ETV Bharat / sports

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুভৰিৰ যাদু দেখুৱাবলৈ সাজু মৰিগাঁৱৰ মহম্মদ ছামী - INDIAN FOOTBALL TEAM

ভাৰতীয় ফুটবল দলত স্থান লাভ কৰিলে মৰিগাঁৱৰ এজন যুৱকে । মৰিগাঁও জিলাৰ মহম্মদ ছামীৰ সাফল্যত আনন্দিত পিতৃ-মাতৃ তথা স্থানীয় লোক ।

Mohammed Shami of Morigaon district gets a place in Indian football team
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুভৰিৰ যাদু দেখুৱাবলৈ সাজু মহম্মদ ছামী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 21, 2025, 7:44 PM IST

মৰিগাঁও: ফুটবল খেল খেলি ভাল পোৱা এজন যুৱক । ৮ বছৰ বয়সৰ পৰাই ফুটবলৰ প্ৰতি আকৰ্ষিত আছিল যুৱকজন । সৰুৰে পৰাই ভৰিৰ যাদু দেখুৱাবলৈ সক্ষম হৈছিল যুৱকজন । যুৱকজনৰ লগতে পিতৃৰো আছিল সপোন এদিন এজন ভাল খেলুৱৈ হৈ অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ । আজি যেন সেই সপোন বাস্তৱায়িত ।

হয় আমি ক'ব বিচাৰিছোঁ মৰিগাঁও জিলাৰ দলবাৰীৰ ফুটবল খেলুৱৈ মহম্মদ ছামীৰ কথা । ভাৰতীয় ফুটবল দলত স্থান লাভ কৰিলে অসমৰ মৰিগাঁও জিলাৰ মহম্মদ ছামীয়ে । ইতিমধ‍্যে ১৭ বছৰ অনুৰ্ধ্বৰ ভাৰতীয় দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ ভৰিৰ যাদু প্ৰদৰ্শন কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে মহম্মদ ছামী ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুভৰিৰ যাদু দেখুৱাবলৈ সাজু মহম্মদ ছামী (ETV Bharat Assam)

এইবাৰ ছামীয়ে ২০ বছৰ অনুৰ্ধ্বৰ ভাৰতীয় ফুটবল দলত স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে মৰিগাঁও তথা অসমলৈ । এতিয়া মহম্মদ ছামীৰ ঘৰত আনন্দৰ পৰিবেশ । পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী গৌৰৱান্বিত ছামীক লৈ । পিতৃ জেহিৰুল ইছলামে আনন্দতে কয়, "খবৰতো পাই বহুত ভাল লাগিছে । খবৰটো সোমবাৰে আমি ৩.৫০-৪.০০ মান বজাত পাইছোঁ । সি যোৱা ১১ তাৰিখে দিল্লীৰ পৰা গোৱালৈ গৈছিল ৷ তাত প্ৰায় একসপ্তাহ-ন দিন ধৰি কেম্প কৰি আছিল । তাত ফলাফলতো পোৱা নাছিল বাবে ভাল লগা নাই বুলি কৈছিল ।"

Mohammed Shami of Morigaon district gets a place in Indian football team
দুভৰিৰ যাদু দেখুৱাবলৈ সাজু মহম্মদ ছামী (ETV Bharat Assam)

তেওঁ লগতে কয়, "সোমবাৰে স্কোৱাডত নাম অহাৰ পিছত সি উৎফুল্লিত হৈ ঘৰলৈ ফোন কৰিছে । মহম্মদ ছামী ভাৰতীয় দলৰ হৈ প্ৰথম যাব ইণ্ডোনেছিয়ালৈ । ইণ্ডোনেছিয়াত ২০ ৰ অনুৰ্ধৰ এখন প্ৰীতি মেচ আছে । তাৰ পাছতে ছিৰিয়া আৰু জৰ্ডান যাব । ২৪, ২৭ আৰু ৩০ তাৰিখে খেল আছে । আজি যাত্ৰা কৰিব ইণ্ডোনেছিয়ালৈ । সি প্ৰায় আঠ বছৰ বয়সৰ পৰা ফুটবল খেলিছে । মই তাক প্ৰথম দলবাৰী যুৱক কল্যান খেলপথাৰলৈ লৈ গৈছোঁ তাৰ পাছত মৰিগাঁও টাউন ফুটবল একাডেমীলৈ লৈ গৈছিলোঁ ।"

ভাৰতীয় ফুটবল দলত সুযোগ লাভ (ETV Bharat Assam)

ইয়াৰ পিছতে পিতৃয়ে পুত্ৰৰ সপোন পূৰাবলৈ লক ডাউনৰ পিছত ২০২১ চনত দিল্লীৰ Surya Football Academy ত প্ৰশিক্ষণৰ বাবে ৰাখিছিল । ভৱিষ্যতলৈ ISL লৈ যোৱাৰ আশা পিতৃৰ ।

ফুটবল খেলুৱৈ মহম্মদ ছামী (ETV Bharat Assam)

আনহাতে মাতৃ চালেমা ইছলামো উৎফুল্লিত পুত্ৰৰ সফলতাক লৈ । আমি ই টি ভি ভাৰতৰ তৰফৰ পৰাও মহম্মদ ছামীক জনালোঁ অশেষ অভিনন্দন । আগুৱাই যাওক আৰু অসমৰ নাম বিশ্ব দৰবাৰত উজ্বলাই তোলক মহম্মদ ছামীয়ে ।

লগতে পঢ়ক: ক্ৰীড়াবিদৰ গৌৰৱে অনুপ্ৰাণিত কৰে জাতিক: সৰ্বানন্দ সোণোৱাল - ASSAM TEAM JERSEY OF NATIONAL GAMES

তেলেংগানাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদক লাভ শালনিবাৰী SSBৰ - NATIONAL SEPAKTAKRAW CHAMPIONSHIP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.