স্প’ৰ্টছ ডেস্ক: ব্ৰীছবেনৰ গাব্বাত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত চলি থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দেওবাৰে দ্বিতীয়টো দিন ৷ ইতিমধ্যে অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত বেট ধৰি 7 টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছে 405 ৰাণ ৷
ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহক গাব্বাত বিধ্বংসী ৰূপত দেখা গৈছে । ব্ৰীছবেনৰ গাব্বা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত তৃতীয়খন টেষ্ট মেচত বৰ্তমানলৈকে পাঁচগৰাকীকৈ অষ্ট্ৰেলিয়াৰ বেটছমেনক ধৰাশায়ী কৰিছে ভাৰতীয় বলাৰগৰাকীয়ে ৷ এয়া হৈছে বুমৰাহৰ দ্বাদশ টেষ্ট কেৰিয়াৰ আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয়বাৰৰ বাবে দখল কৰা পাঁচটা উইকেট ।
যশপ্ৰীত বুমৰাহৰ 5 উইকেট
এই খেলখনত যশপ্ৰীত বুমৰাহে টীম ইণ্ডিয়াৰ হৈ প্ৰথমটো উইকেট দখল কৰিছিল । বুমৰাহে ওছমান খাৱাজা (21), নাথান মেক্সৱানী (9), ষ্টিভ স্মিথ (101), ট্ৰেভিছ হেড (152) আৰু মিচেল মাৰ্শক (5) পেভিলিয়নৰ বাট দেখুৱায় । এই পাঁচগৰাকী অষ্ট্ৰেলিয়ান বেটছমেনৰ উইকেট দখলৰে বুমৰাহে গাব্বাত নিজৰ টেষ্ট কেৰিয়াৰত দ্বাদশবাৰৰ বাবে পাঁচটা উইকেট দখল কৰে ৷