স্প’ৰ্টছ ডেস্ক: গুজৰাটৰ উইকেটকীপাৰ বেটছমেন উৰ্ভিল পেটেলে চৈয়দ মুস্তাক আলী ট্ৰফীত ত্ৰিপুৰাৰ বিৰুদ্ধে 28 টা বলত শতক অৰ্জন কৰি গঢ়িছে এক অভিলেখ ৷ ক্ৰিকেটাৰগৰাকীয়ে টি-20 ক্ৰিকেটত দ্বিতীয় দ্ৰুততম শতক অৰ্জনৰ অভিলেখ গঢ়ে ।
এই তালিকাৰ শীৰ্ষস্থানত আছে এষ্টোনিয়াৰ চাহিল চৌহান, যিয়ে চলিত বৰ্ষৰ জুনত চাইপ্ৰাছৰ বিৰুদ্ধে মাত্ৰ 27 টা বলতে অৰ্জন কৰিছিল শতক ।
উৰ্ভিল পেটেলে ভংগ কৰিলে ঋষভ পন্তৰ অভিলেখ
উৰ্ভিল পেটেলক শেহতীয়াকৈ আই পি এল নিলামত কোনো দলে ক্ৰয় কৰা নাছিল ৷ খেলুৱৈগৰাকীয়ে 12 টা ছয় আৰু 7 টা চাৰিৰে চৈয়দ মুস্তাক আলী ট্ৰফীত শতক অৰ্জন কৰে । সোঁহতীয়া বেটছমেনগৰাকীয়ে মাত্ৰ 35 টা বলত 113 ৰাণৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল ।
উল্লেখ্য যে, পূৰ্বে টি-20 ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম শতক অৰ্জন কৰাৰ অভিলেখ আছিল ঋষভ পন্তৰ নামত ৷ পন্তে 2018 চনত চৈয়দ মুস্তাক আলী ট্ৰফীত দিল্লীৰ হৈ খেলি হিমাচল প্ৰদেশৰ বিৰুদ্ধে 32 টা বলত অৰ্জন কৰিছিল এই কৃতিত্ব ।
প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত উৰ্ভিল পেটেলে মাত্ৰ ছয়খন মেচ খেলিছে ৷ য’ত খেলুৱৈগৰাকীয়ে সৰ্বাধিক 60 ৰাণৰ সৈতে মুঠ 158 ৰাণ সংগ্ৰহ কৰিছে । ক্ৰিকেটাৰগৰাকীৰ নামত আছে এটা অৰ্ধশতক ৷ 26 বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে এতিয়ালৈকে মুঠ 43 খন মেচ খেলি 20.83 গড়ে সংগ্ৰহ কৰিছে 875 ৰাণ । পেটেলৰ ষ্ট্ৰাইকৰেট হৈছে 154.32, য’ত চাৰিটা অৰ্ধশতকো অন্তৰ্ভুক্ত আছে ।
টি-20 ক্ৰিকেটত দ্ৰুততম শতক
- 27 বল – চাহিল চৌহান (এষ্টোনিয়া বনাম চাইপ্ৰাছ, 2024)
- 28 টা বল – উৰ্ভিল পেটেল (গুজৰাট বনাম ত্ৰিপুৰা, 2024)
- 30 টা বল – ক্ৰিছ গেইল (ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বনাম পুনে ৱাৰিয়ৰ্ছ, 2013)
- 32 টা বল – ঋষভ পন্ত (দিল্লী বনাম হিমাচল প্ৰদেশ, 2018)
- 33 টা বল – ডব্লিউ লুব্বে (নৰ্থ ৱেষ্ট বনাম লিম্পোপো, 2018)
- 33 টা বল – জন নিকোল লফ্টি-ইটন (নামিবিয়া বনাম নেপাল, 2024)
উৰ্ভিল পেটেলৰ আই পি এল কেৰিয়াৰ
যোৱা বছৰৰ নৱেম্বৰত 27 বছৰীয়া উৰ্ভিলে 41 টা বলত লিষ্ট এ শতক অৰ্জন কৰিছিল । দ্ৰুততম লিষ্ট এ শতকৰ ভাৰতীয় অভিলেখ আছিল ইউছুফ পাঠানৰ নামত, যিয়ে 40 টা বলত এই কৃতিত্ব অৰ্জন কৰিছিল ।
উৰ্ভিল আই পি এল 2023 ত গুজৰাট টাইটানছৰ সৈতে সংযুক্ত আছিল যদিও খেলিবলৈ সুযোগ লাভ কৰা নাছিল ৷ 2024 চনত গুজৰাটে তেওঁক মুকলি কৰি দিয়াৰ পিছত আই পি এল 2025 ৰ নিলামৰ তালিকাত খেলুৱৈগৰাকীৰ নাম অন্তৰ্ভুক্ত আছিল ৷ অৱশ্যে কোনো ফ্ৰেঞ্চাইজিয়ে খেলুৱৈগৰাকীক ক্ৰয় কৰাত আগ্ৰহ প্ৰদৰ্শন নকৰিলে ৷
লগতে পঢ়ক:আই পি এল মেগা নিলাম 2025; এতিয়া আৰু ঋষভ পন্তে লাভ নকৰে 27 কোটি !