ কৰে । কেংগেৰু বাহিনীৰ হৈ ষ্টিভ স্মিথে ১৪০ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ৩৬৯ ৰাণ সংগ্ৰহ কৰে । ২১ বছৰীয়া নীতিশ কুমাৰ ৰেড্ডীয়ে ভাৰতৰ হৈ ১১৪ ৰাণৰ শতক অৰ্জন কৰে । প্ৰথম ইনিংছত ঘৰুৱা দলটোৱে ১০৫ ৰাণৰ অগ্ৰগতি লাভ কৰে । এই খেলখনৰ দ্বিতীয় ইনিংছত মাৰ্নাছ লাবুচাগেনৰ ৭০, অধিনায়ক পেট কামিন্স আৰু নাথন লিয়নে ৪১ ৰাণকৈ সংগ্ৰহ কৰাত অষ্ট্ৰেলিয়াই ২৩৪ ৰাণ সংগ্ৰহ কৰে । অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে ৩৩৯ ৰাণৰ অগ্ৰগতি অৰ্জন কৰে । জয়ৰ বাবে ৩৪০ ৰাণৰ লক্ষ্য পিচাকৰি ৰোহিত শৰ্মাৰ অধিনায়কত্বত টীম ইণ্ডিয়াই খেলখনৰ পঞ্চম দিনা দ্বিতীয় ইনিংছত ৭৯.১ অভাৰত ১৫৫ ৰাণ সংগ্ৰহ কৰাত ১৮৪ ৰাণত পৰাজিত হয় ।

ভাৰতৰ হৈ দ্বিতীয় ইনিংছত ৰোহিত শৰ্মা (৯), বিৰাট কোহলী (৫) আৰু কে এল ৰাহুল (০) সম্পূৰ্ণৰূপে ব্য়ৰ্থ হয় । যশস্বী জয়ছোৱালে এই খেলখনত ভাৰতৰ হৈ সৰ্বাধিক ৮৪ ৰাণ সংগ্ৰহ কৰে । তেওঁ ৮টা চাৰিৰ সহায়ত ২০৮ টা বলত ৮৪ ৰাণ সংগ্ৰহ কৰে । জয়ছোৱালক আউট হোৱাৰ লগে লগে ভাৰতৰ পৰাজয় প্ৰায় নিশ্চিত হৈ পৰে।

মেলবৰ্ণত উজলিল যশপ্ৰীত বুমৰাহ :

এই খেলখনত ভাৰতীয় দলৰ অভিজ্ঞ বেগী বলাৰ যশপ্ৰীত বুমৰাহ উজলি উঠে । তেওঁ প্ৰথম ইনিংছত ২৮.৪ অভাৰত ৯ টা মেডেনসহ ৯৯ ৰাণত ৪ টা উইকেট লাভ কৰে ।বুমৰাহে দ্বিতীয় ইনিংছতো ২৪.৪ অভাৰত ৭ টা মেডেন অভাৰ বল কৰি ৫৭ ৰাণত লাভ কৰে ৫ টা উইকেট । বুমৰাহে এই খেলখনত দুয়োটা ইনিংছ মিলি ৯ টা উইকেট দখল কৰিবলৈ সক্ষম হয় ।

তিনি তাৰকাৰ বিৰুদ্ধে ক্ষোভ :

টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা, তাৰকা বেটছমেন বিৰাট কোহলী আৰু কে এল ৰাহুল এই খেলখনত পৰাজয়ৰ কাৰণ আছিল । এই তিনিগৰাকী অভিজ্ঞ বেটছমেন ব্য়ৰ্থ হোৱাত ছ'চিয়েল মিডিয়াত তেওঁলোকৰ অনুৰাগীসকলে ক্ষোভ প্ৰকাশ কৰে । ৰোহিতে দুয়োটা ইনিংছতে ক্ৰমে ৩ আৰু ৯ ৰাণ সংগ্ৰহ কৰে । বিৰাটে দুয়োটা ইনিংছতে ক্ৰমে 36 আৰু 5 ৰাণ সংগ্ৰহ কৰে । আনহাতে, ৰাহুলে দুয়োটা ইনিংছতে ক্ৰমে 24 আৰু 0 ৰাণ সংগ্ৰহ কৰে ।

লগতে পঢ়ক:অভিষেকতে উজলিল ১৯ বছৰীয়া ছেম কনষ্টাছ; মেলবোৰ্ণ টেষ্টত সুন্দৰ আৰম্ভণি অষ্ট্ৰেলিয়াৰ - IND VS AUS MELBOURNE TEST

ঐতিহাসিক এম চি জিত নীতিশ কুমাৰ ৰেড্ডীৰ অভিলেখ - NITISH REDDY TEST MAIDEN HUNDRED

Last Updated : Dec 30, 2024, 2:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.