অসম

assam

ETV Bharat / sports

নৰৱে দবাত ফাবিয়ানো কাৰুৱানাৰ হাতত পৰাস্ত আৰ প্ৰজ্ঞানন্দ - Norway Chess

R Praggnanandhaa loses to Fabiano Caruana : নৰৱে দবা প্ৰতিযোগিতাৰ নৱম ৰাউণ্ডত ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰজ্ঞানন্দ আমেৰিকান দবাৰু ফাবিয়ানো কাৰুৱানাৰ হাতত পৰাস্ত হৈছে । আনহাতে, দ্বিতীয় স্থানত থকা হিকাৰু নাকামুৰাতকৈ 1.5 পইণ্ট আগবাঢ়ি মেগনাছ কাৰ্লছেনে প্ৰতিযোগিতাখনত অগ্ৰগতি লাভ কৰিছে ।

R Praggnanandhaa loses to Fabiano Caruana
আৰ প্ৰজ্ঞানন্দ (Etv Bharat)

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 7:57 PM IST

স্পৰ্টছ ডেস্ক, ৭ জুন : নৰৱে দবা প্ৰতিযোগিতাত পৰাজয়ৰ সন্মুখীন হৈছে আৰ প্ৰজ্ঞানন্দ । নৱম ৰাউণ্ডত ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ আৰ প্ৰজ্ঞানন্দ আমেৰিকান গ্ৰেণ্ডমাষ্টাৰ ফাবিয়ানো কাৰুৱানাৰ হাতত পৰাস্ত হয় । আনহাতে, বিশ্বৰ শীৰ্ষস্থানৰ মেগনাছ কাৰ্লছেনে আৰ্মাগেডনত (টাইব্ৰেকাৰ) ফ্ৰান্সৰ ফিৰৌজজা আলিৰেজাক পৰাস্ত কৰে ।

কাৰ্লছেন বৰ্তমান ১৬ পইণ্টত আছে আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী হিকাৰু নাকামুৰাতকৈ ১.৫ পইণ্টৰ অগ্ৰগতি লাভ কৰিছে । নাকামুৰাই চীনৰ বিশ্ব চেম্পিয়ন ডিং লিৰেনৰ হাতত পৰাজয়বৰণ কৰিবলগা হয় ।

অৱশ্যে আৰ্মাগেডনত কাৰুৱানাৰ হাতত পৰাজিত হোৱা সত্ত্বেও প্ৰজ্ঞানন্দ ১৩ পইণ্টৰে তৃতীয় স্থানত আছে । তেওঁ চাৰি নম্বৰ স্থানত থকা আলিৰেজাতকৈ এক পইণ্ট আগবাঢ়ি আছে । আনহাতে, কাৰুৱানাই ১০.৫ পইণ্টেৰে পঞ্চম স্থানত আছে । ইফালে ৬ পইণ্টেৰে অন্তিম স্থানত আছে লিৰেন ।

আনহাতে, মহিলা শাখাত ভাৰতৰ আৰ বৈশালীয়ে চীনৰ টিংজি লেইৰ হাতত আন এক পৰাজয়ৰ সন্মুখীন হয় আৰু চতুৰ্থ স্থানলৈ অৱনমিত হয় । আন এগৰাকী ভাৰতীয় খেলুৱৈ কোনেৰু হাম্পিও চীনৰ ৱেনজুন জুৰ হাতত পৰাজিত হয় ।

ৱেনজুন জু এতিয়া ১৬ পইণ্টেৰে তালিকাৰ শীৰ্ষস্থানত আছে আৰু খিতাপৰ বাবে তেওঁৰ দাবী শক্তিশালী কৰি তুলিছে । টিংজি লেই আৰু ইউক্ৰেইনৰ আন্না মুজিচুক 1.5 পইণ্ট কমেৰে যুটীয়াভাৱে দ্বিতীয় স্থানত আছে ।

বৈশালী 11.5 পইণ্টেৰে চতুৰ্থ স্থানত আছে । আনহাতে, 9 পইণ্টেৰে হাম্পি পঞ্চম স্থানত আছে । ছুইডেনৰ অভিজ্ঞ খেলুৱৈ পিয়া ক্ৰামলিং ৬.৫ পইণ্টেৰে অন্তিম স্থানত আছে । বৈশালী ক্লাছিকেল গেমত পৰাজিত হোৱা একমাত্ৰ খেলুৱৈ আছিল । আন সকলো গেম ড্ৰ হোৱাৰ পিচত ফলাফলৰ বাবে আৰ্মাগেডন পদ্ধতি ব্যৱহাৰ কৰা হয় ।

লগতে পঢ়ক :নৰৱে দবাৰ ষষ্ঠদশ ৰাউণ্ডত পৰাস্ত প্ৰজ্ঞানন্দ-বৈশালী - Norway Chess 2024

ABOUT THE AUTHOR

...view details