ETV Bharat / sports

ক্ৰিকেট ইতিহাসত আটাইতকৈ বেছি মেডেন অভাৰ কৰা বলাৰসকল - MAIDEN OVERS INTERNATIONAL CRICKET

এই প্ৰতিবেদনত আমি ক‘ম আন্তৰ্জাতিক ক্ৰিকেটত আটাইতকৈ বেছি মেডেন অভাৰ কৰাৰ অভিলেখ থকা শীৰ্ষ পাঁচজন বলাৰৰ কথা ৷

ETV Bharat
প্ৰতিনিধিত্বমূলক ছবি (IANS)
author img

By ETV Bharat Assamese Team

Published : Jan 21, 2025, 12:01 PM IST

হায়দৰাবাদঃ ভদ্ৰলোকৰ খেল হিচাপে আত্মপ্ৰকাশ কৰা ক্ৰিকেট এনে এক ক্ৰীড়া যিয়ে ইয়াৰ আৰম্ভণিৰ পৰা বৰ্তমান সময়লৈ বহু পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈছে আৰু সাম্প্ৰতিক সময়ত এক বেটছমেন অনুকূল খেল হিচাপে পৰিগণিত হৈছে। আজিকালি বেটছমেনে পাৰ্কৰ বাহিৰত বল মাৰি পঠিওৱাটো ক্ৰিকেট অনুৰাগীৰ বাবে তেনেই সাধাৰণ দৃশ্য। এতিয়া বেটছমেনসকলে পূৰ্বতকৈ অধিক আক্ৰমণাত্মক পন্থা গ্ৰহণ কৰাৰ লগে লগে নিয়মীয়াকৈ খেলবোৰত উচ্চ স্ক’ৰ কৰাটো এটা স্বাভাৱিক ঘটনা ।

অৱশ্যে আজিও ২২ গজৰ খেলখনত বেটছমেনৰ দৰেই বলাৰৰ গুৰুত্ব সিমানেই ৷ কাৰণ খেল এখন জিকোৱাৰ ক্ষেত্ৰত বলাৰসকলেই অধিক কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰে ৷ প্ৰয়োজনৰ সময়ত বলাৰেই নিজৰ বলিং দক্ষতাৰে বেটছমেনৰ উইকেট লোৱাৰ বাহিৰেও ৰানৰ গতিকো বাধা দিয়ে। কেতিয়াবা, তেওঁলোকে এটাও ৰান নিদিয়াকৈয়ে নিজৰ অভাৰ বল কৰে। যাক ক্ৰিকেটৰ ভাষাত মেডেন অভাৰ কোৱা হয় ৷ আজি আমি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ইতিহাসত সকলো ফৰ্মেটতে সৰ্বাধিক মেডেন অভাৰ বল কৰা বলাৰসকলৰ কথা ক’বলৈ আগবাঢ়িছোঁ।

মুথাইয়া মুৰলীধৰণ

শ্ৰীলংকাৰ প্ৰাক্তন স্পিনাৰ মুথাইয়া মুৰলীধৰণ যিকোনো প্ৰকাৰৰ ক্ৰিকেটৰ পিটচৰ পৰা ব্যাপক টাৰ্ণ আদায় কৰিব পৰা ক্ষমতাৰ বাবে জনাজাত ৷ নিজৰ স্পীনৰ যাদুৰে বিশ্বৰ শ্ৰেষ্ঠ বেটছমেনকো অসুবিধাত পেলোৱাৰ বাবে পৰিচিত আছিল দ্বীপৰাষ্ট্ৰৰ খেলুৱৈজন ৷ টেষ্টত ১৭৯৪টা আৰু এদিনীয়াত ১৯৮টা মেডেন অভাৰ বলিং কৰি দুয়োটা ফৰ্মেটতে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে মুৰলীধৰণে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সংক্ষিপ্ত ফৰ্মেটত ১২খন মেচ খেলিলেও টি-২০ ক্ৰিকেটত তেওঁৰ কোনো মেডেন অভাৰ নাই। তেওঁ ৪৫৯খন আন্তঃৰাষ্ট্ৰীয় মেচত মুঠ ১৯৯২টা মেডেন অভাৰ বলিং কৰি এই তালিকাৰ শীৰ্ষত আছে ।

ETV Bharat
মুথাইয়া মুৰলীধৰণৰ মেডেন পৰিসংখ্যা (ETV Bharat)

শ্বেন ৱাৰ্ণ

এই তালিকাৰ দ্বিতীয় স্থানত আছে কিংবদন্তি স্পীনাৰ শ্বেন ৱাৰ্ণ ৷ অষ্ট্ৰেলিয়াৰ প্ৰয়াত লেগ স্পিনাৰজনে সকলো ফৰ্মেটতে দ্বিতীয় সৰ্বাধিক মেডেন অভাৰ বলিং কৰিছে । ৱাৰ্ণে ১৭৫খন টেষ্টত ১৭১৬টা আৰু ১৯৪খন এদিনীয়াত ১১০টা মেডেন অভাৰ বলিং কৰিছে। অষ্ট্ৰেলিয়াৰ এই মহান স্পিনাৰগৰাকীয়ে ৩২৯খন আন্তঃৰাষ্ট্ৰীয় মেচত ১৮১৭টা মেডেন অভাৰ বলিং কৰিছে।

ETV Bharat
শ্বেন ৱাৰ্ণৰ মেডেন পৰিসংখ্যা (ETV Bharat)

গ্লেন মেকগ্ৰাথ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক মেডেন অভাৰ কৰা খেলুৱৈৰ তালিকাত তৃতীয় স্থানত থকা বলাৰজন হৈছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন পেচাৰ গ্লেন মেকগ্ৰাথ। তেওঁ ১২৪খন টেষ্টত ১৪১৪টা আৰু ২৫০খন এদিনীয়াত ২৭৯টা মেডেন অভাৰ বলিং কৰিছে। ইয়াৰ উপৰিও তেওঁ ২ খন টি-২০ মেচত অংশ লৈ ১ টা মেডেন অভাৰ বলিং কৰিছে। ৩৭৬খন আন্তঃৰাষ্ট্ৰীয় মেচত মুঠ ১৭৪৯টা মেডেন অভাৰত বলিং কৰিছে পিজ’ন নামেৰে খ্যাত এই ক্ষীণকায় বলাৰজনে ।

ETV Bharat
গ্লেন মেকগ্ৰাথৰ মেডেন পৰিসংখ্যা (ETV Bharat)

অনিল কুম্বলে

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বিশ্বপ্ৰসিদ্ধ স্পিনাৰ অনিল কুম্বলেও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক মেডেন অভাৰ বল কৰা বলাৰৰ তালিকাত অন্তৰ্ভুক্ত । কুম্বলেই ১৩২খন টেষ্টত ১৫৭৬টা আৰু ২৭১খন এদিনীয়াত ১০৯টা মেডেন অভাৰত বলিং কৰিছে। এইদৰে জাম্বো নামেৰে অভিহিত লেগ স্পীনাৰগৰাকীয়ে ৪০৩খন আন্তঃৰাষ্ট্ৰীয় মেচত ১৬৮৫টা মেডেন অভাৰ বলিং কৰি এই তালিকাত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

ETV Bharat
অনিল কুম্বলেৰ মেডেন পৰিসংখ্যা (ETV Bharat)

শ্ব’ন পোলক

দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ শ্ব’ন পোলক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক মেডেন অভাৰ বলিং কৰা পঞ্চমজন বলাৰ। তেওঁ ১০৮খন টেষ্টত ১২২২টা আৰু ৩০৩খন এদিনীয়াত ৩১৩টা মেডেন অভাৰ বলিং কৰিছে। লগতে টি-২০ সংস্কৰণতো তেওঁ এটা মেডেন অভাৰ বলিং কৰিছে। তেওঁৰ নামত ৪২৩খন আন্তঃৰাষ্ট্ৰীয় মেচত মুঠ ১৫৩৬টা মেডেন অভাৰ আছে।

ETV Bharat
শ্ব’ন পোলকৰ মেডেন পৰিসংখ্যা (ETV Bharat)

লগতে পঢ়ক: ক্ৰিকেট ইতিহাসৰ সকলো ফৰ্মেটত শতক অৰ্জন কৰা অধিনায়কসকল কোন কোন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.