তেজপুৰ :তেজপুৰ প'ল' ফিল্ডত শতাধিক লোকৰ লগত ব্যস্ত ভাৰতীয় ভলীবলৰ প্ৰাক্তন অধিনায়ক আৰু ব্ৰহ্মপুত্ৰ ভলীবলৰ জন্মদাতা অভিজিত ভট্টাচাৰ্য । বিগত ২০১৯ চনত অসমৰ ওপজা মাটিৰ পৰশেৰে উজ্জীৱিত হৈ পৰৱৰ্তী সময়ত ২০২০ চনত প্ৰথম তেজপুৰৰ পৰা আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পঞ্চম বৰ্ষৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ব তেজপুৰ প'ল' ফিল্ড খেলপথাৰত ।
তেজপুৰত ব্ৰহ্মপুত্ৰ ভলীবলৰ ছুপাৰ লীগ
ক্ৰিকেটৰ আই পি এল, ফুটবলৰ আই এছ এলৰ পিছত এইবাৰ গাঁৱৰ ওপজা মাটিৰ পৰশত উজ্জীৱিত হোৱা ব্ৰহ্মপুত্ৰ ভলীবল লীগ আৰম্ভ হৈছে এক বহল পৰিসৰত । তেজপুৰত অনুষ্ঠিত হ'বলগীয়া এই বি ভি এলৰ ছুপাৰ লীগত উপস্থিত থাকিব আন্তঃৰাষ্ট্ৰীয় ভলীবলৰ সভাপতি ফেবিঅ' এজেভেডো (Fabio Azevedo) ।
অসমত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভলীবলৰ সভাপতি নিজে উপস্থিত থাকি গাঁৱৰ খেলুৱৈৰ দ্বাৰা পৰিবেশন কৰা খেল নিৰীক্ষণ কৰিব ।
ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ চূড়ান্ত খেলত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ
ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্যই ই টিভি ভাৰতৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত জনায় ,"অহা ২৩ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ এই চূড়ান্ত খেল অনুষ্ঠিত হ'ব । ২৪ জানুৱাৰীত ফেডাৰেচন ইণ্টাৰনেচনেল ডি ভলীবলৰ সভাপতি ফেবিঅ' এজেভেডো এই ব্ৰহ্মপুত্ৰ ভলীবলৰ চূড়ান্ত খেলত উপস্থিত থাকিব । লগতে উপস্থিত থাকিব কাৰ্যকৰী সঞ্চালক এলিজাভেট ব্ৰাচট (Elizaveta Bracht) । ৰাছিয়াৰ এলিজাভেটে ছিডনী আৰু এথেন্সত অনুষ্ঠিত অলিম্পিকত দুবাৰকৈ অলিম্পিক পদক অৰ্জন কৰিছিল । ইয়াৰ উপৰি ডঃ ভ্লাডিমিৰ গাৰ্বিক (Dr. Vladimir Garbic) আৰু অৰ্জুন বঁটা বিজয়ী, দ্ৰোণাচাৰ্য বঁটা বিজয়ী শ্যাম সুন্দৰ ৰাও এই প্ৰতিযোগিতাত উপস্থিত থাকিব ।"
অভিজিত ভট্টাচাৰ্যই লগতে কয়, "প্ৰায় ১০ হাজাৰ লোক ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ লগত জড়িত হৈ আছে আৰু ৪ হাজাৰ ভলণ্টিয়াৰ্ছ আছে, যিয়ে এই খেলসমূহ তদাৰক কৰি আহিছে । বৰ্তমান অসমৰ ৩২ খন জিলাত ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ কেন্দ্ৰ আছে, যাৰ ফলস্বৰূপে সাধাৰণ ৰাইজ আৰু এই ভলীবলৰ সদস্যৰ দ্বাৰা খেল অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ ।" ভলীবলৰ লগত বা অন্য কোনো খেলৰ লগত জড়িত নথকা ব্যক্তিয়েও এই খেলৰ আয়োজন কৰিছে বুলি তেওঁ লগতে উল্লেখ কৰে ।
তেওঁ কয়, "চাৰিদিনত ৩৫ টা দলৰ ৫০০ খেলুৱৈৰ অংশগ্ৰহণেৰে ৭২ খন খেল অনুষ্ঠিত হ'ব । ১২ বছৰ অনূৰ্ধ্বৰ ল'ৰা আৰু ছোৱালী শাখা আৰু ১৬ বছৰ অনূৰ্ধ্বৰ গাঁৱৰ ল'ৰা-ছোৱালীয়ে এই খেল খেলিবলৈ আহিব ।"