স্পৰ্টছ ডেস্ক, 5 আগষ্ট : পেৰিছ অলিম্পিক 2024ৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় পুৰুষ হকী দলে ব্ৰিটেইনৰ বিৰুদ্ধে শ্বুট আউটত 4-2 গ’লত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰে ৷ হৰমনপ্ৰীত সিঙৰ নেতৃত্বত ভাৰতীয় দলটোৰ এতিয়া পৰৱৰ্তী লক্ষ্য হ’ব জাৰ্মানীৰ প্ৰত্যাহ্বান অতিক্ৰম কৰা ৷ মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেলত পদকৰ ৰং সলনি কৰাৰ উদ্দেশ্যেৰে খেলপথাৰত নামিব ভাৰতীয় দলটো ৷ ভাৰতৰ 140 কোটি দেশবাসীয়ে আশা কৰিছে যে হকী দলটোৱে পেৰিছ অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰি 1980 চনৰ পিচত প্ৰথমবাৰৰ বাবে স্বৰ্ণ পদক দখল কৰিব ৷
জাৰ্মানীৰ বিৰুদ্ধে ফাইনেল খেলিব বিচাৰিছিল হৰমনপ্ৰীতে :
এই বৃহৎ ছেমি ফাইনেল মেচৰ পূৰ্বে ভাৰতীয় অধিনায়ক হৰমনপ্ৰীতে কয় যে দলটোৱে প্ৰত্যাহ্বানমূলক প্ৰতিদ্বন্দ্বী জাৰ্মানীৰ বিৰুদ্ধে ফাইনেল খেলিব বিচাৰিছে ৷ হৰমনপ্ৰীতে কয়, ‘আমি ফাইনেলত জাৰ্মানীৰ বিৰুদ্ধে খেলিব বিচাৰিছিলো ৷ অন্ততঃ অলিম্পিক গেমছৰ পূৰ্বে দলীয় বৈঠকৰ সময়ত আমি নিজৰ মাজতে এই কথা আলোচনা কৰিছিলো ৷ তেওঁলোক প্ৰত্যাহ্বানমূলক প্ৰতিদ্বন্দ্বী আৰু আমি যেতিয়া তেওঁলোকৰ বিৰুদ্ধে খেলো তেতিয়া মেচখন সাধাৰণতে শেষ চেকেণ্ডলৈকে উত্তেজনা থাকে ৷'
অমিত ৰোহিদাসৰ নিষেধাজ্ঞা সন্দৰ্ভত প্ৰতিক্ৰিয়া অধিনায়কৰ :
ছেমি ফাইনেলৰ পূৰ্বে ভাৰতীয় দলটোৱে বৃহৎ আঘাতৰ সন্মুখীন হৈছে ৷ কাৰণ তেওঁলোকৰ ডিফেণ্ডাৰ তথা এক নম্বৰ পেনাল্টি কৰ্ণাৰ অমিত ৰোহিদাসে এই মেচত খেলিব নোৱাৰিব ৷ কিয়নো এফ আই এইচে তেওঁৰ ওপৰত এখন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে ৷ এই সন্দৰ্ভত হৰমনপ্ৰীতে কয়, ‘এইবোৰ কথা আমাৰ নিয়ন্ত্ৰণত নাই ৷ যদিও ছেমি ফাইনেলৰ বাবে অমিত খেলপথাৰত নথকাটো এটা ডাঙৰ আঘাত, কিন্তু আমি আমাৰ কামত মনোনিৱেশ কৰিছো ৷'