অসম

assam

634 দিনৰ পিছত ৰঙা বলৰ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঋষভ পন্তৰ: দলক উপহাৰ দিলে শতকীয় ইনিংছ - IND VS BAN 1ST TEST

By ETV Bharat Sports Team

Published : 5 hours ago

Rishabh Pant Century After Accident: ভাৰতীয় দলৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্তে বাংলাদেশৰ বিৰুদ্ধে দলক উপহাৰ দিছে এটা সুন্দৰ শতকীয় ইনিংছ ৷ পথ দুৰ্ঘটনাৰ পিছত শতক অৰ্জন কৰি দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাইছে ক্ৰিকেটাৰগৰাকীয়ে ৷

IND VS BAN 1ST TEST
ঋষভ পন্ত (AP PHOTO)

স্প’ৰ্টছ ডেস্ক, 21 ছেপ্টেম্বৰ:ভাৰত-বাংলাদেশৰ মাজত চলি থকা চেন্নাইটেষ্টত উইকেটকীপাৰ বেটছমেন ঋষভ পন্তৰ দুৰ্দান্ত প্ৰদৰ্শন ৷ এই মেচখনত পন্তে উৎকৃষ্ট বেটিংশৈলী প্ৰদৰ্শন কৰি 124 টা বলত সংগ্ৰহ কৰে 100 ৰাণ ৷ পথ দুৰ্ঘটনাত পতিত হৈ দীৰ্ঘদিনে ক্ৰিকেটৰ পৰা আঁতৰত থকা পন্তে দৰ্শনীয় ইনিংছৰ সহায়ত আন্তঃৰাষ্ট্ৰীয় ৰেডবলৰ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটায় ।

দুৰ্ঘটনাৰ পিছত এয়া হৈছে ঋষভ পন্তৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ৰেড বলৰ মেচৰ প্ৰথমটো শতক । বগা জাৰ্ছী পিন্ধি প্ৰথমখন মেচত পণ্টে বাংলাদেশী বলাৰক যধে-মধে প্ৰহাৰ কৰি 124 টা বলত 4 টা ছয় আৰু 11 টা চাৰিৰ সহায়ত সম্পূৰ্ণ কৰে শতক । অৱশ্যে শতক অৰ্জনৰ পিছত বেছি সময়লৈ ক্ৰিজত টিকি থাকিব নোৱাৰিলে বেটছমেনগৰাকীয়ে ৷ ব্যক্তিগতভাৱে 109 ৰাণ সংগ্ৰহ কৰাৰ পিছতে দলে হেৰুৱাই ঋষভ পন্তৰ উইকেট ৷

এই টেষ্ট মেচখনৰ প্ৰথম ইনিংছত 52 টা বলত 39 ৰাণ সংগ্ৰহ কৰি আউট হৈছিল পণ্ট । দুৰ্ঘটনাৰ পূৰ্বে পন্তে অন্তিমখন টেষ্ট মেচ বাংলাদেশৰ বিৰুদ্ধে মীৰপুৰত খেলিছিল । প্ৰায় 634 দিনৰ অন্তত আন্তঃৰাষ্ট্ৰীয় টেষ্টত পুনৰ প্ৰত্যাৱৰ্তন কৰিছে পণ্টে । দললৈ ঘূৰি অহাৰ পিছত প্ৰথমখন মেচতে তেওঁ শতক অৰ্জন কৰি নিজৰ বেটিং দক্ষতা প্ৰমাণ কৰে ।

2022 চনৰ ডিচেম্বৰ মাহত পণ্ট এক ভয়ংকৰ গাড়ী দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । ইয়াৰ পিছত বিগত প্ৰায় ডেৰ বছৰ ধৰি তেওঁ ক্ৰিকেটৰ পৰা আঁতৰি আছিল ৷ দুৰ্ঘটনাৰ পিছত প্ৰথমবাৰৰ বাবে আই পি এলত ক্ৰিকেট খেলিছিল পণ্টে । পৰৱৰ্তী সময়ত তেওঁ স্থান লাভ কৰে টি-20 বিশ্বকাপত, য’ত তেওঁ পুনৰবাৰ নিজৰ প্ৰদৰ্শনেৰে দলত স্থান নিশ্চিত কৰে ।

বাংলাদেশৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে দুলীপ ট্ৰফীত অৰ্ধশতকৰ ইনিংছ খেলি পুনৰবাৰ ৰেডবল ক্ৰিকেটত নিজৰ অস্তিত্ব জাহিৰ কৰিলে পণ্টে । তাৰপিছতে তেওঁ স্থান লাভ কৰে বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাৰ মূল দলত ৷ প্ৰথম ইনিংছত খেলুৱৈগৰাকীয়ে 39 ৰাণ সংগ্ৰহ কৰাৰ পিছত উইকেট হেৰুৱাই যদিও দ্বিতীয় ইনিংছত দৰ্শনীয় শতকৰ ইনিংছ খেলে ক্ৰিকেটাৰগৰাকীয়ে ৷ পন্তৰ এই শতকীয় ইনিংছটোত আছিল 4 টা ছয় আৰু 13 টা চাৰি ৷

সম্প্ৰতি চেন্নাই টেষ্টত শক্তিশালী স্থিতিত আছে ভাৰত ৷ তৃতীয় দিনৰ খেল চলি থকাৰ পৰিপ্ৰেক্ষিতত দলটোৱে বৰ্তমানলৈকে 450 ৰাণৰ অগ্ৰগতি লাভ কৰিছে ৷ ভাৰতৰ হৈ প্রথম ইনিংছত ৰবিচন্দ্ৰন অশ্বিনে শতক অর্জন কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত পন্ত আৰু শুভমন গিলে শতক অর্জন কৰে ৷ গিলে 161 টা বলত 3 টা ছয় আৰু 9 টা চাৰিৰ সহায়ত অৰ্জন কৰে শতক ।

লগতে পঢ়ক:অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ আন এক অভিলেখ, তেনে কৰা প্ৰথমগৰাকী ভাৰতীয়ত পৰিণত - ROHIT SHARMA RECORD

ABOUT THE AUTHOR

...view details