অসম

assam

ETV Bharat / sports

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্ট; ক’ত, কেনেদৰে উপভোগ কৰিব এই খেল - BORDER GAVASKAR TROPHY 2024

BGT 2024: ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথমখন টেষ্ট ক’ত, কেনেদৰে উপভোগ কৰিব পাৰিব দৰ্শক তথা অনুৰাগীয়ে ?

Border Gavaskar Trophy 2024
কাইলৈৰ পৰা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী 2024 (AFP Photos)

By ETV Bharat Sports Team

Published : Nov 21, 2024, 9:30 PM IST

স্প’ৰ্টছ ডেস্ক: পাঁচখন মেচৰ শৃংখলাৰে শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী 2024 ৷ পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগা এই শৃংখলাৰ বাবে মাজত আছে মাথো কেইটামান ঘণ্টা ৷

অধিনায়ক ৰোহিত শৰ্মাৰ অনুপস্থিতিত টীম ইণ্ডিয়াই প্ৰথমখন টেষ্টত সুন্দৰ আৰম্ভণি কৰিব বিচাৰিব ৷ আনহাতে, অষ্ট্ৰেলিয়াই পূৰ্বৰ কথা সুঁৱৰি প্ৰতিশোধ পূৰণৰ উদ্দেশ্যে খেলপথাৰত নামিব ৷

টীম ইণ্ডিয়াই নিজৰ ঘৰুৱা খেলপথাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে লাভ কৰা পূৰ্বৰ জয়ে আগন্তুক টেষ্ট শৃংখলাটোৰ বাবে জয়ৰ আশা সজীৱ কৰি ৰাখিছে ৷ টীম ইণ্ডিয়াৰ বাবে ব’ৰ্ডাৰ-গাভাস্কাৰ টেষ্ট শৃংখলাটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো তেওঁলোকে অষ্ট্ৰেলিয়াক 4-0 ব্যৱধানত পৰাস্ত কৰিব পাৰিলেহে আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউ টি চি) ফাইনেলত স্থান নিশ্চিত কৰিব পাৰিব ৷ যি প্ৰতিযোগিতা 2025 চনৰ জুনত লৰ্ডছত অনুষ্ঠিত হ'ব ।

ৰোহিত শৰ্মা আৰু শুভমন গিল পাৰ্থত প্ৰথমখন টেষ্টত অনুপস্থিত থকাৰ বাবে আগশাৰীৰ পেচাৰ তথা দলৰ সহ-অধিনায়ক যশপ্ৰীত বুমৰাহে অধিনায়কৰ দায়িত্ব পালন কৰিব ৷ অনুৰাগীসকলে ভাৰত বনাম অষ্ট্ৰেলিয়া টেষ্ট শৃংখলাৰ সকলোবোৰ মেচ বিনামূলীয়াকৈ কেনেদৰে উপভোগ কৰিব পাৰিব, সেয়া তলত উল্লেখ কৰা হ’ল-

  • ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ টেষ্ট মেচ পোনপটীয়াকৈ কেনেদৰে উপভোগ কৰিব ?

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ টেষ্ট মেচ ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব ।

  • মেচখনৰ লাইভ ষ্ট্ৰীমিং কেনেদৰে উপভোগ কৰিব ?

ভাৰতীয় অনুৰাগীসকলে ডিজনী+হটষ্টাৰ এপত এই টেষ্ট শৃংখলাৰ সকলোবোৰ মেচ উপলব্ধ হ’ব ৷ লগতে জিঅ’ চিনেমাই সকলোবোৰ মেচৰ লাইভ ষ্ট্ৰীমিং বিনামূলীয়াকৈ আগবঢ়াব ।

ভাৰত বনাম অষ্ট্ৰেলিয়া ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী (বিজিটি) ৰ সম্পূৰ্ণ সময়সূচী

  1. ভাৰত বনাম অষ্ট্ৰেলিয়া, প্ৰথম টেষ্ট: 22-26 নৱেম্বৰ, পাৰ্থ (ভাৰতীয় সময় অনুসৰি পুৱা 7:50 বজাত)
  2. ভাৰত বনাম অষ্ট্ৰেলিয়া, দ্বিতীয় টেষ্ট: 6-10 ডিচেম্বৰ, এডিলেইড (ভাৰতীয় সময় অনুসৰি পুৱা 9:30 বজাত)
  3. ভাৰত বনাম অষ্ট্ৰেলিয়া, তৃতীয় টেষ্ট: 14-18 ডিচেম্বৰ, ব্ৰীছবেন (ভাৰতীয় সময় অনুসৰি পুৱা 5:50 বজাত)
  4. ভাৰত বনাম অষ্ট্ৰেলিয়া, চতুৰ্থ টেষ্ট: 26-30 ডিচেম্বৰ, মেলব’ৰ্ণ (ভাৰতীয় সময় অনুসৰি পুৱা 5:00 বজাত)
  5. ভাৰত বনাম অষ্ট্ৰেলিয়া, পঞ্চম টেষ্ট: 2-7 জানুৱাৰী, ছিডনী (ভাৰতীয় সময় অনুসৰি পুৱা 5:00 বজাত)

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ভাৰতীয় দলটো

ৰোহিত শৰ্মা (অধিনায়ক), যশপ্ৰীত বুমৰাহ (সহ অধিনায়ক), ৰবীন্দ্ৰ জাদেজা, যশস্বী জয়ছোৱাল, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), চৰফৰাজ খান, বিৰাট কোহলী, প্ৰসিদ্ধ কৃষ্ণা, ৰবিচন্দ্ৰন অশ্বিন, মহম্মদ ছামী, ঋষভ পন্ত (উইকেটকীপাৰ), কে এল ৰাহুল, হৰ্ষিত ৰাণা, অভিমন্যু ইশ্বৰণ, শুভমন গিল আৰু মহম্মদ কুমাৰ ।

প্ৰথম টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ দলটো

পেট কামিন্স (অধিনায়ক), স্কট বোলেণ্ড, এলেক্স কেৰী (উইকেটকীপাৰ), জছ হেজলউড, ট্ৰেভিছ হেড, জছ ইংগলিছ (উইকেটকীপাৰ), উছমান খাৱাজা, মাৰ্নাছ লাবুচাগনে, নাথান লিয়ন, মিচ মাৰ্শ, নাথান মেকচুইনি, ষ্টিভ স্মিথ আৰু মিচেল ষ্টাৰ্ক ।

লগতে পঢ়ক:ভাৰত বনাম অষ্ট্ৰেলিয়া; পাৰ্থত খলনায়কৰ ভূমিকা ল’ব নেকি বতৰে ?

ABOUT THE AUTHOR

...view details