অসম

assam

ETV Bharat / sports

দলৰ সংকটৰ মাজতে টেষ্ট ক্ৰিকেটত 9000 ৰাণ সম্পূৰ্ণ বিৰাট কোহলীৰ

Virat Kohli Achievement: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 9000 ৰাণ সম্পূৰ্ণ কিং খানৰ ৷ বেংগালুৰু টেষ্টত এই সাফল্য অৰ্জন ক্ৰিকেটাৰগৰাকীৰ ৷

By ETV Bharat Sports Team

Published : 4 hours ago

IND VS NZ 1ST TEST
বিৰাট কোহলী (IND vs NZ 1st Test)

স্প’ৰ্টছ ডেস্ক, 18 অক্টোবৰ:ক্ৰিকেটৰ ইতিহাসত ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ নামত আছে কেইবাটাও অভিলেখ আৰু বহু সফলতা ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে বেংগালুৰুত অনুষ্ঠিত প্ৰথমখন মেচৰ সময়তে কোহলীয়ে টেষ্ট ক্ৰিকেটত সম্পূৰ্ণ কৰে 9,000 ৰাণ । কোহলী এই কৃতিত্ব অৰ্জন কৰা চতুৰ্থগৰাকী ভাৰতীয় বেটছমেন ।

কোহলীৰ পূৰ্বে টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা ভাৰতীয় ক্ৰিকেটাৰৰ তালিকাত আছে ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰ, প্ৰাক্তন বেটছমেন আৰু মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ নাম ৷

তেণ্ডুলকাৰে 15,921 ৰাণ সংগ্ৰহ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত টেষ্ট মেচত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা ক্ৰিকেটাৰৰ তালিকাৰ শীৰ্ষস্থানত আছে ৷ তাৰপিছত দ্ৰাবিড়ে 13,265 ৰাণ আৰু গাভাস্কাৰে 10,122 ৰাণ সংগ্ৰহ কৰিছে ।

সামগ্ৰিকভাৱে, বিৰাট কোহলী টেষ্ট ক্ৰিকেটত 9,000 ৰাণৰ মাইলৰ খুঁটি অৰ্জন কৰা 18 নং ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় ৷

কোহলীয়ে বেংগালুৰু টেষ্টত গঢ়িছিল আন এক অভিলেখ ৷ তেওঁ ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীক অতিক্ৰম কৰি ভাৰতৰ দ্বিতীয় সৰ্বাধিক কেপড খেলুৱৈত পৰিগণিত হৈছিল । কোহলীয়ে বৰ্তমানলৈকে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত সকলো ফৰ্মেটতে 536 খন মেচত অংশগ্ৰহণ কৰিছে ৷

এই তালিকাত শচীন তেণ্ডুলকাৰৰ পিছতেই আছে ভাৰতীয় ক্ৰিকেটাৰগৰাকী, যাৰ আটাইতকৈ আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ অভিলেখ আছে । কোহলীয়ে বৰ্তমানলৈকে 664 খন মেচ খেলিছে । এম এছ ধোনী 535 খন মেচৰ সৈতে এই তালিকাৰ তৃতীয় স্থানত আছে ।

বেংগালুৰু টেষ্টৰ তৃতীয় দিনৰ অন্তলৈকে ভাৰতে দ্বিতীয় ইনিংছত বেটিং কৰি 3 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 231 ৰাণ ৷

লগতে পঢ়ক:শচীন তেণ্ডুলকাৰক অতিক্ৰমী 27000 ৰাণ সম্পূৰ্ণ বিৰাট কোহলীৰ - 27000 RUNS IN INTERNATIONAL CRICKET

ABOUT THE AUTHOR

...view details