অসম

assam

দলক দুবাৰকৈ বিশ্বজয়ৰ সোৱাদ দিয়া এইগৰাকী কিংবদন্তীক পঞ্জাৱ কিংছৰ দায়িত্ব - IPL 2025

By ETV Bharat Sports Team

Published : Sep 18, 2024, 4:48 PM IST

Punjab Kings Coach: পঞ্জাৱ কিংছে অষ্ট্ৰেলিয়াৰ এগৰাকী প্ৰবীণ কিংবদন্তীক নিযুক্তি দিছে দলৰ মুখ্য প্ৰশিক্ষক হিচাপে । মাত্ৰ দুমাহ পূৰ্বে এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ চুক্তি বাতিল কৰিছিল দিল্লী কেপিটেলছৰ সৈতে ৷ পঢ়ক বিতং খবৰ...

IPL 2025
পঞ্জাৱ কিংছৰ খেলুৱৈসকল (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 18 ছেপ্টেম্বৰ: আই পি এল 2025 ৰ বাবে ইতিমধ্যেই আৰম্ভ হৈছে চৰ্চা ৷ কোনটো ফ্ৰেঞ্চাইজিয়ে কোনগৰাকী খেলুৱৈক ক্ৰয় কৰিব, কোন বাদ পৰিব তাক লৈ অব্যাহত আছে জল্পনা-কল্পনা ৷

এনে চৰ্চাৰ মাজতে পঞ্জাৱ কিংছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আই পি এল) 2025 ৰ বাবে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকী পণ্টিঙক অন্তৰ্ভুক্ত কৰিছে নিজৰ দলত । পঞ্জাৱ কিংছে নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টত দাখিল কৰিছে এই তথ্য ৷

এক প্ৰতিবেদন অনুসৰি, পণ্টিঙে পঞ্জাৱ কিংছৰ সৈতে আগন্তুক কেইবাটাও বছৰৰ বাবে চুক্তিবদ্ধ হৈছে । বাকী প্ৰশিক্ষক-কৰ্মচাৰীসকলৰ ক্ষেত্ৰত পণ্টিঙে চূড়ান্ত সিদ্ধান্ত ল’ব বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

উল্লেখযোগ্য যে, পঞ্জাৱ কিংছে যোৱা বছৰৰ পৰা তেওঁলোকৰ প্ৰশিক্ষক, কৰ্মচাৰী সঞ্জয় বাংগাৰ(ক্ৰিকেট ডেভেলপমেণ্টৰ মুৰব্বী), চাৰ্ল লেংগেভেল্ড(ফাষ্ট বলিং প্ৰশিক্ষক) আৰু সুনীল যোশী(স্পিন বলিং প্ৰশিক্ষক) সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই ।

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰগৰাকীয়ে বিগত 7 টা ছিজনত ফ্ৰেঞ্চাইজিৰ ষষ্ঠজন মুখ্য প্ৰশিক্ষক হিচাপে পৰিগণিত হ’ব । বিগত ছিজনত দলটোৱে আই পি এলত নৱম স্থান দখল কৰিছিল । পণ্টিঙৰ তাৎক্ষণিক প্ৰত্যাহ্বান হ’ব পৰৱৰ্তী ছিজনৰ বাবে দলটোত অন্তৰ্ভুক্ত কৰিবলগা খেলুৱৈসকলৰ তালিকা প্ৰস্তুত কৰা ।

শশাংক সিং আৰু আশুতোষ শৰ্মাৰ সৈতে যোৱা বছৰ পঞ্জাৱ কিংছত আই পি এলৰ তাৰকা প্ৰদৰ্শক আছিল হৰ্শল পেটেল । 11.8 কোটি টকাৰ বিনিময়ত পঞ্জাৱ কিংছে দলত অন্তৰ্ভুক্ত কৰিছিল পেটেলক । 2015 চনৰ আই পি এলত প্ৰশিক্ষকৰ জীৱন আৰম্ভ কৰা পণ্টিঙে দুবছৰ মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

ইয়াৰ পিছতে অষ্ট্ৰেলিয়াৰ কিংবদন্তিগৰাকীয়ে 2018 চনৰ আই পি এলত দিল্লী কেপিটেলছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰে আৰু 2019-2021 চনৰ ভিতৰত দলটোৱে একেৰাহে তিনিবাৰকৈ প্লে-অফত প্ৰৱেশ কৰে । 49 বছৰীয়া পণ্টিঙে জুলাই মাহত আই পি এল 2024 ৰ পিছত দিল্লী কেপিটেলছৰ সৈতে থকা চুক্তিৰ সামৰণি পেলাইছিল ।

লগতে পঢ়ক:সুদীৰ্ঘ 9 বছৰৰ পিছত প্ৰত্যাৱৰ্তন ৰাহুল দ্ৰাবিড়ৰ: পালন কৰিব গুৰু দায়িত্ব - IPL 2025

ABOUT THE AUTHOR

...view details