স্প’ৰ্টছ ডেস্ক:ভাৰতীয় ক্ৰিকেট দলৰ বাওঁহতীয়া অ’পেনাৰ যশস্বী জয়ছোৱালে পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টৰ দ্বিতীয় ইনিংছত জয়ছোৱালে গঢ়িছে বহু অভিলেখ ৷
এই খেলখনত যশস্বী জয়ছোৱালে 193 টা বলত 7 টা চাৰি আৰু দুটা ছয়েৰ সহায়ত সংগ্ৰহ কৰিছে অপৰাজিত 90 ৰাণ ৷ দ্বিতীয় দিনৰ খেলৰ শেষলৈকে ক্ৰিজত বৰ্তি আছে ক্ৰিকেটাৰগৰাকী ৷
সমান্তৰালকৈ নিজৰ নামত গঢ়িছে বৃহৎ অভিলেখ ৷ জয়ছোৱাল হৈ পৰিছে এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ছয় কোবোৱা বেটছমেন । ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে পূৰ্বে নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ ব্ৰেণ্ডন মেককুলামৰ নামত থকা এই অভিলেখ ভংগ কৰিবলৈ সক্ষম হয় ।
লিয়নৰ বলত জয়ছোৱালৰ দৰ্শনীয় ছয়
পাৰ্থ টেষ্টত ভাৰতৰ দ্বিতীয় ইনিংছৰ 52 নং অভাৰৰ চতুৰ্থ বলত যশস্বী জয়ছোৱালে নাথান লিয়নৰ বলত এটা ছয় কোবাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ জয়ছোৱালে লং-অনৰ ওপৰেৰে ছয়টো কোবাইছিল ৷ ছয়টো 86 মিটাৰ দূৰত্বত ওফৰি পৰিছিল ৷