স্প’ৰ্টছ ডেস্ক: দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাৰ মাজত আৰম্ভ হৈছে টেষ্ট শৃংখলা ৷ এই শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হৈছে ডাৰবানত ।
ইতিমধ্যে আয়োজক দল দক্ষিণ আফ্ৰিকাই মেচখনত এক শক্তিশালী স্থিতিত উপনীত হৈছে ৷ মেচখনত বিজয়ৰ বাবে দক্ষিণ আফ্ৰিকাক প্ৰয়োজন মাত্ৰ 5 টা উইকেটৰ ৷
কিন্তু ইয়াৰ মাজতে লাভ কৰা এক দুঃসংবাদে জোকাৰি গৈছে সমগ্ৰ ক্ৰিকেট জগত ৷ দক্ষিণ আফ্ৰিকাৰ হৈ প্ৰায় 100 খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা প্ৰাক্তন অভিজ্ঞ এগৰাকী খেলুৱৈক মেচ ফিক্সিঙৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ।
প্ৰাপ্ত তথ্য অনুসৰি, প্ৰাক্তন ফাষ্ট বলাৰ লোনৱাহো টছটচোবেক শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ অপৰাধ অনুসন্ধান বিভাগে গ্ৰেপ্তাৰ কৰিছে । টছটচোবেৰ উপৰিও আন দুজন প্ৰাক্তন খেলুৱৈকো একে অপৰাধতে কৰা হৈছে গ্ৰেপ্তাৰ । এই খেলুৱৈসকলৰ বিৰুদ্ধে 2015/2016 ত অনুষ্ঠিত ঘৰুৱা টি-20 ৰাম শ্লেম প্ৰতিযোগিতাৰ সময়ত মেচ ফিক্সিং কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল ।
দক্ষিণ আফ্ৰিকাই নিষিদ্ধ কৰিছে সাতজন ক্ৰিকেটাৰক
ই এছ পি এন ক্ৰিকইনফোৰ এক প্ৰতিবেদন অনুসৰি, 2016 আৰু 2017 চনত টি-20 টুৰ্ণামেণ্টৰ সময়ত ক্ৰিকেট দক্ষিণ আফ্ৰিকাই মেচ ফিক্সিঙৰ অপৰাধত নিষিদ্ধ কৰা সাতগৰাকী ক্ৰিকেটাৰৰ ভিতৰত আছিল লোনৱাবো টছটচোবে, থামি টোচোলকিল আৰু ইথি ম্বালাটিৰ নাম ৷
এই সাত খেলুৱৈৰ ভিতৰত অন্যতম অভিযুক্ত গোলাম বডীক ইতিমধ্যে কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে ৷ তদুপৰি জিন চিমছ আৰু পুমি মাৎচিক দোষী সাব্যস্ত কৰি শাস্তি হিচাপে ক্ৰিকেটৰ পৰা নিলম্বন কৰা হৈছিল । শেহতীয়াকৈ একেটা অপৰাধতে গ্ৰেপ্তাৰ কৰা হৈছে লোনৱাবো টছটচোবে, থামি টোচোলকিল আৰু ইথি ম্বালাটিক ৷