স্পৰ্টছ ডেস্ক, ৬ জুন : ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত ভাৰতীয় ড্ৰেছিং ৰূমত প্ৰৱৰ্তন কৰা বিখ্যাত শ্ৰেষ্ঠ ফিল্ডাৰ বঁটা এইবাৰ পুনৰ ঘূৰি আহিছে টি-২০ বিশ্বকাপত । পেচাৰ মহম্মদ চিৰাজে শ্ৰেষ্ঠ ফিল্ডাৰৰ বঁটা লাভ কৰে । বৃহস্পতিবাৰে আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ বিশ্বকাপত ভাৰতৰ প্ৰথমখন মেচত জয়লাভৰ পিচত ভাৰতীয় দল ব্যৱস্থাপনাই চিৰাজক এই বঁটা প্ৰদান কৰে । উদীয়মান পেচাৰজনক তেওঁৰ উচ্চ পৰ্যায়ৰ ফিল্ডিং প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰা হয় আৰু বিশেষ অতিথিৰ দ্বাৰা তেওঁক পদক প্ৰদান কৰা হয় ।
চিৰাজে খেলপথাৰত উল্লেখযোগ্য প্ৰদৰ্শন দাঙি ধৰে । আনহাতে, ভাৰতীয় ফিল্ডিং প্ৰশিক্ষক টি দিলীপে ড্ৰেছিং ৰুমত আয়োজিত এক অনুষ্ঠানত তেওঁক শ্ৰেষ্ঠ ফিল্ডাৰৰ মেডেল প্ৰদান কৰে ।
সোঁহতীয়া নিৰ্ভৰযোগ্য পেচাৰগৰাকীয়ে আয়াৰলেণ্ডৰ ইনিংছৰ ১৬ নম্বৰ অভাৰত ষ্টাম্পত সঠিক থ্ৰ'ৰে গেৰেথ ডেলানিক আউট কৰায় । আনহাতে, অৰ্শদীপ সিং আৰু বিৰাট কোহলীক লগ কৰিব বিচৰা এটি শিশুকো ভাৰতীয় দল ব্যৱস্থাপকে ড্ৰেছিং ৰূমলৈ মাতি আনে । তেওঁকো খেলপথাৰত উজ্জীৱিত প্ৰদৰ্শনৰ বাবে চিৰাজক সন্মানিত কৰাৰ বিশেষ মুহূৰ্তৰ সাক্ষী কৰে ।
উল্লেখ্য, ভাৰতে ৯ জুলাইত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিযোগিতাখনৰ পৰৱৰ্তী মেচত অৱতীৰ্ণ হ'ব । এই মেচখনৰ বাবে বিশ্ব ক্ৰিকেট অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । আনহাতে, টীম ইণ্ডিয়াই চিৰপ্ৰতিদ্বন্দ্বী দলটোক পৰাস্ত কৰি তেওঁলোকৰ বিজয়ৰ ধাৰা অব্যাহত ৰাখিব বিচাৰিব ।