স্পৰ্টছ ডেস্ক, ১৯ জুন: ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উপ-অধিনায়ক স্মৃতি মন্ধানাই বুধবাৰে একেৰাহে দুটা শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয় ৷ ইয়াৰ লগতে তেওঁ ৫০ অভাৰৰ ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰি প্ৰাক্তন ভাৰতীয় বেটাৰ মিতালী ৰাজৰ অভিলেখ স্পৰ্শ কৰে । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ভাৰতৰ মহিলা আৰু দক্ষিণ আফ্ৰিকাৰ মহিলাৰ মাজত অনুষ্ঠিত হোৱা তিনিখন খেলৰ শৃংখলাৰ দ্বিতীয়খন এদিনীয়াৰ সময়ত এই কৃতিত্ব অৰ্জন কৰে ভাৰতীয় দলৰ উপ-অধিনায়কগৰাকীয়ে ।
লগতে পঢ়ক:আই চি চি এদিনীয়া ৰেংকিঙৰ তৃতীয় স্থানত ভাৰতীয় ক্ৰিকেটাৰ স্মৃতি মন্ধানা - ICC WOMENS RANKING
মন্ধানাই ১০৩টা বলত একেৰাহে দ্বিতীয়টো শতক আৰু এদিনীয়া কেৰিয়াৰৰ সপ্তমটো শতক অৰ্জন কৰে । এই শতকৰ সৈতে মন্ধানাই মাত্ৰ ৮৪ ইনিংছত ৭ শতক লাভ কৰাৰ বিপৰীতে মিতালীৰ ২৩২খন মেচত ৭ শতক কৰিছিল । বাওঁহতীয়া ভাৰতীয় মহিলা বেটছমেনগৰাকীয়ে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৪০০ টা চাৰি সম্পূৰ্ণ কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ হিচাপেও পৰিগণিত হয় । তেওঁ আজি নিজৰ ইনিংছত সপ্তম অভাৰৰ দ্বিতীয় বলত প্ৰথম বাউণ্ডেৰীৰে এই কৃতিত্ব অৰ্জন কৰে ।
লগতে পঢ়ক:দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 143 ৰাণৰ বিশাল জয়ৰে অভিযান আৰম্ভ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ - INDW vs SAW
ইফালে আজি খেলখনত মন্ধানা আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰে তিনি উইকেটৰ বিনিময়ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩২৫ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । মন্ধানাই ১৮টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ১২০টা বলত ১৩৬ ৰান সংগ্ৰহ কৰি ১১৩ ৰান ষ্ট্ৰাইক ৰেটত ৰান কৰে । ইয়াৰ বিপৰীতে বিপৰীতে হৰমনপ্ৰীতে ৮৮ বলত অপৰাজিত ১০৩ ৰান সংগ্ৰহ কৰে । আলহী দলৰ হৈ ননকুলুলেকো ম্লাবাই (২/৫১) দুটা উইকেট দখল কৰে ।