স্প’ৰ্টছ ডেস্ক, 14 অক্টোবৰ:ভাৰতৰ ঘৰুৱা ক্ৰিকেটৰ গাঁথনি শক্তিশালী হোৱাৰ লগতে প্ৰতিভা প্ৰকাশৰ বাবে আছে এক বৃহৎ মঞ্চ ৷ ঘৰুৱা ক্ৰিকেটত উন্নত প্ৰদৰ্শন দাঙি ধৰা ভাৰতীয় ক্ৰিকেটাৰসকল সদায়ে থাকে নিৰ্বাচকৰ দৃষ্টিত ৷ এনেদৰে তেওঁলোকে জাতীয় দলত লাভ কৰে স্থান ৷ উদীয়মান খেলুৱৈক সাধাৰণতে বাংলাদেশ বা জিম্বাব’ৱেৰ দৰে দুৰ্বল দেশৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ বাবে স্থান দিয়া হয় ভাৰতীয় দলত ।
ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ পিছতহে খেলুৱৈসকলে ৰাষ্ট্ৰীয় দলৰ লগতে বিদেশৰ মাটিত শৃংখলা খেলাৰ সুযোগ লাভ কৰে । অৱশ্যে এনে বহু উদাহৰণো আছে, যেতিয়া এজন ক্ৰিকেটাৰে ঘৰৰ বাহিৰত অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰিছিল ৷ কিন্তু এনে একাংশ ক্ৰিকেটাৰে বিদেশত খেলিলেও লাভ কৰা নাছিল ঘৰৰ মাটিত খেলাৰ সুযোগ ৷
একাংশ ক্ৰিকেটাৰে বিদেশৰ মাটিত মাত্ৰ এখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল, আন কিছুমানে অধিকাংশ মেচত অংশগ্ৰহণ কৰিছিল । ভাৰতীয় দলৰ হৈ অভিষেক ঘটোৱা কিন্তু কেতিয়াও ভাৰতত খেলাৰ সুযোগ নোপোৱা সেইসকল খেলুৱৈৰ তালিকা তলত উল্লেখ কৰা হ’ল-
ফৈজ ফজল: ফৈজে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত বিদৰ্ভৰ হৈ খেলিছিল ৷ টীম ইণ্ডিয়াত অভিষেক ঘটোৱাৰ সুযোগ পোৱা ক্ৰিকেটাৰগৰাকীয়ে 2016 চনত হাৰাৰেত জিম্বাব’ৱেৰ বিৰুদ্ধে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল । ইয়াৰোপৰি 16 বছৰৰ ভিতৰত 30 বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈত পৰিগণিত হয় ফজল । অভিষেক মেচত 55 ৰাণৰ ইনিংছ খেলিছিল এইগৰাকী ক্ৰিকেটাৰে । মেচখনত অৰ্ধশতক অৰ্জন কৰাৰ পিছতো পৰৱৰ্তী সময়ত কোনো আন্তঃৰাষ্ট্ৰীয় মেচত খেলাৰ সুযোগ নাপালে ফৈজ ফজলে ৷
কেনিয়া জয়ন্তীলাল: হায়দৰাবাদ ৰঞ্জী দলৰ অন্যতম কিংবদন্তি খেলুৱৈ হিচাপে গণ্য কৰা কেনিয়াই ভাৰতৰ ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ সময়ত ৰিজাৰ্ভ অ’পেনিং বেটছমেন হিচাপে খেলিছিল । 1971 চনৰ শৃংখলাত সুনীল গাভাস্কাৰ আঘাতপ্ৰাপ্ত হোৱাৰ সময়ত দলৰ হৈ খেলিছিল যদিও অভিষেক মেচত মাত্ৰ 5 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল কেনিয়াই । তেওঁ মাত্ৰ এবাৰহে দেশক প্ৰতিনিধিত্ব কৰিছিল ৷ ঘৰুৱা ক্ৰিকেটত উন্নত প্ৰদৰ্শন দাঙি ধৰা এইগৰাকী ক্ৰিকেটাৰে 91 খন প্ৰথম শ্ৰেণীৰ মেচত 4,687 ৰাণ সংগ্ৰহ কৰিছিল ।
বাকা জিলানী: 1936 চনত ইংলেণ্ড ভ্ৰমণত ভাৰতৰ হৈ অভিষেক ঘটোৱা এই ক্ৰিকেটাৰগৰাকীয়ে 4 নট আউট আৰু 12 ৰাণৰ ইনিংছ খেলে । 1934–35 চনত ৰঞ্জী ট্ৰফীৰ উদ্বোধনী সংস্কৰণতো হেট্ৰিক অৰ্জন কৰা প্ৰথমগৰাকী বলাৰ হিচাপেও জিলানী পৰিচিত ।