অসম

assam

টীম ইণ্ডিয়ালৈ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা ঈশান কিষাণৰ: বাদ পৰিব পাৰে ঋষভ পন্ত - ISHAN KISHAN

By ETV Bharat Sports Team

Published : Sep 16, 2024, 3:26 PM IST

Ind vs Ban t 20 i series: টীম ইণ্ডিয়াৰ উইকেটকীপাৰ বেটছমেন ঈশান কিষাণে প্ৰত্যাৱৰ্তন কৰিব পাৰে দললৈ ৷ বাংলাদেশৰ বিৰুদ্ধে টি-20 শৃংখলাত খেলুৱৈগৰাকীক দেখা পোৱাৰ সম্ভাৱনা আছে ৷ ঋষভ পন্তৰ স্থানত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে ঈশানক ৷

ISHAN KISHAN
ঈশান কিষাণ (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 16 ছেপ্টেম্বৰ: ভাৰতীয় ক্ৰিকেট দলৰ পৰা দীৰ্ঘদিনে আঁতৰি থকা বাওঁহতীয়া উইকেটকীপাৰ বেটছমেন ঈশান কিষাণৰ অনুৰাগীৰ বাবে আছে এক ডাঙৰ খবৰ । পুনৰ টীম ইণ্ডিয়াত দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে খেলুৱৈগৰাকীক ৷ বিস্ফোৰক বেটছমেনগৰাকীয়ে বাংলাদেশৰ বিৰুদ্ধে তিনিখন মেচৰ টি-20 শৃংখলাত টীম ইণ্ডিয়াৰ হৈ অংশ ল’ব পাৰে ।

টীম ইণ্ডিয়ালৈ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা (IANS PHOTO)

টীম ইণ্ডিয়ালৈ ঘূৰি আহিব ঈশান কিষাণ

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া দুখন টেষ্ট মেচৰ শৃংখলাটোৰ পৰা বাদ পৰিব পাৰে টীম ইণ্ডিয়াৰ নিয়মীয়া উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত । টি-20 শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি পন্তক জিৰণি দিয়াৰ সম্ভাৱনা আছে ৷ এনে পৰিস্থিতিত পন্তৰ স্থানত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে ঈশান কিষাণক ৷

ঈশান কিষাণ (IANS PHOTO)

ঋষভ পন্তৰ স্থান লোৱাৰ সম্ভাৱনা

ঈশান কিষাণ বহুদিনৰে পৰা টীম ইণ্ডিয়াৰ পৰা আঁতৰত আছে । শেষবাৰৰ বাবে খেলুৱৈগৰাকীক 2023 চনত টীম ইণ্ডিয়াৰ হৈ অন্তিমখন মেচত অংশগ্ৰহণ কৰা দেখা গৈছিল । মানসিক অৱসাদ আৰু প্লেয়িং-11 ত সুযোগ নোপোৱাৰ বাবে দলৰ পৰা বাদ পৰিছিল ঈশান ৷

পৰৱৰ্তী সময়ত বি চি চি আইয়ে তেওঁক দলৰ পৰা বাদ দিছিল আৰু পুনৰাই দলত স্থান দিয়া হোৱা নাছিল ক্ৰিকেটাৰগৰাকীক । বি চি চি আইয়ে ঈশানক কেন্দ্ৰীয় চুক্তিৰ পৰাও বাদ দিছিল ।

ঈশান কিষাণ (IANS PHOTO)

কেৱল এয়াই নহয়, ঈশানক বি চি চি আইয়ে ঘৰুৱা ক্ৰিকেট খেলিবলৈ পৰামৰ্শ দিছিল যদিও খেলুৱৈগৰাকীয়ে অংশগ্ৰহণ কৰা নাছিল কোনো ধৰণৰ ঘৰুৱা ক্ৰিকেটত ৷ বৰং অংশগ্ৰহণ কৰিছিল আই পি এল 2024 ত ৷

ইয়াৰ পিছতে বি চি চি আই আৰু ঈশান কিষাণৰ মাজত সংঘটিত বিবাদৰ খবৰ পোহৰলৈ আহিছিল ৷ অৱশ্যে তেতিয়াৰ দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু অধিনায়ক ৰোহিত শৰ্মাই এনেবোৰ খবৰক উৰাবাতৰি আখ্যা দি নস্যাৎ কৰিছিল ।

লগতে পঢ়ক:বিৰাট কোহলীয়ে ভাঙিলে ষ্টেডিয়ামৰ দেৱাল ! কিহৰ বাবে এনে কৰিলে ক্ৰিকেটাৰগৰাকীয়ে - VIRAT KOHLI

ABOUT THE AUTHOR

...view details