অসম

assam

ভাৰত-বাংলাদেশ টেষ্টৰ পূৰ্বে গৌতম গম্ভীৰ-বিৰাট কোহলীৰ বিশেষ ভিডিঅ’ ভাইৰেল - VIRAT KOHLI VS GAUTAM GAMBHIR

By ETV Bharat Sports Team

Published : Sep 18, 2024, 2:17 PM IST

Gautam Gambhir and Virat Kohli Chat: বাংলাদেশৰ বিৰুদ্ধে দুখন মেচৰ শৃংখলাৰ প্ৰথম টেষ্টৰ পূৰ্বে ভাৰতৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু বেটছমেন বিৰাট কোহলীৰ মাজত হোৱা কথা-বতৰাৰ ভিডিঅ’ পোহৰলৈ আহিছে । পঢ়ক সম্পূৰ্ণ খবৰ...

VIRAT KOHLI VS GAUTAM GAMBHIR
বিৰাট কোহলী আৰু গৌতম গম্ভীৰ (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 18 ছেপ্টেম্বৰ:ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে টীম ইণ্ডিয়াৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ মাজত পূৰ্বে ক্ৰিকেটপ্ৰেমীয়ে নেদেখা কিছু বাৰ্তালাপৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত ৷ এই ভিডিঅ’টোত দুয়োগৰাকীকে মুখামুখিকৈ ​​বহি ইজনে-সিজনৰ লগত কথা পাতি থকা দেখা গৈছে, যি সাধাৰণতে তেওঁলোকৰ মাজত খুব কমেই দেখা যায় বুলিব পাৰি ।

বিৰাট-গম্ভীৰৰ বাৰ্তালাপৰ ভিডিঅ’ মুকলি

বৃহস্পতিবাৰে বি চি চি আইয়ে চেন্নাইৰ এম এ চিদাম্বৰম যাক চেপক ষ্টেডিয়াম বুলিও জনা যায়, তাৰে এটা মাত্ৰ 40 ছেকেণ্ডৰ ভিডিঅ’ শ্বেয়াৰ কৰে ৷ য’ত গৌতম গম্ভীৰ আৰু বিৰাট কোহলীক বাৰ্তালাপ কৰি থকা দেখা গৈছে ৷

ভিডিঅ’টোত বিৰাট কোহলীয়ে গম্ভীৰক সুধিছিল যে, "যেতিয়া আপুনি বেটিং কৰে আৰু বিপক্ষৰ সৈতে কম-বেছি পৰিমাণে কথা-বতৰা চলে, তেতিয়া আপুনি কেতিয়াবা অনুভৱ কৰেনে যে ই আপোনাৰ মেজাজ নষ্ট কৰে ? যাৰ বাবে আপুনি সোনকালে আউট হোৱাৰ সম্ভাৱনা থাকে নে ইয়ে আপোনাক ক্ৰিজত টিকি থাকিবলৈ অধিক প্ৰেৰণা দিয়ে? "

বিগত সময়ত হোৱা বিবাদ সন্দৰ্ভত কি ক’লে ?

কোহলীয়ে সোধা প্ৰশ্নৰ উত্তৰতগৌতম গম্ভীৰে মুখত হাঁহি এটা লৈ ক’লে, "আপুনি মোতকৈ বেছি তৰ্ক কৰিছে" । এই কথা শুনি কোহলীয়ে হাঁহিত বাগৰি পৰে আৰু কয়, "মই ভাবো আপুনি মোতকৈ ভালকৈ এই প্ৰশ্নৰ উত্তৰ দিব পাৰিব" ।

বিৰাটে লগতে কয়, "মই মাত্ৰ কনফৰ্মেচন বিচাৰো । মই ভুল বুলি কোৱা নাই, মাথো বিচাৰো কোনোবাই হয় বুলি কওক, এইটোৱেই সঠিক পথ" ।

ইয়াৰ পিছত ভিডিঅ'টোৰ শেষত বিৰাটে কৈছে, "আমি বহুত মছলা দিছো" । বিৰাটৰ কথা গম্ভীৰ মান্তি হৈ আৰু হাঁহিমুখে তাক স্বীকাৰ কৰা দেখা যায় ৷

লগতে পঢ়ক:হিন্দুৰ ওপৰত অত্যাচাৰ আৰু খেল...একেলগে কিয় ? ভাৰত-বাংলাদেশ টেষ্ট শৃংখলাৰ বিৰুদ্ধাচৰণ শিৱসেনাৰ নেতাৰ - IND VS BAN TEST SERIES

ABOUT THE AUTHOR

...view details