অসম

assam

ETV Bharat / sports

অন্ত পৰিল গ্ৰুপ পৰ্যায়ৰ খেল : ৰাহুল দ্ৰাবিড়ে লাভ কৰিলে বিশেষ জাৰ্ছী - T20 World Cup 2024 - T20 WORLD CUP 2024

T20 World Cup : ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে গ্ৰুপ পৰ্যায়ৰ খেল শেষ হোৱাৰ পিচত এক বিশেষ উপহাৰ লাভ কৰিছে । ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে ৰাহুলৰ এই ছবি । পঢ়ক সম্পূৰ্ণ খবৰ..

INDIAN COACH RAHUL DRAVID
বিশেষ উপহাৰ লাভ কৰিলে ৰাহুল দ্ৰাবিড়ে (ANI PHOTOS)

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 3:39 PM IST

স্প’ৰ্টছ ডেস্ক, 16 জুন : আই চি চি টি 20 বিশ্বকাপত টীম ইণ্ডিয়াৰ গ্ৰুপ পৰ্যায়ৰ যাত্ৰাৰ অন্ত পৰিল ৷ শনিবাৰে ভাৰতে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেল কানাডাৰ বিৰুদ্ধে খেলিব লাগিছিল যদিও বৰষুণৰ বাবে খেলপথাৰ অনুপযোগী হৈ পৰাত মেচখন বাতিল কৰা হয় ৷

ইতিমধ্যে গ্ৰুপ পৰ্যায়ত 3 খন মেচ খেলি ভাৰতে তিনিওখনতে জয়লাভ কৰিছে ৷ প্ৰথমখন খেলত ভাৰতে আয়াৰলেণ্ডক 8 উইকেটত পৰাস্ত কৰে ৷ ইয়াৰ পিচত দ্বিতীয়খন মেচত পাকিস্তানক 6 ৰাণৰ ব্যৱধানত আৰু তৃতীয়খন খেলত ঘৰুৱা দল ইউ এছ এক 7 উইকেটত পৰাস্ত কৰে ভাৰতীয় দলটোৱে ৷ এই আকৰ্ষণীয় প্ৰদৰ্শনৰ পিচত দলটোৱে ছুপাৰ-8 ত স্থান লাভ কৰিছে ৷

কানাডাই ৰাহুলক দিলে বিশেষ উপহাৰ-

টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে ভাৰতীয় দলটোক ছুপাৰ-8 লৈ লৈ যোৱাত বিশেষ ভূমিকা পালন কৰিছে ৷ অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে ৰাহুলে কৌশল ৰচনা কৰি খেলপথাৰত কাৰ্যকৰী কৰে, যাৰ বাবেই টীম ইণ্ডিয়াই ছুপাৰ-8 ত প্ৰৱেশ কৰে ৷ এতিয়া ছুপাৰ-8 ত প্ৰৱেশ কৰাৰ আগতে আৰু গ্ৰুপ পৰ্যায়ৰ অন্ত পৰাৰ পিচত প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে লাভ কৰিছে এটা ডাঙৰ উপহাৰ ৷ এই উপহাৰ আন কোনো নহয়, কানাডাৰ ক্ৰিকেট দলে দ্ৰাবিড়ক দিছে এটা বিশেষ জাৰ্ছী ৷

লগতে পঢ়ক :খেল বাতিল হ'লেও কোহলীৰ সৈতে ফটো তোলাত ব্যস্ত কানাডাৰ খেলুৱৈ - T20 World Cup 2024

আচলতে ভাৰত আৰু কানাডাৰ মাজত খেলখন নহ’লেও কানাডাৰ খেলুৱৈ আৰু প্ৰশিক্ষক, কৰ্মচাৰীয়ে মিলি ৰাহুল দ্ৰাবিড়ক তেওঁৰ সন্মানাৰ্থে এটা স্বাক্ষৰিত কানাডাৰ জাৰ্ছী উপহাৰ দিয়ে ৷ ইয়াৰ ছবি ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ কানাডাৰ ড্ৰেছিংৰুমত উপস্থিত থকা দেখা গৈছে ৰাহুলক, য’ত তেওঁ কানাডাৰ জাৰ্ছী গ্ৰহণ কৰা দেখা গৈছে ৷

T-20 বিশ্বকাপ জয় কৰাৰ লক্ষ্য-

ৰাহুলৰ কাৰ্যকালত ভাৰতীয় দলে T-20 বিশ্বকাপ 2022 ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল ৷ আনহাতে এদিনীয়া বিশ্বকাপ 2023 ৰ ফাইনেলতো উপনীত হৈছিল ৷ এতিয়া প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল শেষ হ'বলৈ ওলাইছে ৷ এই T-20 বিশ্বকাপ তেওঁৰ অন্তিম প্ৰতিযোগিতা, তাৰ পূৰ্বে তেওঁ নিশ্চিতভাৱে টীম ইণ্ডিয়াক আই চি চি ট্ৰফী দিব বিচাৰিব আৰু সেয়া হ'ব T-20 বিশ্বকাপ 2024 ৰ ট্ৰফী ৷

লগতে পঢ়ক :আশাহত অনুৰাগী: বৰষুণৰ বাবে পৰিত্যক্ত ভাৰত-কানাডাৰ মেচ - T20 World Cup 2024

ABOUT THE AUTHOR

...view details