গোৱালপাৰা: বিগত কেইবাবছৰ ধৰি ৰোহিংগীয়াৰ অনুপ্ৰৱেশ ভাৰতৰ বাবে এক জটিল সমস্যা হৈ আহিছে । দেশৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমতো ইতিমধ্য়ে ৰোহিংগীয়াই খোপনি পুতিবলৈ আৰম্ভ কৰিছে । ইতিমধ্য়ে অসমত ৰোহিংগীয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীয়ে চলাইছে অভিযান । আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰো হৈছে কেইবাজনো ৰোহিংগীয়া । কিন্তু এইবাৰ ট্রেনজিট কেম্পৰ পৰাই পলায়ন কৰিলে ৰোহিংগীয়াই ।
কেনেকৈ পলাল ?
গোৱালপাৰা জিলাৰ মাটিয়াত থকা এছিয়াৰ সৰ্ববৃহৎ ট্ৰেনজিট কেম্পৰ কটকটীয়া পহৰাৰ মাজতেই পলায়ন কৰিলে তিনি ৰোহিংগীয়াই । ঘটনাৰ বিৱৰণি অনুসৰি যোৱা বৃহস্পতিবাৰে নিশা কাৰাগাৰ আৰক্ষীৰ পহৰা আৰু আন্ধাৰৰ সুযোগ লৈ তিনি ৰোহিংগীয়াই শিবিৰটোৰ ওখ দেৱাল পাৰ হৈ পলায়ন কৰে । শিবিৰৰ পৰা পলায়ন কৰা তিনি ৰোহিংগীয়া হৈছে বদি আলম, মোস্তাফা কামাল আৰু আব্দুল কাদেৰ ।
ৰোহিংগীয়া তিনিটাই ট্ৰেনজিট কেম্পৰ কটকটীয়া পহৰাৰ মাজত কেনেকৈ পলায়ন কৰিব পাৰিলে তাক লৈ হৈছে চৰ্চা । ২৪ ঘণ্টাই জেইল আৰক্ষীয়ে কটকটীয়া পহৰা দিয়া সত্ত্বেও কেনেকৈ ৰোহিংগীয়াকেইটাই পলায়ন কৰিব পাৰিলে ? গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তই যোৱা শুকুৰবাৰে শিবিৰটোত উপস্থিত হৈ পৰিস্থিতি পর্যবেক্ষণ কৰি ঘটনা সন্দৰ্ভত বুজ লয় ।
নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ উদঙালে ৰোহিংগীয়াই :
শিবিৰটোৰ পৰা পলায়ন কৰা তিনি ৰোহিংগীয়াক বিচাৰি ইতিমধ্যেই গোৱালপাৰা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । এছিয়াৰ সৰ্ববৃহৎ শৰণাৰ্থী শিবিৰৰ পৰা তিনি ৰোহিংগীয়াই পলায়ন কৰা ঘটনাই কেম্পটোত থকা জেইল আৰক্ষীৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে । জানিব পৰা মতে, আজি আৰক্ষীৰ শীৰ্ষ বিষয়াই ট্ৰেনজিট কেম্পটো পৰিদৰ্শন কৰিব । ইপিনে, এই ঘটনাৰ বিষয়ে আৰক্ষীৰ পৰা সবিশেষ জানিবলৈ যোগাযোগ কৰা হয় যদিও আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য় দিয়াৰ পৰা বিৰত থাকে ।