অসম

assam

ETV Bharat / sports

ৰে’লৱেত টিকট পৰীক্ষকৰ পৰা অলিম্পিক পদক বিজয়ীলৈ : ধোনীৰ দৰে প্ৰেৰণাদায়ক কাহিনী স্বপ্নীল কুছালেৰ - Paris Olympics 2024

Swapnil Kusale Biography : ২০২৪ চনৰ পেৰিছ অলিম্পিকত ৫০ মিটাৰ ৰাইফল ৩ পজিচনত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতৰ যুৱ শ্বুটাৰ স্বপ্নীল কুছালেৰ জীৱন যাত্ৰা ক্ৰিকেটাৰ এম এছ ধোনীৰ দৰেই। পঢ়ক সম্পূৰ্ণ খবৰ...

SWAPNIL KUSALE BIOGRAPHY
স্বপ্নীল কুছালেৰ প্ৰেৰণাদায়ক কাহিনী (AP)

By ETV Bharat Sports Team

Published : Aug 1, 2024, 6:52 PM IST

Updated : Aug 1, 2024, 7:45 PM IST

স্পৰ্টছ ডেস্ক, 1 আগষ্ট : পেৰিছ অলিম্পিক 2024ত 50 মিটাৰ ৰাইফল 3 পজিচনত ব্ৰঞ্জৰ পদক লাভ কৰা স্বপ্নীল কুছালেৰ কাহিনী মহেন্দ্ৰ সিং ধোনীৰ কাহিনীৰ দৰেই ৷ কুছালেই ক্ৰীড়াৰ কেৰিয়াৰৰ বাবে ধোনীৰ পৰা প্ৰেৰণা লৈছিল ৷ এম এছ ধোনীৰ দৰেই স্বপ্নীলো জীৱনৰ আৰম্ভণিতে ৰে’লৱেৰ টিকট সংগ্ৰাহক আছিল ৷

স্বপ্নীল কুছালেই ৰচিলে ইতিহাস :

ভাৰতৰ যুৱ শ্বুটাৰ স্বপ্নীল কুছালে 2024 চনৰ পেৰিছ অলিম্পিকৰ পুৰুষৰ 50 মিটাৰ ৰাইফল 3 পজিচনৰ ফাইনেলত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস সৃষ্টি কৰে ৷ প্ৰথমবাৰৰ বাবে অলিম্পিকত 50 মিটাৰ ৰাইফল 3 পজিচন ইভেণ্টত এজন ভাৰতীয় শ্বুটাৰে পদক লাভ কৰে ৷ ইয়াৰ লগে লগে কুছালে ভাৰতক তৃতীয়টো পদক প্ৰদান কৰে ৷ উল্লেখ্য যে, ভাৰতে এই অলিম্পিকত এতিয়ালৈকে লাভ কৰা তিনিওটা পদক শ্বুটিঙৰ পৰা আহিছে ৷

ধোনীৰ সৈতে মিল আছে কুছালেৰ কাহিনী :

কুছালেৰ সফলতাৰ কাহিনী মহান ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ দৰেই ৷ ধোনীৰ দৰে কুছালেও ৰে’লৱেৰ টিকট সংগ্ৰাহক আছিল ৷ আজি (1 আগষ্ট) দিনৰ 1 বজাত ফাইনেল খেলিবলৈ আহিছিল স্বপ্নীল কুছালে ৷ এই ইভেণ্টৰ ফাইনেলত খেলা প্ৰথম ভাৰতীয় আছিল কুছালে ৷ শ্বুটাৰগৰাকীয়ে তেওঁৰ প্ৰথম অলিম্পিকত ভাৰতৰ হৈ পদক জিকিছিল৷

মাতৃ চৰপঞ্চ আৰু পিতৃ শিক্ষক :

মহাৰাষ্ট্ৰৰ কোলহাপুৰ জিলা হৈছে ফুটবলৰ উন্মাদনাৰে ভৰা ৷ ইয়াৰ প্ৰতিখন পেঠা আৰু গাঁৱতে এজন ফুটবল খেলুৱৈ আছে ৷ কিন্তু ইয়াৰ ব্যতিক্ৰম আছিল ৰাধানগৰী তালুকৰ কম্বলৱাড়ীৰ বাসিন্দা স্বপ্নীল সুৰেশ কুছালে (29) ৷ স্বপ্নীলৰ পিতৃ সুৰেশ কুছালে জিলা পৰিষদ বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মৰত ৷ মাতৃ গাঁৱৰ চৰপঞ্চ আৰু ৱাৰকাৰী সম্প্ৰদায়ৰ ৷ স্বপ্নীলৰ এজন কনিষ্ঠ ভাতৃ সুৰজো আছে যি এজন ক্ৰীড়া শিক্ষক ৷

স্বপ্নীলৰ পৰিয়ালত শৈশৱৰ পৰাই ধৰ্মীয়, শৈক্ষিক পৰিৱেশ আছিল, কাৰণ তেওঁৰ মাতৃ ৱাৰকাৰী পন্থাৰ ধৰ্মীয় আৰু পিতৃ শিক্ষক আছিল ৷ প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ স্বপ্নীলৰ শিক্ষা ৰাধানগৰী তালুকৰ 1200 জনসংখ্যাৰ সৰু গাঁও কম্বলৱাড়ীৰ জিলা পৰিষদৰ বিদ্যালয়ত হৈছিল ৷ ইয়াৰ পিচত তেওঁ ভোগাৱতী পাব্লিক স্কুলৰ পৰা পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈ অধ্যয়ন কৰে ৷ এই সময়ছোৱাত তেওঁ ক্ৰীড়াৰ প্ৰতি আগ্ৰহী হৈ পৰে ৷ তেওঁ পুনেৰ বালেৱাড়ী ক্ৰীড়া কমপ্লেক্সত সাংলিত প্ৰশিক্ষণ কেন্দ্ৰ এটা বিচাৰি পায় ৷ ইয়াৰ বাবে তেওঁ নিজৰ অধিক শিক্ষা সাংলিতেই গ্ৰহণ কৰে ৷

লগতে পঢ়ক :স্বপ্নীল কুছালেৰ ব্ৰঞ্জ জয় : ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীকে ধৰি কেবাজনেও জনালে অভিনন্দন - Paris Olympics 2024

বিন্দ্ৰাক চাবলৈ নিদিলে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা :

ঘৰত শ্বুটিঙৰ কোনো পূৰ্বৰ অভিজ্ঞতা নথকা স্বপ্নীলে এই খেলবিধৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিলে ৷ ইয়াৰ বাবেই তেওঁ 9 বছৰ বয়সত অধিক প্ৰশিক্ষণৰ বাবে নাচিকলৈ যায় ৷ এই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ 15ৰ পৰা 16 বছৰ ৷ ইয়াত প্ৰশিক্ষণ লোৱাৰ পিচত দশম শ্ৰেণী সম্পূৰ্ণ কৰে তেওঁ ৷ ইয়াত তেওঁ পুৱা আৰু গধূলি অনুশীলন কৰিছিল ৷ ইয়াৰ পিচত 2008 চনৰ অলিম্পিকত অভিনৱ বিন্দ্ৰাৰ খেল চাবলৈ তেওঁ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা এৰি দিয়ে ৷

ৰে’লৱেত কৰ্মৰত স্বপ্নীল :

2015 চনৰ পৰা কেন্দ্ৰীয় ৰে’লৱেত কাম কৰি আহিছে স্বপ্নীলে ৷ তেওঁৰ পিতৃ আৰু ভাতৃ জিলা বিদ্যালয়ৰ শিক্ষক ৷ মাতৃ গাঁৱৰ চৰপঞ্চ ৷ স্বপ্নীলে এক সাক্ষাৎকাৰত কয়, ‘এতিয়ালৈকে অভিজ্ঞতা বহুত ভাল হৈছে ৷ মই শ্বুটিং ভাল পাওঁ ৷ ইমান দিনৰ পিচত এই কামটো কৰিবলৈ সক্ষম হোৱাত বৰ ভাল লাগিল ৷ শ্বুটিঙত মই কোনো বিশেষ খেলুৱৈক অনুসৰণ নকৰো ৷ কিন্তু আন খেলত ধোনী মোৰ প্ৰিয় ৷ মোৰ খেলত মই শান্ত হ’ব বিচাৰো ৷ এইটো প্ৰয়োজনীয় ৷ খেলপথাৰত ধোনী সদায় শান্ত হৈ আছিল ৷ তেওঁ এবাৰ টি চিও হৈ আহিছে আৰু ময়ো ৷

শ্বুটিঙত ভাৰতৰ পদক বিজয়ী :

  • ৰাজ্যবৰ্ধন সিং ৰাথোৰ: ৰূপৰ পদক, এথেন্স অলিম্পিক (2004)
  • অভিনৱ বিন্দ্ৰা: স্বৰ্ণ পদক, বেইজিং অলিম্পিক (2008)
  • গগন নাৰং: ব্ৰঞ্জৰ পদক, লণ্ডন অলিম্পিক (2012)
  • বিজয় কুমাৰ: ৰূপৰ পদক, লণ্ডন অলিম্পিক (2012)
  • মনু ভাকেৰ: ব্ৰঞ্জৰ পদক, পেৰিছ অলিম্পিক (2024)
  • মনু ভাকেৰ-সৰবজোৎ সিং: ব্ৰঞ্জৰ পদক, পেৰিছ অলিম্পিক (2024)
  • স্বপ্নীল কুছালে: ব্ৰঞ্জৰ পদক, পেৰিছ অলিম্পিক (2024)

লগতে পঢ়ক :পেৰিছ অলিম্পিকত স্বপ্নিলে দিলে ভাৰতক তৃতীয়টো পদক - Paris Olympics 2024

Last Updated : Aug 1, 2024, 7:45 PM IST

ABOUT THE AUTHOR

...view details