স্প’ৰ্টছ ডেস্ক: চলিত বৰ্ষত আই পি এল(2024) ৰ খিতাপ দখল কৰিছিল শ্ৰেয়ছ আয়াৰ নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ) ৷ এই ইভেণ্টৰ আগন্তুক সংস্কৰণৰ বাবে চলিত বৰ্ষৰে 31 অক্টোবৰত অনুষ্ঠিত হ’ব মেগা নিলাম ৷
তাৰ পূৰ্বে চৰ্চালৈ আহিছে ক্ৰিকেটাৰ শ্ৰেয়ছ আয়াৰৰ নাম ৷ কেইবাটাও আগশাৰীৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, পৰৱৰ্তী আই পি এল সংস্কৰণ সম্পৰ্কে খেলুৱৈ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ ফ্ৰেঞ্চাইজিৰ মাজত বৰ্তমানলৈকে হোৱা নাই কোনো বাৰ্তালাপ ।
অৱশ্যে, টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি কে কে আৰে শ্ৰেয়ছৰ সৈতে ভৱিষ্যত সম্পৰ্কে আলোচনা কৰিছে ৷ কিন্তু লগতে দাবী কৰিছে যে ফ্ৰেঞ্চাইজিয়ে ভাৰতৰ শীৰ্ষ বেটছমেনগৰাকীক দলত ৰখা-নৰখাক লৈ স্পষ্ট কৰা নাই কোনো স্থিতি ৷
শ্ৰেয়ছৰ সৈতে যোগাযোগত বিলম্ব কে কে আৰৰ
বিগত শুকুৰবাৰৰ আগলৈকে দুয়োপক্ষৰ মাজত হোৱা নাছিল কোনো আলোচনা । শ্ৰেয়ছ আয়াৰ আৰু কে কে আৰৰ বিষয়তো প্ৰকাশ পাইছিল বহু কথা ৷ কিন্তু তেওঁলোকৰ ভৱিষ্যতৰ পৰিকল্পনা বা আই পি এল সন্দৰ্ভত হোৱা নাছিল কোনো আলোচনা ৷
প্ৰতিবেদন অনুসৰি, কে কে আৰে শ্ৰেয়ছক দলত ৰাখিবলৈ বিশেষ আগ্ৰহ দেখুওৱাটো আচৰিত কথা । সূত্ৰসমূহে এইটোও দাবী কৰিছিল যে, আন বহু ফ্ৰেঞ্চাইজিয়ে ইতিমধ্যে নেতৃত্বৰ ভাৰ অৰ্পণ কৰিবলৈ ক্ৰিকেটাৰজনৰ কাষ চাপিছে ।