অসম

assam

ETV Bharat / sports

চেন্নাইত পুনৰ মুখামুখি হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা - INDW vs SAW T20 series

INDW vs SAW T20 series: প্ৰথমখন টি-২০ মেচত পৰাজয়ৰ পিচত দেওবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত ভাৰতীয় মহিলা দল পুনৰ দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ'ব । ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ হ'ব এই মেচ । এই শৃংখলা ভাৰতীয় দলৰ হাতৰ পৰা যাব নেকি ?

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 2:29 PM IST

INDW vs SAW T20 series
দ্বিতীয় মেচৰ বাবে চেন্নাইত পুনৰ মুখামুখি হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা (ANI PHOTOS)

স্পৰ্টছ ডেস্ক, ৭ জুলাই:ভাৰতীয় মহিলা ক্ৰিকেট দলে দেওবাৰে হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল খেলিব । এই শৃংখলাৰ প্ৰথমখন খেলত ভাৰতীয় দলক দক্ষিণ আফ্ৰিকাই ১২ ৰাণত পৰাস্ত কৰে । এতিয়া এইখন ভাৰতৰ বাবে 'ডু অৰ ডাই' মেচ হ'ব । যদি ভাৰতীয় দলে এই মেচখনত জয়ী হয় তেন্তে শৃংখলাটোত যাত্ৰা অব্যাহত ৰাখিব পাৰিব । যদি দক্ষিণ আফ্ৰিকা এই মেচখনত জয়ী হয় তেন্তে ভাৰতৰ হাতৰ পৰা টি-২০ শৃংখলাটো যাব ।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয় টি-২০ খেলখন ভাৰতীয় সময়মতে সন্ধিয়া ৭:০০ বজাৰ পৰা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । লৌৰা ৱ'লভাৰ্ডটে এই খেলখনত দক্ষিণ আফ্ৰিকাক নেতৃত্ব দিব । একে সময়তে ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে এই মেচখনত জয়ী হৈ শৃংখলালৈ উভতি আহিব বিচাৰিব । এই খেলখনত স্মৃতি মন্ধানা, শ্বেফালী বাৰ্মা, হৰমনপ্ৰীত কৌৰ আৰু জেমিমা ৰড্ৰিগছৰ ওপৰত সকলোৰে দৃষ্টি থাকিব ।

দুয়োটা দলৰ মাজত এতিয়ালৈকে মুঠ ১৭ খন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ অনুষ্ঠিত হৈছে । তাৰ ভিতৰত ভাৰতে ৯ খন মেচত জয়ী হৈছে, আনহাতে দক্ষিণ আফ্ৰিকাই ৬ খনত জয়ী হৈছে । ভাৰতত দুয়োটা দলৰ মাজত মুঠ ৯ খন মেচ অনুষ্ঠিত হৈছে । এই সময়ছোৱাত ভাৰতে ৫ খনত আৰু দক্ষিণ আফ্ৰিকাই ৪ খন মেচত জয়ী হৈছে ।

চেন্নাইৰ এমএ চিদাম্বৰম ষ্টেডিয়ামৰ পিটছখন বলাৰসকলৰ বাবে সহায়ক বুলি গণ্য কৰা হয় । কিন্তু বেটছমেনসকলেও এই পিটছত বৃহৎ স্ক'ৰ কৰিব পাৰে । স্পিন বলাৰসকল এই পিটছত বিপদজনক বুলি প্ৰমাণিত হ'ব পাৰে । গতিকে একে সময়তে ফাষ্ট বলাৰসকলে পুৰণি বলেৰে প্ৰত্যাহ্বান জনাব পাৰে । এই দুয়োটা দলৰ মাজত অনুষ্ঠিত অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত ১৮৯ ৰাণ আৰু ভাৰতে দ্বিতীয় ইনিংছত ১৭৭ ৰাণ সংগ্ৰহ কৰে । এনে পৰিস্থিতিত এই পিটছখনত ৰাণৰ ৰেকৰ্ড ভাল । চেন্নাইৰ এমএ চিদাম্বৰম ষ্টেডিয়ামত প্ৰথম ইনিংছৰ গড় স্ক'ৰ হৈছে ১৬৪ আৰু দ্বিতীয় ইনিংছৰ গড় স্ক'ৰ হৈছে ১৫০ ।

ভাৰতৰ সম্ভাব্য প্লেয়িং ১১ :হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধানা (উপ-অধিনায়ক), শ্বাফালী বাৰ্মা, দয়ালান হেমলতা, ৰিচা ঘোষ (উইকেটকীপাৰ), জেমিমা ৰড্ৰিগছ, দীপ্তি শৰ্মা, ৰাধা যাদৱ, আশা শোভনা, পূজা বস্ত্ৰকাৰ, ৰেণুকা সিং ঠাকুৰ ।

দক্ষিণ আফ্ৰিকাৰ সম্ভাব্য প্লেয়িং ১১ :লৌৰা ৱ'লভাৰ্ডট (অধিনায়ক), এনেকে বছ, তাঞ্জমিন ব্ৰিটছ, নাডিন ডি ক্লাৰ্ক, এনেৰী ডৰ্কছন, মাইক ডি ৰিডাৰ, চিনালো জাফতা, মাৰিজানে কাপ্প, আয়াবঙা খাকা, মাচাবাটা ক্লাছ, চুনি লুছ ।

লগতে পঢ়ক :43 বছৰীয়া হ’ল মাহী: অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী ধোনীৰ জীৱনৰ ওপৰত এক অৱলোকন - MS Dhoni turns 43

ABOUT THE AUTHOR

...view details