স্পৰ্টছ ডেস্ক, 9 জুন :ইতিহাস লিখিলে ভাৰতৰ পূজা টোমৰে ৷ তেওঁ ইউ এফ চি লুইছভিলত অনুষ্ঠিত আলটিমেট ফাইটিং চেম্পিয়নশ্বিপ (ইউ এফ চি)ত জয়ী হোৱা দেশৰ প্ৰথমগৰাকী মিক্সড মাৰ্শ্বিয়েল আৰ্টছ যুঁজাৰু হিচাপে পৰিগণিত হয় ৷ শনিবাৰে ষ্ট্ৰ’ৱেট (52 কিলোগ্ৰাম)ৰ শাখাত ব্ৰাজিলৰ ৰায়ানে ডছ ছান্টোছৰ বিৰুদ্ধে 30-27, 27-30, 29-28 ব্যৱধানত জয়লাভ কৰে অভিষেককাৰী টোমৰে ৷
"এই জয় মোৰ জয় নহয় ৷ এই জয় সকলো ভাৰতীয় অনুৰাগী আৰু সকলো ভাৰতীয় যুঁজাৰুৰ বাবে ৷ সকলোৱে আগতে ভাবিছিল যে, ভাৰতীয় যুঁজাৰু ক'তো থিয় নহয় ৷ মই কেৱল ভাবিছিলো যে মই জিকিব লাগিব আৰু বিশ্বক দেখুৱাব লাগিব যে ভাৰতীয় যুঁজাৰুসকল পৰাজিত নহয় ৷" জয়ৰ পিচত চ’নী স্পোৰ্টছ নেটৱৰ্কক এইদৰে কয় তেওঁ ৷
"চাইক্লন" নামেৰে পৰিচিত 30 বছৰীয়া পূজা টোমৰ যোৱা বছৰৰ অক্টোবৰ মাহত ইউ এফ চিৰ সৈতে চুক্তিবদ্ধ হৈ ভাৰতৰ পৰা মিক্সড মাৰ্শ্বেল আৰ্টছৰ সৰ্ববৃহৎ প্ৰমোচনত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল ৷ আনশুল জুবলী আৰু ভাৰত কান্দৰে ইউ এফ চিত বিশ্ব মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ লগতে কানাডাৰ অৰ্জন সিং ভুলাৰেও ভাৰতক প্ৰতিনিধিত্ব কৰিছে ৷
পূজা টোমৰে কয়- "মই বৰ ভাল অনুভৱ কৰিছো, মই জিকিম বুলি ভাবি ঘৰৰ পৰা আহিছিলো ৷ মই সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰিছো সেইকাৰণে মই ইয়াত আছোঁ আৰু জনতাই মোক উৎসাহিত কৰি আছে ৷ মই বহুত শক্তিশালী আৰু অনুপ্ৰাণিত আছিলোঁ সেয়েহে মই জিকিছো ৷"