স্পৰ্টছ ডেস্ক, ৬ আগষ্ট :ছুইডেনৰ তাৰকা প'ল ভ'ল্টাৰ আৰ্মাণ্ড মণ্ডো ডুপ্লাণ্টিছে পেৰিছ অলিম্পিকত নৱমবাৰৰ বিশ্ব অভিলেখ ভংগ কৰি স্বৰ্ণ পদক জয় কৰে । লগতে বিশ্ব ক্ৰীড়া ইতিহাসক নিজৰ উৎকৃষ্টতা প্ৰদৰ্শনেৰে এক নতুন মাত্ৰা প্ৰদান কৰে । সোমবাৰে তেওঁৰ তৃতীয়টো প্ৰচেষ্টাত ৬.২৫ মিটাৰ দূৰত্ব অতিক্ৰম কৰি পূৰ্বৰ অভিলেখৰ সীমা অতিক্ৰম কৰে । তেওঁৰ বিশ্ব অভিলেখ আৰু আধিপত্যই দেখুৱায় যে তেওঁ এই ইভেণ্টটোৰ অবিসম্বাদী সম্ৰাট ।
আটাইতকৈ আচৰিত কথাটো হৈছে যে তেওঁ প'ল ভ'ল্টত বিশ্ব অভিলেখ ভংগ কৰা এইটোৱেই প্ৰথম বা দ্বিতীয় ঘটনা নহয় । ছুইডিছ খেলুৱৈগৰাকীয়ে নৱমবাৰৰ বাবে এনে এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰে আৰু ২০২০ চনৰ ৮ ফেব্ৰুৱাৰীত আৰম্ভ কৰা তেওঁৰ অভিলেখ ভংগৰ ধাৰা অব্যাহত ৰাখে । ইয়াৰ উপৰি মণ্ডোৰ এইটো হৈছে একেৰাহে দ্বিতীয়টো অলিম্পিক স্বৰ্ণ । এই প্ৰতিযোগিতাত আমেৰিকাৰ ছেম কেণ্ড্ৰিক্সে ৰূপৰ পদক অৰ্জন কৰে । আনহাতে, গ্ৰীচৰ এমেনাউলি কাৰ্লিছে ব্ৰঞ্জৰ পদক লাভ কৰে । ডুপ্লাণ্টিছে ২০২০ চনত ৰেকৰ্ড ভংগৰ এটা ধাৰা আৰম্ভ কৰিছিল আৰু একেৰাহে ৮ বাৰ অভিলেখ ভংগ কৰিছে ।