অসম

assam

গুৱাহাটীত উপস্থিত হ’ল পাঞ্জাৱ কিংছ, 15 মে’ত ৰাজস্থানৰ বিৰুদ্ধে যুঁজ - IPL 2024

By ETV Bharat Assamese Team

Published : May 12, 2024, 9:57 PM IST

Barsapara Cricket Stadium : ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচৰ বাবে পঞ্জাৱ কিংছৰ দলটো আজি উপস্থিত হয় গুৱাহাটীত ৷ বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ পোনে পোনে তাজ ভিভাণ্টালৈ ৰাওনা হয় দলটো।

Barsapara Cricket Stadium
আই পি এল 2024ৰ দুখনকৈ মেচ অনুষ্ঠিত হ’ব বৰ্ষাপাৰাত (ETV BHARAT ASSAM)

গুৱাহাটীত উপস্থিত হ’ল পাঞ্জাৱ কিংছ (ETV BHARAT ASSAM)

গুৱাহাটী, 12 মে’ : আই পি এল মেচৰ বাবে গুৱাহাটীত উপস্থিত পঞ্জাৱ কিংছৰ দল ৷ দেওবাৰে বিয়লি পাঞ্জাৱ কিংছৰ দলটো আহি গুৱাহাটীত উপস্থিত হয় ৷ 15 মে’ত বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া মেচৰ বাবে পঞ্জাৱ কিংছৰ দলটো আজি উপস্থিত হয় গুৱাহাটীত ৷ গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ পোনে পোনে তাজ ভিভাণ্টালৈ ৰাওনা হয় দলটো ৷ পূৰ্ব নিৰ্ধাৰিত সময়ৰ পূৰ্বেই শনিবাৰে গুৱাহাটীত উপস্থিত হয় পঞ্জাৱ কিংছ দলটো ৷

উল্লেখ্য যে, আই পি এল 2024ৰ দুখনকৈ মেচ অনুষ্ঠিত হ’ব বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট ‌সংস্থাৰ ষ্টেডিয়ামত ৷ 15 আৰু 19 মে’ত অনুষ্ঠিত হ’ব এই মেচ দুখন ৷ 15 মে’ত বৰ্ষাপাৰাত মুখামুখি হ’ব পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছ ৷ আনহাতে 19 মে’ত ৰাজস্থান ৰয়েলছ দলৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ বৰ্ষাপাৰাত দলটোৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ ৷

ইফালে এই মেচৰ বাবে পঞ্জাৱ কিংছৰ স্বত্বাধিকাৰী তথা বলিউড অভিনেত্ৰী প্ৰীতি জিন্টা আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী তথা বলিউড অভিনেতা শ্বাহৰুখ খান গুৱাহাটীলৈ অহাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে 11 মে’ত গুৱাহাটীত সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে ৷

আনহাতে ৰাজস্থান ৰয়েলছ 13 মে'ত গুৱাহাটীত উপস্থিত হ’ব আৰু 20 মে’ লৈকে গুৱাহাটীতে থাকিব বুলি জনায় ৰঞ্জিত বৰঠাকুৰে ৷ 14 মে'ৰ পৰা বৰ্ষাপাৰাত দলটোৰ অনুশীলন আৰম্ভ হ’ব ৷

ইতিমধ্যে বৰ্ষাপাৰাত আনুষ্ঠিত হ’বলগীয়া আই পি এলৰ দুখনকৈ মেচক লৈ উৎসাহিত হৈ পৰিছে ৰাজ্যৰ ক্ৰিকেট প্ৰেমী ৷ মেচ দুখনৰ বাবে অসম ক্ৰিকেট সংস্থাইয়ো যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷

লগতে পঢ়ক :বৰ্ষাপাৰাত আই পি এলৰ দৰ্শক হ’ব শ্বাহৰুখ খান-প্ৰীতি জিন্টা ! - IPL 2024

ABOUT THE AUTHOR

...view details