নলবাৰী : গুৱাহাটী মহানগৰীৰ খাৰঘূলিত জাইকাৰ পানীৰ পাইপ কি কাৰণে ফুটিছে আৰু ইয়াৰ বাবে দায়ী কোন সেই বিষয়ে ব্য়াখ্য়া কৰিলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । কেৱল সেয়াই নহয়, পানীৰ কাম কৰা কোম্পানীবোৰৰ পৰা কোনে কমিছন খাই, সেয়াও ক'লে ৰাইজ দলৰ সভাপতিগৰাকীয়ে । তেওঁ কাক উদ্দেশ্য় কৰি ক'লে এই কথা ।
খাৰঘূলিত জাইকাৰ পানীৰ পাইপ ফুটি জলবিস্ফোৰণ সৃষ্টি হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজ দলৰ সভাপতি অখিল গগৈয়ে কয়, "হিমন্ত বিশ্ব শৰ্মাই পানীৰ কোম্পানীবোৰৰ পৰা কমিছন খোৱা কাৰণে পাইপবোৰ য’তে ত’তে বছৰত তিনিবাৰকৈ ফুটিছে । অতি নিম্নমানৰ কাম হোৱা বাবে আজি গুৱাহাটীত জলবিষ্ফোৰণ হৈছে । হিমন্ত বিশ্ব শৰ্মাই কমিছন খাই দুই নম্বৰী কোম্পানীক দুই নম্বৰী কাম কৰিব দিয়াৰ কাৰণে আজি পানীৰ পাইপ ফুটিছে । যাৰ বাবে আজি গুৱাহাটীত পানীৰ বাবে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ।"
সৰ্বস্তৰৰ ৰাইজৰ আৰ্থিক অৱস্থা শোচনীয় :
উল্লেখ্যে যে নলবাৰীৰ মুকালমুৱাৰ কাপলাবড়ীত অনুষ্ঠিত ৰাইজৰ দলৰ গণ সমাৱেশ আৰু যোগদান কাৰ্যসূচীত অংশ লৈ অখিল গগৈয়ে ভাষণ প্ৰসংগত বিজেপি চৰকাৰৰ দিনত সৰ্বস্তৰৰ ৰাইজৰ আৰ্থিক অৱস্থা শোচনীয় হৈছে বুলি মন্তব্য় কৰে । তেওঁ ’২৬ ৰ নিৰ্বাচনত বিজেপি আৰু এ আই ইউ ডি এফক ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ ৰাইজক আহ্বান জনায় ।
’২৬ ত ৰাইজৰ দলৰ চৰকাৰ হ'লে উৎপাদিত সামগ্ৰীৰ ওপৰত কৃষকে অধিক মূল্য লাভ কৰিব বুলি ঘোষণা কৰি খেতিয়কে বছৰত তিনি চাৰিবাৰ খেতি কৰিব পৰাকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰিব বুলি অখিল গগৈয়ে মন্তব্য কৰে ।
ৰাইজৰ দলৰ চৰকাৰ হ'লে কি কৰিব ?
তেওঁ লগতে কয়, "ৰাইজৰ দলৰ চৰকাৰ হ'লে প্ৰতিজন কৃষকৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ লগতে মাটিৰ কৰ পৰ্যন্ত ৰেহাই দিয়া হ'ব ।" লগতে যিসকলে খেতি নকৰিব তেনে খেতিমাটিৰ পাঁচগুণ কৰ বৃদ্ধি কৰিব বুলি মন্তব্য কৰে । আনহাতে, ভাষণ প্ৰসংগতেই তেওঁ কয়, "কৰ্মচাৰীক চৰকাৰখনে দুৰ্ভোগ ভোগাই আছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পগলা ৰজা ।"
যোগদান সভা আৰু গণ সমাৱেশত জিলাখনৰ ভিন্ন প্ৰান্তৰ শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে । উক্ত যোগদান সভাতেই তেওঁ ৰাইজক শপত বাক্য পাঠ কৰোৱাই ৰাইজৰ দলৰ নিৰ্বাচনী প্ৰচাৰ চলায় । সভাখনত ৰাইজৰ দলৰ নেতা ৰাছেল হুছেইন, জিলা সভাপতি জ্ঞানেন চক্ৰৱৰ্তীও উপস্থিত থাকে ।