স্প’ৰ্টছ ডেস্ক:পেৰিছ অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী তথা আলজেৰিয়াৰ বক্সাৰ ইমানে খালিফৰ লিংগ বিতৰ্ক বৰ্তমান সময়ৰ চৰ্চাৰ বিষয় । শেহতীয়াকৈ ফ্ৰান্সৰ সংবাদ মাধ্যমে তেওঁৰ চিকিৎসা প্ৰতিবেদন ফাদিল কৰাৰ পিছত বহু কথা পোহৰলৈ আহে ।
চিকিৎসা প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত বক্সাৰগৰাকী মহিলা নহৈ বৰং পুৰুষহে বুলি বিশ্বজুৰি আৰম্ভ হয় চৰ্চা ৷ সামাজিক মাধ্যমতো এই বিষয়ক লৈ ব্যাপক চৰ্চা চলা পৰিলক্ষিত হয় ৷ আনকি বক্সাৰগৰাকী পুৰুষ বুলি জানিব পৰাৰ পিছতে পেৰিছত লাভ কৰা স্বৰ্ণপদক ঘূৰাই আনিবলৈ বহুতে দাবী জনায় ৷
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙেও খালিফৰ স্বৰ্ণপদক ওভোতাই আনিবলৈ অলিম্পিক সমিতিক দাবী উত্থাপন কৰে ৷
আনহাতে, আই অ’ চিয়ে এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰে যে চিকিৎসা প্ৰতিবেদন ফাদিল কৰাৰ অপৰাধত সংবাদ মাধ্যমৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ সাজু হৈছে ইমানে খালিফ ।
লগতে পঢ়ক:মহিলা নহয় পুৰুষহে; চিকিৎসা বিজ্ঞানে উদঙালে স্বৰ্ণজয়ী বক্সাৰ ইমানে খালিফৰ প্ৰকৃত সত্য
2024 চনৰ অলিম্পিকৰ সময়ত খালিফে বহু অসুবিধাৰ সন্মুখীন হৈছিল । শেহতীয়াকৈ ফাদিল হোৱা তেওঁৰ চিকিৎসা প্ৰতিবেদনৰ সন্দৰ্ভত এতিয়া মানহানিৰ গোচৰ তৰিবলৈ সাজু হৈছে বক্সাৰগৰাকী ৷ অৱশ্যে আইনী ব্যৱস্থা সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে আই অ’ চি ।