স্পৰ্টছ ডেস্ক, 8 আগষ্ট : পেৰিছ অলিম্পিক 2024 ত ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফোগাটৰ বিষয়টো এতিয়াও বহুচৰ্চিত হৈ আছে ৷ ভাৰতীয় প্ৰাক্তন তাৰকা শ্বাটলাৰ ছাইনা নেহৱালেও ফোগাটক অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ বিনেশ ফোগাটৰ অযোগ্য ঘোষণা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মল্লযুঁজাৰুগৰাকীয়ে আগবাঢ়ি আহি নিজৰ ভুলৰ দায়িত্ব ল’ব লাগে বুলি মন্তব্য কৰিছে ৷
ছেমি ফাইনেললৈকে 50 কেঃজি সীমাৰ ভিতৰত আছিল বিনেশ আৰু ৰূপৰ পদক নিশ্চিত হোৱাৰ লগে লগে তেওঁক শক্তিশালী ৰূপত দেখা গৈছিল ৷ কিন্তু চূড়ান্ত খেলৰ পূৰ্বে তেওঁৰ ওজন 100 গ্ৰামতকৈ অধিক হোৱা বুলি ধৰা পৰে আৰু ইয়াৰ বাবেই তেওঁক প্ৰতিযোগিতাৰ পৰা অযোগ্য ঘোষণা কৰা হয় ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছ (CAS)ত আবেদন দাখিল কৰি ৰূপৰ পদক দাবী কৰিছে বিনেশে ৷
এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চাইনা নেহৱালে কয় যে বিনেশে নিজৰ ভুলৰ দায়িত্ব ল’ব লাগে ৷ এন ডি টিভিৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, ‘সাধাৰণতে কোনো খেলুৱৈয়েই এই পৰ্যায়ত এনে ভুল নকৰে ৷ এইটো কেনেকৈ হ’ল সেয়া এক প্ৰশ্নবোধক চিহ্ন ৷ কাৰণ তেওঁৰ এটা ডাঙৰ দল আছে ৷ তেওঁৰ বহু ফিজিঅ’, প্ৰশিক্ষক আছে ৷ সকলোৰে নিশ্চয় বৰ বেয়া লাগিছে ৷ মল্লযুঁজৰ নিয়ম-নীতি মই নাজানো ৷ এজন খেলুৱৈ হিচাপে মোৰ বেয়া লাগে ৷'