স্পৰ্টছ ডেস্ক,১৭ ফেব্ৰুৱাৰী :ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা ৰাজকোট টেষ্টত ভাৰতে তৃতীয় দিনৰ খেলত ২ টা উইকেট হেৰুৱাই ১৯৬ ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰ সৈতে, ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে ৩২২ ৰাণৰ অগ্ৰগতি লাভ কৰিছে । ভাৰতৰ হৈ অপেনাৰ যশস্বী জয়ছোৱালে উন্নত প্ৰদৰ্শনেৰে ১০৪ ৰাণ সংগ্ৰহ কৰে । একে সময়তে, বেন ডাকেটৰ ১৫৩ ৰাণৰ বাবে ইংলেণ্ডে প্ৰথম ইনিংছত ৩১৯ ৰাণ সংগ্ৰহ কৰে ।
তৃতীয় দিনৰ প্ৰথম অধিবেশনটো সম্পূৰ্ণৰূপে ভাৰতৰ আছিল । এই অধিবেশনত ভাৰতীয় দলে ইংলেণ্ডৰ তিনিটা উইকেট দখল কৰে । দ্বিতীয় দিনা ইংলেণ্ডে প্ৰথম ইনিংছত বেটিং কৰে আৰু ২ টা উইকেট হেৰুৱাই ২০৭ ৰাণ সংগ্ৰহ কৰিছিল । তৃতীয় দিনা বেটিং কৰি ইংলেণ্ডৰ দলটোৱে দিনটোৰ পঞ্চম অভাৰত জ' ৰুটৰ উইকেট হেৰুৱায় । তেওঁ ১৮ ৰাণ সংগ্ৰহ কৰিছিল । তাৰ পি;ত জনি বেয়াৰস্টো ৰাণ নকৰাকৈ কুলদীপ যাদৱৰ চিকাৰ হয় । তাৰ অলপ পিচতে ১৫৩ ৰাণত খেলি থকা বেন ডাকেটো আউট হয় ।কেপ্টেইন বেন ষ্টকছ মধ্যাহ্ন ভোজনলৈকে ৩৯ ৰাণত আছিল ।
মধ্যাহ্ন ভোজনৰ পিচত বেটিং কৰিবলৈ ওলাই অহা ইংলেণ্ডৰ দলটো এই অধিবেশনত ৩১৯ ৰাণত অলআউট হয় । কেপ্টেইন বেন ষ্টকছক বুমৰাহে ৪১ ৰাণত আউট কৰে । তাৰ পিচত, উইকেটকীপাৰ বেন ফ'কছো আউট হয়। তাৰ পিচত ৰেহান আহমেদ ৬, টম হাৰ্টলি ৯, জেমছ এণ্ডাৰছনে ১ ৰাণ সংগ্ৰহ কৰি আউট হয় । মাৰ্ক উড ৪ ৰাণত অপৰাজিত হৈ থাকে ।