অসম

assam

By ETV Bharat Sports Team

Published : Sep 26, 2024, 2:16 PM IST

ETV Bharat / sports

বিপদে লগ এৰা নাই বিনেশ ফোগাটক, ৰাজনীতিত প্ৰৱেশৰ পিছতে লাভ কৰিলে এই জাননী, উত্তৰ দিবলৈ 14 দিনৰ সময়সীমা - VINESH PHOGAT

Nada send notice to Vinesh Phogat: পেৰিছ অলিম্পিকত অযোগ্য ঘোষিত ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাটে অৱসৰ লৈছে ক্ৰীড়া জগতৰ পৰা ৷ শেহতীয়াকৈ ফোগাটে ৰাজনীতিত প্ৰৱেশ কৰি আৰম্ভ কৰিছে জীৱনৰ দ্বিতীয় ইনিংছ ৷ পিছে এতিয়াও বিপদে লগ এৰা নাই বিনেশৰ ৷ এইবাৰ তেওঁ লাভ কৰিছে এখন বিশেষ জাননী, যাৰ উত্তৰ দিবলৈ বান্ধি দিয়া হৈছে 14 দিনৰ সময়সীমা ৷

VINESH PHOGAT
বিনেশ ফোগাট (ANI PHOTO)

স্প’ৰ্টছ ডেস্ক, 26 ছেপ্টেম্বৰ:পেৰিছ অলিম্পিকত কুস্তিৰ ফাইনেলৰ দিনাখনে শৰীৰৰ বৰ্ধিত ওজনৰ বাবে খেলত অংশগ্ৰহণৰ পৰা বঞ্চিত হৈছিল ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাট ৷ যি খবৰে তোলপাৰ লগাইছিল দেশৰ ক্ৰীড়াপ্ৰেমীসকলৰ মাজত ৷ পৰৱৰ্তী সময়ত বিনেশে কুস্তিজগতৰ পৰা অৱসৰ ঘোষণা কৰে আৰু দেশলৈ ঘূৰি আহে ৷

ঘৰলৈ ঘূৰি অহাৰ কিছুদিন পিছতে ফোগাটে যোগদান কৰে সক্ৰিয় ৰাজনীতিত ৷ আন এজন মল্লযোদ্ধা বজৰং পুনিয়াৰ সৈতে কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন মল্লযোদ্ধাগৰাকীয়ে ৷ হাৰিয়ানা চৰকাৰে সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিনেশ ফোগাটক জুলানা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ প্ৰদান কৰিছে টিকট ৷ সম্প্ৰতি নিৰ্বাচনৰ কামত ব্যস্ত হৈ আছে বিনেশ ফোগাট ৷

পিছে ইয়াৰ পিছতো বিপদে লগ এৰা নাই প্ৰাক্তন মল্লযোদ্ধাগৰাকীক ৷ ৰাজনীতিত প্ৰৱেশৰ পিছত প্ৰথমবাৰৰ বাবে বিনেশ ফোগাটলৈ জাৰি কৰা হৈছে এক বিশেষ জাননী ৷ যাৰ উত্তৰ দিবলৈ বান্ধি দিয়া হৈছে 14 দিনৰ সময়সীমা ৷ নিজৰ ঠিকনাৰ সবিশেষ তথ্য দাখিল নকৰাৰ বাবে এই জাননী প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় ড’পিং প্ৰতিৰোধী সংস্থাই ৷

সংস্থাটোৱে দাবী কৰা অনুসৰি, বিগত 9 ছেপ্টেম্বৰত হাৰিয়ানাৰ চোনীপটত বিনেশৰ বাসগৃহলৈ পঠিওৱা হৈছিল এজন ড’প নিয়ন্ত্ৰণ বিষয়াক ৷ সংস্থাৰ তৰফৰ পৰা প্ৰাক্তন মল্লযোদ্ধাগৰাকীক সেই সময়ত বাসগৃহত উপস্থিত থাকিবলৈ পূৰ্বতে নিৰ্দেশ দিয়া হৈছিল ৷ পিছে সংস্থাৰ নিৰ্দেশ অমান্য কৰি বিনেশ ফোগাট সেই সময়ত উপস্থিত নাছিল নিজ বাসগৃহত ৷

নিৰ্বাচনত পৰিব নেকি প্ৰভাৱ

বিনেশ ফোগাট বৰ্তমান হাৰিয়ানাত নিৰ্বাচনী কাম-কাজত ব্যস্ত থকা পৰিলক্ষিত হৈছে ৷ এই জাননীখনে ৰাজ্যখনৰ নিৰ্বাচনত বিশেষ প্ৰভাৱ পেলাব নোৱাৰা বুলি অনুমান কৰা হৈছে ৷ কিয়নো ৰাজ্যখনত 5 অক্টোবৰত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন ৷ এই নিৰ্বাচনলৈ মাজত মাথো বাকী আছে মাত্ৰ 9 দিন ৷

এনে পৰিস্থিতিত জাননীখনৰ উত্তৰ দিবলৈ নিৰ্বাচনক বাদ দিও ফোগাটে অতিৰিক্তভাৱে লাভ কৰিব 5 দিনৰ সময় ৷ যাৰ বাবে জাননীখনে নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নাই ৷

অৱসৰৰ পিছতো বিনেশ ফোগাটৰ কিয় ড’পিং বিৰোধী পৰীক্ষা কৰা হৈছিল ?

বিশ্ব ড’পিং প্ৰতিৰোধী সংস্থাৰ নিয়ম অনুসৰি, সক্ৰিয় খেলুৱৈসকল পঞ্জীয়নভুক্ত পৰীক্ষা প্ৰণালীৰ অংশ ৷ সেয়েহে প্ৰয়োজনসাপেক্ষে এই পৰীক্ষাৰ বাবে তেওঁলোকে এমাহত এটা নিৰ্দিষ্ট দিনৰ নিৰ্দিষ্ট সময় আৰু স্থানত উপলব্ধ থকাতো আৱশ্যক ৷

পেৰিছ অলিম্পিক গেমছৰ বাবে যোগ্যতা অৰ্জন কৰা বিনেশ 2022 চনৰ মাৰ্চৰ পৰা পঞ্জীয়নভুক্ত পৰীক্ষা প্ৰণালীৰ অংশ হৈ আছে ৷ চলিত বছৰৰ জানুৱাৰীত নাডাৰ দ্বাৰা তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বিষয়েও বিনেশক অৱগত কৰা হৈছিল ।

লক্ষণীয়ভাৱে, যিকোনো খেলুৱৈয়ে এবছৰত তিনিবাৰ ড'পিং পৰীক্ষাত অংশগ্ৰহণৰ পৰা বিৰত থাকিলে খেলুৱৈগৰাকীয়ে নিয়মৰ উলংঘন কৰা বুলি গণ্য কৰাৰ লগতে তেওঁক ড’পিং টেষ্টত বিফল বুলি গণ্য কৰা হয় ৷ তেতিয়া খেলুৱৈগৰাকীয়ে শাস্তি লাভ কৰে ৷

অৱশ্যে জাননীখনত সন্নিৱিষ্ট থকা অনুসৰি, বিনেশ ফোগাটৰ ক্ষেত্ৰত 12 মাহৰ ভিতৰত এইটো প্ৰথম বিফলতা ৷

লগতে পঢ়ক:অলিম্পিকত মোৰ লগত ৰাজনীতি হৈছিল : পি টি উষাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিনেশ ফোগাটৰ - Vinesh phogat big allegations

ABOUT THE AUTHOR

...view details