অসম

assam

ETV Bharat / sports

ভাৰত-পাকিস্তানৰ মেচ : দুটা টিকটৰ বাবে তিনি লাখ টকা খৰচ কৰিলে অনুৰাগীয়ে - T20 World Cup 2024 - T20 WORLD CUP 2024

India vs Pakistan: ভাৰত আৰু পাকিস্তানৰ মেচ চাবলৈ টকাৰ চিন্তা নকৰাকৈ এজন অনুৰাগীয়ে কিনিলে টিকট। এইজন অনুৰাগীয়ে ৩ লাখ টকা খৰচ কৰি টিকট ক্ৰয় কৰিছে। ইমান দামত টিকট কিনাৰ পিচতো অনুৰাগীজন বৰ সুখী। সম্পূৰ্ণ খবৰ পঢ়ক...

India vs Pakistan
আজি ভাৰত আৰু পাকিস্তানৰ মাজৰ হাই ভল্টেজ মেচ (AP PHOTOS)

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 5:34 PM IST

স্পৰ্টছ ডেস্ক, 9 জুন : আজি ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া হাই ভল্টেজ মেচখনৰ বাবে সমগ্ৰ বিশ্বৰ অনুৰাগীসকল অতিশয় উৎসাহিত হৈ আছে ৷ এই মেচত অনুৰাগীয়ে ৰোহিত শৰ্মা, বিৰাট কোহলী, যশপ্ৰীত বুমৰাহ, বাবৰ আজম, শ্বাহীন আফ্ৰিদিৰ দৰে তাৰকা ক্ৰিকেটাৰক একেলগে খেলা দেখিবলৈ গৈ আছে ৷ ভাৰত আৰু পাকিস্তানৰ এই হাই ভল্টেজ মেচখন চাবলৈ অনুৰাগীসকল যিকোনো পৰিসৰলৈ যাবলৈ সাজু ৷ এনে পৰিস্থিতিত এক ঘটনা পোহৰলৈ আহিছে, য’ত এজন অনুৰাগীয়ে এই মেচখন চাবলৈ টিকটৰ বাবে লাখ লাখ টকা খৰছ কৰিছে ৷ যাৰ ভিডিঅ’ ক্ৰমে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷

ভাৰত-পাক মেচৰ বাবে অনুৰাগীয়ে লাখ লাখ টকা খৰচ কৰিলে-

এই ভিডিঅ'টোত এজন অনুৰাগীয়ে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাক লগ পোৱা দেখা গৈছে ৷ এই সময়ছোৱাত তেওঁ ৰোহিতৰ পৰা অটোগ্ৰাফ লাভ কৰে ৷ এই অনুৰাগীজনৰ নাম বশিষ্ঠ বুলি কোৱা হৈছে আৰু তেওঁ ভাৰতৰ ৷ তেওঁ তেলেংগানাৰ হায়দৰাবাদৰ পৰা আহিছে ৷ তেওঁ দুটা টিকটৰ বাবে 4,000 মাৰ্কিন ডলাৰ খৰছ কৰে ৷ কিন্তু ইমান দামত টিকট ক্ৰয় কৰিও তেওঁৰ কোনো আক্ষেপ নাই কাৰণ কাৰণ তেওঁ নিজৰ নায়ক ৰোহিত শৰ্মাক লগ পাবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :ৰোহিত শৰ্মাক আউট কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান: কোনে ক’লে এই কথা ? - IND vs PAK T20 World Cup 2024

ভাৰত আৰু পাকিস্তানৰ এই ৰোমাঞ্চকৰ খেলখন চাবলৈ এইগৰাকী ভাৰতীয় অনুৰাগীয়ে 3 লাখ টকা দি 2টা টিকট ক্ৰয় কৰিছে ৷ ইয়াৰ পৰাই অনুৰাগীৰ ক্ৰিকেটৰ প্ৰতি থকা আকৰ্ষণৰ উমান ল’ব পাৰি, ইয়াৰ লগতে তেওঁ ভাৰত আৰু পাকিস্তানৰ বিস্ফোৰক খেলখন কিমান আগ্ৰহেৰে উপভোগ কৰিব বিচাৰে এই কথাও স্পষ্টকৈ পৰিলক্ষিত হৈছে ৷ আজি নিশা 8 বজাত নিউয়ৰ্কত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব তীব্ৰ উত্তেজনাপূৰ্ণ এই মেচ ৷

লগতে পঢ়ক :টি-২০ বিশ্বকাপৰ আজি মহাৰণ; সমুখ সমৰত ভাৰত বনাম পাকিস্তান - T20 World Cup 2024

ABOUT THE AUTHOR

...view details