স্প’ৰ্টছ ডেস্ক: আই পি এল 2025 মেগা নিলামৰ দ্বিতীয় দিনটোত ভাৰতীয় বলাৰসকলৰ ওপৰত যথেষ্ট ধন বিনিয়োগ কৰা দেখা যায় ফ্ৰেঞ্চাইজিসকলক ৷ সোমবাৰে অৰ্থাৎ দুদিনীয়া নিলামৰ দ্বিতীয় দিনটোত আটাইকেইটা ফ্ৰেঞ্চাইজিয়ে ভাৰতৰ তাৰকা বলাৰসকলৰ বাবে বিড কৰে ।
বিশেষকৈ ভাৰতীয় ফাষ্ট বলাৰ ভূৱনেশ্বৰ কুমাৰ আৰু দীপক চাহাৰেৰ ওপৰত ফ্ৰেঞ্চাইজিয়ে যথেষ্ঠ ধন বিনিয়োগ কৰিছে ৷ এই প্ৰতিবেদনত ভাৰতৰ কোনগৰাকী বলাৰক কোনটো দলে কিমান টকাৰে চুক্তিবদ্ধ কৰিলে, সেই সম্পৰ্কে সমগ্ৰ তথ্য উল্লেখ কৰা হ’ল-
ভূৱনেশ্বৰ কুমাৰ: ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ দ্ৰুত বলাৰ ভূৱনেশ্বৰ কুমাৰে নিলামৰ দ্বিতীয় দিনা নিবিদা লাভ কৰে । ভূৱনেশ্বৰক আই পি এলৰ মজিয়াত বহু বছৰ ধৰি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলি থকা দেখা গৈছিল । অৱশ্যে এইবাৰ খেলুৱৈগৰাকীক মুকলি কৰি দিছিল দলটোৱে । এই নিলামত ক্ৰিকেটাৰগৰাকীক ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 10 কোটি 75 লাখ টকাত ক্ৰয় কৰে । ভূৱনেশ্বৰ চলিত নিলামত চুক্তিবদ্ধ হোৱা সৰ্বাধিক ব্যয়বহুল ভাৰতীয় বলাৰসকলৰ মাজৰ এজন হিচাপে পৰিচিত হৈছে ৷
দীপক চাহাৰ: টীম ইণ্ডিয়াৰ হৈ বলৰে ধুমুহা সৃষ্টি কৰা দীপক চাহাৰে নিলামৰ দ্বিতীয় দিনা যথেষ্ট লাভান্বিত হৈছে । চাহাৰক দীৰ্ঘদিন ধৰি চেন্নাই চুপাৰ কিংছৰ হৈ ভাল বলিং কৰা দেখা গৈছিল । আই পি এলৰ আগন্তুক ছিজনত খেলুৱৈগৰাকীক মুম্বাই ইণ্ডিয়ানছত দেখা যাব ৷ দীপকক মুম্বাই ইণ্ডিয়ানছে 9 কোটি 25 লাখ টকাৰে ক্ৰয় কৰে ।